ছন্দ
উত্তৰ: নিয়মিত লয়যুক্ত আৰু সুপৰিমিত ধ্বনি বিন্যাসকেই ছন্দ বুলি কোৱা হয়।
যেনে : হেৰা, হেৰা বাটৰুৱা,
মৰমৰ ভাইহঁত;
নেৰিবাঁ নেৰিবা মোক
এই মায়া-বজাৰত।
প্ৰশ্ন: ছন্দ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ: ছন্দ প্ৰধানকৈ দুই প্ৰকাৰৰ।
ক) মিলিতান্ত বা মিত্ৰাক্ষৰ ছন্দ আৰু
খ) অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দ।
প্ৰশ্ন: মিলিতান্ত বা মিত্ৰাক্ষৰ ছন্দ কাক বোলে?
উত্তৰ: যিবোৰ ছন্দৰ প্ৰথম চৰণৰ অন্ত্য আখৰ পৰৱৰ্তী চৰণৰ অন্ত্য আখৰৰ লগত ধ্বনিগত মিল আছে , সেই ছন্দক মিলিতান্ত বা মিত্ৰাক্ষৰ ছন্দ বোলে।
মিলিতান্ত বা মিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ:
দুখীয়াৰ ভগা পজা একোখনি তীৰ্থ তাত
একোখনি পুণ্যৰ আশ্ৰম
মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ
লওঁ যেন পুনৰ জনম্ ।
প্ৰশ্ন: অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দ কাক বোলে?
উত্তৰ:যিবোৰ ছন্দৰ প্ৰথম চৰণৰ অন্ত্য আখৰ পৰৱৰ্তী চৰণৰ অন্ত্য আখৰৰ লগত ধ্বনিগত মিল আছে , সেই ছন্দক অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দ বোলে।
অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ:
অ'ই অনৱগুণ্ঠিতা ফুল্ল শিখৰিণী
ৰঞ্জি মণিকৰ্ণিকাৰ হৰিত মেখলা,
আছাঁ শোভি শুভ্রবেশে ; কৰি সুশোভিত লৌহিত্যৰ তীৰভূমি শ্যামল বননি।”
— ৰঘুনাথ চৌধাৰী।
প্ৰশ্ন: পয়াৰ বা পদ ছন্দ কাক বোলে?
উত্তৰ: পয়াৰ বা পদ ছন্দ (৮+৬=১৪) পয়াৰ ছন্দত প্ৰতি চৰণত চৈধ্যটাকৈ অক্ষৰ থাকে। চৰণে প্ৰতি দুটাকৈ পর্ব থাকে। প্রথম পর্বত আঠোটা আৰু দ্বিতীয় পর্বত ছয়টা অক্ষৰ থাকে। প্ৰথম চৰণৰ দ্বিতীয় পৰ্বৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল আছে। যেনে -
“প্রথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।
সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ।”
তযু নাভি কমলত। ব্রহ্মা ভৈলা জাত।।
যুগে যুগে অৱতাৰ ধৰা। অসংখ্যাত।।”
* কেতিয়াবা প্রথম চৰণৰ অন্ত্য আখৰ আৰু তৃতীয় চৰণৰ অন্ত্য আখৰ, ২য় চৰণৰ অন্ত্য আখৰ আৰু চতুৰ্থ চৰণৰ অন্ত্য আখৰৰ মিল থাকে। যেনে,
“তুমিয়ে জীৱন বন্তি। ক্ষুদ্র জীৱনৰ,
তোমাৰ কাৰণে বেদী। ৰাখিছোঁ সজাই।।
তাত নাই কাৰো ঠাই। এনেকি প্ৰভুৰ, ক
নাই কোনো দেৱ-দেৱী। উপাস্য গোঁসাই।।
( প্রেমাঞ্জলি )
* কেতিয়াবা স্তৱকৰ ২য় আৰু চতুৰ্থ চৰণৰ শেষ আখৰৰ মিলৰ বাহিৰে প্ৰথম আৰু তৃতীয় চৰণৰ অন্ত্য আখৰৰ মিল নাথাকে। যেনে -
“প্ৰগতিৰ যাত্ৰী আমি। যাওঁ আগুৱাই।
লক্ষ্যময় জীৱনৰ। প্রেম বঠা ধৰি।।
স্বদেশ প্ৰীতিৰে আমি। গৰিমা প্ৰচাৰি।
‘অসমী’ক কৰি যাওঁ। বিশ্বত সদৰি।।”
* কেতিয়াবা স্তৱকৰ প্ৰথম আৰু চতুৰ্থ চৰণৰ (ক, ক) আৰু দ্বিতীয় আৰু তৃতীয় চৰণৰ (খ, খ) মিল থাকে। যেনে -
“সৃষ্টিৰ আদিতে যিটো। সত্যৰ প্ৰকাশ।।
তাৰো মাথোঁ প্রতিধ্বনি। বাগৰি বাগৰি।।
অনন্ত কালৰ সত্য। প্রকাশিত কৰি।।
জড় বা চেতন ৰূপে। কৰিছে বিকাশ৷৷”
প্ৰশ্ন: পয়াৰ ছন্দৰ ভাগ দুটা কি কি ?
উত্তৰ: পয়াৰ ছন্দৰ ভাগ দুটা হৈছে -
ক) দীৰ্ঘ পয়াৰ : ১৪ টা অক্ষৰতকৈ বেছি হ'লে তাক দীৰ্ঘ পয়াৰ বোলে।যেনে -
(১) দীর্ঘ পয়াৰ (৮ +৮) :
“হেৰা হেৰা বাটৰুৱা মৰমৰ ভাইহঁত।”
নেৰিবা নেৰিবা মোক এই মায়া
বজাৰত।”
(২) দীর্ঘ পয়াৰ (৮ + ১০) :
“আতমাক দেখা নাই সঁচাকৈয়ে মানুহ চকুৰে।
মানুহেই স্বৰ্গ ৰচে পৃথিৱীৰ ধূলিৰ কণাৰে।
খ) হ্ৰস্ব পয়াৰ: ১৪ টা অক্ষৰতকৈ কম হ'লে তাক হ্রস্ব পয়াৰ কোৱা হয়।
(গ) হ্রস্ব পয়াৰ :
“তোমাৰ গৰ্বত গৰ্বী ; আকলুৱা হিয়া প্ৰেমত ফুলিছে মোৰ জীৱনৰ ফুল; তোমাৰ প্ৰেম সুধাতেই জীৱন মৰণ
তাৰ সাধনাতেই মই বিয়াকুল।”
0 Comments
Comment