প্ৰাকৃতিক সম্পদ (ক্লাছ ৮)

প্ৰাকৃতিক সম্পদ (ক্লাছ ৮)

                                প্ৰাকৃতিক সম্পদ 


১) প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰ: মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বোলে । মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভূক্ত।




২) পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমিয়ে আগুৰি আছে?

উত্তৰ: ২৯ শতাংশ।




৩) ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে? 

উত্তৰ: জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে বাঢ়িছে।



৪) ভূমিৰ গঠন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: শিলত হোৱা বিচূৰ্ণীভৱনৰ ফলত ধৰাৰ উপৰিভাগত তুলনামূলক কোমল ভূমিৰ এক তৰপৰ সৃষ্টি হয়।ভূমি গঠনৰ এনে ভূতাত্ত্বিক প্ৰক্ৰিয়াত এক - চেণ্টিমিটাৰ মানৰ ডাঠ ভূমিৰ এটা তৰপ গঠন হ'বলৈ বহু শ বছৰৰ প্ৰয়োজন হয়।



৫) কি কাৰণত পৃথিৱীৰ সকলো ঠাইতে সমানে জনবসতি গঢ়ি উঠা নাই ?

উত্তৰঃ প্ৰধানকৈ জলবায়ু আৰু মাটিৰ গুণাগুণৰ তাৰতম্যৰ বাবে পৃথিৱীৰ সকলো ঠাইতে সমানে জনবসতি গঢ়ি উঠা নাই ।



৬) ভূমি সংৰক্ষণৰ বাবে লব পৰা কিছুমান পদক্ষেপ উল্লেখ কৰা।

উত্তৰ: ভূমি সংৰক্ষণৰ বাবে লব পৰা কিছুমান পদক্ষেপ হৈছে - 

১) মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ - বন আৰু বৃক্ষৰোপণ কৰা।

২)  পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্রয়োগ কৰা।

৩) উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা৷

৪) যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা৷

৫) কৃষিক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ গছনি ৰোপণ কৰা৷

৬) ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা৷




৭) ভূমিৰ ব্যৱহাৰ কেনেদৰে হয়?

উত্তৰঃ 

১) কৃষিকাৰ্য কৰাত

2) উদ্যোগ প্রতিষ্ঠা কৰাত

৩) খনিজ সম্পদ আহৰণত

৪) ৰাস্তা - ঘাট আদি নির্মাণ কৰাত



৮) ভাৰতৰ কিমান শতাংশ মাটি কৃষিকাৰ্যত ব্যৱহাৰ হয়?

উত্তৰঃ ৬০. ৪৩ শতাংশ



৯) কি কি কাৰণৰ বাবে ভূমি সম্পদৰ ক্ষেত্রত সংকটৰ সৃষ্টি হৈছে?

উত্তৰঃ 

(ক) ভূমিস্খলন

(খ) খহনীয়া

(গ) মৰুকৰণ

(ঘ) ভূমিৰ অৱক্ষয়

( ঙ ) মানুহৰ কাৰ্যকলাপ আদি।



১০) ভূমিৰ অৱক্ষয়ৰ প্ৰধান কাৰণবোৰ কি কি ?

উত্তৰঃ 

১) অপৰিকল্পিত কৃষি কাৰ্য

২) ঔদ্যোগীকৰণ 

৩) অৰণ্য আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ

৪) কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ অত্যধিক প্ৰয়োগ

৫) খেতিপথাৰত গঢ়ি উঠা ইটা - ভাটাৰ দৰে উদ্যোগ বোৰেও ভূমিৰ ক্ষতিসাধন কৰে৷



১১) ভূমিস্খলন কাক বোলে?

উত্তৰঃ নেৰানেপেৰা বৰষুণ , ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি   পৰাকে ভূমিস্খলন বোলে।



১২) ভূমিস্খলনৰ প্রধান কাৰণবোৰ লিখা ।

উত্তৰঃ ১/ প্রাকৃতিক কাৰণ; যেনেনেৰানেপেৰা বৰষুণ , ভূমিকম্পৰ জোকাৰণি আদি

২) মানুহৰ কাৰ্যৰ ফলত : পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে | 




১৩) মাটিৰ ক্ষয়ীভৱন কিয় হয়?

উত্তৰ : (ক) ৰ'দ, বতাহ, বৰষুণ , নদী, হিমবাহ আদিৰ কাৰ্যৰ ফলত মাটি ক্ষয়প্ৰাপ্ত হয়৷

(খ) মানুহৰ কাৰ্যৰ ফলতো মাটি ক্ষয় হ'ব পাৰে |

(গ) বেছিকৈ মাটি চহালে সেই মাটি পানীৰ প্রবাহত  উটি যায়।




Post a Comment

0 Comments