১) পৰিৱেশ কাক বোলে?
উত্তৰ: কোনো জীৱ বা জীৱ - সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। এই উপাদানসমূহ জৈৱ আৰু অজৈৱ দুয়ো প্ৰকাৰৰ হ'ব পাৰে।
প্ৰখ্যাত ভূগোল-বিজ্ঞানী পিটাৰ হেগেটে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে।
২) জৈৱ উপাদানৰ দুটা উদাহৰণ দিয়া।
উত্তৰ: অনুজীৱ , বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আদি ।
৩) অজৈৱ উপাদানৰ দুটা উদাহৰণ দিয়া।
উত্তৰ: মাটি , পানী, বায়ু আদি ।
৪) পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা উপাদান বা মণ্ডল কি কি ?
উত্তৰ: পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা উপাদান বা মণ্ডল হৈছে -
ক) স্থল মণ্ডল
খ) জল মণ্ডল
গ) বায়ু মণ্ডল আৰু
ঘ) জীৱ মণ্ডল ।
৫) স্থল মণ্ডল কাক বোলে?
উত্তৰ: শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে।
৬) স্থল মণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
উত্তৰ: প্ৰায় ২৯ শতাংশ আগুৰি আছে।
৭) জল মণ্ডল কাক বোলে?
উত্তৰ: পৃথিৱীৰ সাগৰ - মহাসাগৰবোৰে আগুৰি থকা অংশক জল মণ্ডল বুলি কোৱা হয়। তদুপৰি স্থলমণ্ডলত থকা নদ - নদী , হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত।
৮) পৃথিৱীৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে?
উত্তৰ: ৭১ শতাংশ ।
৯) বায়ু মণ্ডল কাক বোলে?
উত্তৰ: অক্সিজেন, নাইট্ৰ'জেন, হাইড্ৰজেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোকে বায়ুমণ্ডল বোলে।
১০) ভূ-পৃষ্ঠৰপৰা কিমান উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে ?
উত্তৰ: প্ৰায় ১০০০০ কিলোমিটাৰ উচ্চতালৈ ।
১১) জীৱ মণ্ডলৰ অন্তৰ্গত এটা মাত্ৰ প্ৰজাতিৰ নাম লিখা।
উত্তৰ: মানুহ।
১২) কি কি কাৰকে পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিবৰ্তন সাধন কৰিছে?
উত্তৰ: পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিবৰ্তন সাধন কৰা কাৰকসমূহ হৈছে :
ক) জনসংখ্যা বৃদ্ধি,
খ) নগৰীকৰণ
গ) যাতায়াত - পৰিবহণৰ পৰিবৰ্ধন আদি ।
১৩) জীৱমণ্ডল আৰু বায়ুমণ্ডলত কু - প্ৰভাৱ পৰাৰ কাৰণ কি?
উত্তৰ: জীৱমণ্ডল আৰু বায়ুমণ্ডলত কু - প্ৰভাৱ পৰাৰ কাৰণ হ'ল - বনাঞ্চল , জলাশয় আদি সংকুচিত হৈ অহা।
১৪) পাৰিৱেশিক সমস্যা কাক বোলে?
উত্তৰ: পৃথিৱীৰ স্থলমণ্ডল , জলমণ্ডল ,বায়ু মণ্ডল আৰু জীৱ মণ্ডলৰ অগণন উপাদানৰ মাজত সম্পৰ্ক ভাৰসাম্য অৱস্থাত নাথাকিলে কিছুমান সমস্যাৰ সৃষ্টি হয়। পৰিৱেশৰ লগত জৰিত এই সমস্যাসমূহক পাৰিৱেশিক সমস্যা বোলে।
১৫) স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকে?
উত্তৰ: ০.০৩৫ শতাংশ।
১৬) বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ কাম কি ?
উত্তৰ:কাৰ্বন ডাই অক্সাইড গেছে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠতো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে।
১৭) বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'লে কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে?
উত্তৰ:বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'লে বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠৰো স্বাভাৱিক উত্তাপৰ পৰিৱৰ্তন ঘটিব।
১৮) কি কি কাৰণত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে?
উত্তৰ: শিল্প-উদ্যোগ, যান-বাহন আদিত বৰ্দ্ধিত হাৰত জীৱাশ্ম ইন্ধন (Fossil fuel) ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কার্বন ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে।
১৯) কোনটো গেছে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে?
