শিশু - লীলা
এহিমতে ব্ৰজে আন আনন্দে হৰি।
কৰন্ত ক্রীড়া শিশু-ৰূপ ধৰি।।
যত গোপ শিশু বলাই আদি।
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।
যশোদাৰ আগে দিলেক খল।
খাইলন্ত কৃষ্ণে মাটি একদল।।
শুনিয়া যশোদা সুন্দৰী হাসি।
পুত্ৰৰ হাতত ধৰিলা আসি।।
কেনে মাটি খাইলি অৰে গোপাল।
কোবাই আজি তোৰ ফাৰিবো ছাল।।
শুনিয়া কৃষ্ণৰ হৰিল মাত ৷
চক্ষু টেৰ কৰি মাৱক চান্ত।।
ভয়তে যেন কাম্পৈ হাত-ভৰি।
যশোদা দেখে পুত্ৰ গৈল ডৰি।।
মুখক চাহন্তে লাগয় বেথা।
কিয় মাটি খাইলি সোধন্ত কথা।।
লগৰ শিশু বোলে সমুদায় ।
বলায়ো বোলে তোৰ শ্ৰেষ্ঠ ভাই।।
মাতন্ত কৃষ্ণে যশোদাক চাই ।
মিছা মাতে সবে শুনিয়ো আই।।
কদাচিতো মঞি নখাওঁ মাটি।
দাদা বলভদ্রে মাতন্ত ঘাটি।।
পতিয়ান নাই চৱা বিচাৰি।
হেন শুনি মাতে যশোদা নাৰী।।
বায়ো বেন্ত যেৱে মাটি নখাইলি।
শুনিয়া শিশু-ৰূপী বনমালী।।
চৱা মুখ মেলি মাৱক মাতি ।
বাইলন্ত বেন্ত প্রকাশিয়া আতি।
যশোদা সুন্দৰী দেখন্ত পাছে।
সমস্ত জগত গৰ্ভতে আছে।।
—— শ্ৰীশ্ৰী শংকৰদেৱ
0 Comments
Comment