সুখ
সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ,
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ ।
দেখিও নেদেখা কিয় দিন-কণা,
সুখ হে হাতত আছে ;
যিয়ে দিব পাৰে স্বাৰ্থ বলিদান
সুখ ফুৰে পাছে পাছে।
অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই;
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই
পৰৰ অভাৱ, পৰৰ দুখত,
হিয়া যদি পমি যায়;
পৰক আপোন কৰিব পাৰিলে
সংসাৰত দুখ নাই ।
শক্তি-সামৰথ পৰৰ সুখত
বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতো সুখ পায় ।
সকলো আপোন যত নৰ-নাৰী,
কাক নো বুলিবা পৰ?
পৰম পিতাৰ সকলো সন্তান
পৃথিৱী আমাৰ ঘৰ।
গাই-গোটা পেটে ভঁৰাল নহ’বা
লোকৰ দুখলৈ চোৱাঁ;
মানুহৰ সেৱা, মানুহৰ পূজা,
পৱিত্ৰ বৰত লোৱাঁ।
‘মই’‘মোৰ’ বুলি নাথাকিবা মজি
মোহৰ জালত পৰি,
‘মই’‘মোৰ’ ভাৱে তললৈ বুৰাব
নাপাব ৰক্ষাৰ তৰী।
সুখৰ দুখৰ মনেই কাৰণ
মনক কৰিবা থিত;
ত্যাগত লভিবা পৰম সন্তোষ,
সাধিবা লোকৰ হিত,
স্বাৰ্থৰ বাটত দুখৰ কাঁইট,
খোজে পতি বিন্ধে হূলে,
নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
সুগন্ধি কুসুম ফুলে ।
যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন,
বিশ্ব প্রেমে ভৰপূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ
সুখৰ নপৰে ওৰ ৷
কবি - আনন্দচন্দ্ৰ আগৰৱালা
0 Comments
Comment