উত্তৰ: কাৰ্বন ডাই অক্সাইড গেছে ।
২০) কিহে ভূমিৰ সেউজ আৱৰণ আঁতৰাই ভূমি ক্ষয় (soil erosion) প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে?
উত্তৰ: বননি ধ্বংসৰ প্ৰক্ৰিয়াই ভূমিৰ সেউজ আৱৰণ আঁতৰাই ভূমি ক্ষয় (soil erosion) প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে।
২১)ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক কেই ধৰণে বিবেচনা কৰিব পাৰি?
উত্তৰ:ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক তিনি ধৰণে বিবেচনা কৰিব পাৰি ।
(ক) স্থানীয় সমস্যা (Local problem),
(খ) আঞ্চলিক সমস্যা (Regional problem) আৰু
(গ) গোলকীয় সমস্যা (Global problem)।
২২) স্থানীয় সমস্যা কাক বোলে?
উত্তৰ:উৎপত্তি আৰু বিস্তৃতিৰ ফালৰপৰা স্থানীয় সমস্যাসমূহ একো একোটা সৰু এলেকাত সীমাৱদ্ধ হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, ইত্যাদি সমস্যাসমূহ হৈছে স্থানীয় সমস্যা।
২৩)আঞ্চলিক সমস্যা কাক বোলে?
উত্তৰ: কিছুমান সমস্যা একো-একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে। এই সমস্যাসমূহক আঞ্চলিক সমস্যা বোলে। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী-অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাষ্ট্ৰকো সামৰি ল'ব পাৰে।
২৪)গোলকীয় সমস্যা কাক বোলে?
উত্তৰ: কিছুমান পৰিৱেশ সমস্যাই সমগ্র পৃথিবীকে সামৰি লয়। তেনে সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে। এনে সমস্যাক গোলকীয় সমস্যা বোলে । উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধিৰ (Global warming) দৰে সমস্যালৈ আঙুলিয়াব পাৰি।
২৯) পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি কি ?
উত্তৰ: পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে :
ক) প্ৰদূষণ
খ) মৰুকৰণ
গ) গোলকীয় উত্তাপ বৃদ্ধি
ঘ) ভূমিক্ষয়
ঙ) কৃত্ৰিম বান
চ) ভূমিস্খলন আদি ।
৩০) প্ৰদূষণ কাক বোলে?
উত্তৰ: অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয়।
৩১) প্ৰদূষক কাক বোলে?
উত্তৰ: মানুহে সৃষ্টি কৰা দ্রব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ’লে জীৱজগতৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্রব্যক প্ৰদূষক (Pollutant) বুলি কোৱা হয়।
৩২) প্ৰদূষকৰ উদাহৰণ দিয়া ।
উত্তৰ: ধূলি, ধোঁৱা, ছাঁই, দুৰ্গন্ধ, সীহ, ছালফাৰ ডাই-অক্সাইড, কার্বন-মন’ক্সাইড আদি পৰিৱেশ প্ৰদূষকৰ কিছুমান উদাহৰণ।
৩৩) প্ৰদূষণক কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰ: প্ৰদূষণক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি । যেনে -
ক) মাটি প্ৰদূষণ
খ) পানী প্ৰদূষণ
গ) বায়ু প্ৰদূষণ ।
৩৪) মাটি প্ৰদূষণ কাক বোলে?
উত্তৰ: সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজষ্ক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্রাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক প্ৰদূষিত মাটি বুলি কোৱা হয়।
৩৫) মাটি প্ৰদূষণৰ কাৰণ সমুহ কি কি ?
উত্তৰ: মাটি প্ৰদূষণৰ কাৰণ সমুহ হৈছে :
ক) আধুনিক কৃষিকাৰ্য্য
খ) উদ্যোগৰ প্ৰসাৰ
গ) ক্রমবর্ধিত হাৰত চলি থকা বননি ধ্বংস
ঘ) ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদাৰ্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে।
ঙ) ভূগৰ্ভৰপৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেওঁ সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে।
৩৬) আধুনিক কৃষিকাৰ্য্যই কেনেকৈ মাটি প্ৰদুষিত কৰে?
উত্তৰ: কৃষিৰ আধুনিকীকৰণে কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰব আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্রয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূ-গর্ভস্থ পানী (Underground water) কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰব প্ৰয়োগ কৰিলেও অনিষ্টকাৰী কীটপতংগ আৰু অলাগতীয়াল উদ্ভিদৰ উপৰি মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদুষিত কৰে।
৩৭) বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমাণ কিমান?
উত্তৰ: ৭৮.০৮ শতাংশ ।
৩৮) বায়ুমণ্ডলত অক্সিজেন গেছৰ পৰিমাণ কিমান?
উত্তৰ: ২০.৯৪ শতাংশ ।
৩৯) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ কিমান?
উত্তৰ: ০.০৩৫ শতাংশ ।
৪০) বায়ু প্ৰদূষণ কাক বোলে?
উত্তৰ: প্রাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে, বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়।
৪১) বায়ুমণ্ডল কিদৰে গথিত হৈছে?
উত্তৰ: পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰদ্বাৰা গঠিত। জুলীয়া আৰু গোটা পদার্থও কিছু পৰিমাণে বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰ’জেন (৭৮.০৮ শতাংশ), অক্সিজেন (২০.৯৪ শতাংশ), কার্বন-ডাই-অক্সাইড (০.০৩৫ শতাংশ) আদিয়েই প্রধান।
৪২) বায়ু দূষিতকাৰী কাৰকসমুহ কি কি ?
উত্তৰ: বায়ু দূষিতকাৰী কাৰকসমুহক প্ৰাকৃতিক আৰু মানৱসৃষ্ট হিচাপে ভগাব পাৰি।
ক) প্ৰাকৃতিক কাৰক :
১) বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদ্গিৰণেই প্রধান। উদ্গিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাঁই আৰু গেছীয় পদার্থই বায়ু প্ৰদূষিত কৰে।
২) পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে৷
খ) মানৱসৃষ্ট কাৰক :
১) শিল্প উদ্যোগৰ যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ,
২) আণৱিক বিস্ফোৰণ আদি ।
৪৩) কেতিয়াৰ পৰা বায়ুমণ্ডল দূষিত হ’বলৈ ধৰে ?
উত্তৰ: সাধাৰণতে ইউৰোপত আৰম্ভ হোৱা শিল্প-বিপ্লৱৰ পিছৰেপৰা বায়ুমণ্ডল দূষিত হ’বলৈ ধৰে। ক্রমবর্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই বায়ুমণ্ডলত কার্বন-মন’অক্সাইড (CO), নাইট্ৰ'জেন ডাই-অক্সাইড (NO,), হাইড্ৰ'কার্বন, ছালফাৰ ডাই-অক্সাইড (SO,) আদি বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে।
৪৪) বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ভয়াৱহ পৰিণতি কি?
উত্তৰ: বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ অন্যতম ভয়াৱহ পৰিণতি হৈছে এচিড বৰষুণৰ (Acid rain) সৃষ্টি। যোৱা কেইটামান দশকত বিশেষকৈ ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়া কিছুমান অঞ্চলত এচিড বৰষুণজনিত সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে। পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডাৰ ঔদ্যোগিক এলেকাবোৰত এই সমস্যাই ভয়াৱহ ৰূপ লৈছে। সাধাৰণতে বায়ুমণ্ডলত মাত্রাধিক ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ'জেন ডাই-অক্সাইড সঞ্চিত হ’লে এচিড বৰষুণৰ সৃষ্টি হয়। এনে বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে বিল খাল আদিৰ পানীও প্ৰদূষিত কৰে।
৪৫) এচিড বৰষুণৰ সমস্যাই ভয়াৱহ ৰূপ লোৱা ঔদ্যোগিক এলেকাবোৰৰ নাম লিখা ।
উত্তৰ: পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডা ।
৪৬) বায়ু দূষিত কৰাত অৰিহণা যোগোৱা এটা আগ্নেয় উদ্গিৰণৰ উদাহৰণ দিয়া ।
উত্তৰ: বায়ু দূষিত কৰাত অৰিহণা যোগোৱা এটা আগ্নেয় উদ্গিৰণ হিছাপে ১৯৯১ চনত উদ্গিৰণ ঘটা ফিলিপিন্ছৰ মাউণ্ট পিনাটু’ব’ৰ (Mount (Mount Pinatubo) কথালৈ আঙুলিয়াব পাৰি। এই উদ্গিৰণে ১৫-২০ নিযুত টন পৰিমাণৰ ছালফাৰ ডাই-অক্সাইড গেছ বায়ুমণ্ডলত এৰি দিছিল আৰু বতাহে পৃথিৱীৰ বৃহৎ অংশজুৰি এই দূষিত পদাৰ্থবোৰ বিয়পাই দি বায়ু প্ৰদূষিত কৰিছিল ।
0 Comments
Comment