অমৰ বাণী

অমৰ বাণী

 



       

       অমৰ বাণী 




১)  যি সাফল্যৰ প্ৰতিক্রিয়া বেয়া হয় সেই সাফল্য পৰাজয়ৰ সমতুল্য। 


-                         ---------- লা ৰোশফুক -


২) তুমি নিজকে দৰিদ্ৰ বুলি দুখ নকৰিবা, কাৰণ ধন মানেই পৰাক্ৰম নহয়। সাধুতা আৰু পৱিত্ৰতাহে প্ৰকৃত পৰাক্ৰম।


                ------------ স্বামী বিবেকানন্দ 



৩) ঔষধ নহলেও কেৱল পথ্যৰ দ্বাৰা আৰোগ্য লাভ কৰিব পাৰি। কিন্তু পথ্য নোখোৱাকৈ শ–শ বিধৰ ঔষধ সেৱন কৰিলেও ৰোগ আৰোগ্য নহয়।

     

                   ------------ আয়ুর্বেদ শাস্ত্র 


৪) শত্ৰুৰ ভূৱা চুম্বনতকৈ বন্ধুৰ আঘাটেই বেছি ভাল। 


                       –---------- থমাচ বেকেট 



 ৫) সম্পত্তি নাশতকৈ শত্ৰু সৃষ্টি কৰাটো বেছি অনিষ্টকাৰক। সম্পত্তি নাশে -  কোষ বিপন্ন কৰে। শত্ৰুৰ সৃষ্টিয়ে জীৱন বিপন্ন কৰে।

    

                             ---------- -কৌটিল্য


৬)  এজন মানুহে কোৱা কথাৰ ওপৰত বিচাৰ নকৰিবা, তেওঁ কিয় সেইকথা ক’লে সেইটোহে বিচাৰ কৰিবা! 

  

                                   ----------- পেন


৭) প্ৰকৃত গণ বিপ্লৱৰ প্ৰতিটো পদক্ষেপ অসংখ্য তাত্বিক কর্মসূচীতকৈ অধিক বেছি গুৰুত্বপূৰ্ণ। 


                           ---------- কার্লমার্ক্স -


৮) মানুহৰ মাজত থকা অসমতাই হৈছে বিপ্লৱৰ ঘাই কাৰণ।


                             --------– এৰিষ্টটল



 ৯)  বিপ্লৱৰ আহ্বান সাহিত্যত প্রতিধ্বনিত হব লাগে। 


                     ---------– শৰৎচন্দ্ৰ সিংহ 



১০)  বিদ্ৰোহৰ বাবে সংখ্যা গৰিষ্ঠতা নালাগে, লাগে মাথোন কেইজনমান দৃঢ়

চেতীয়া নায়ক আৰু এটা উপযুক্ত কাৰণ।


          ---------— এইচ, এল, মেকমেন



 ১১) বিদ্যালয় এখন কৃত্রিম সমাজ য'ত সমাজৰ মন্দ্বলজনক আৰু গুৰুত্বপূৰ্ণ দিশটোহে প্রতিফলিত হয়। 


                           ---------– পাৰ্চিনান


১২)  ভাৰতীয় দৰ্শনৰ সকলো বিষয় বিজ্ঞানে পৰীক্ষাতে প্ৰমাণ কৰিছে।


                   ----------– ৰাধানাথ ফুকন 


১৩)  কোনো বিপ্লৱেই সফল হৈ নুঠে, যদিহে তাত নাৰী সমাজে অংশগ্ৰহণ ,  নকৰে।


                        ---------- মাও জে, দং


১৪)  যুদ্ধত কোনো বিজয়ী নহয়’ সকলোৱেই পৰাজিতহে হয়। শান্তিৰ যোগেদিহে সকলোৱেই বিজয়ী হ’ব পাৰে।


           ----------— ৰাণাসিংহে প্ৰেমদাস৷ 



১৫)  সামাজিক সচেতনতা হৈছে সংস্কৃতিৰ প্ৰাণ৷ কাৰণ সংস্কৃতিৰ জন্ম থলী হৈছে সমাজ। সমাজক জীপ লৈ সংস্কৃতি জীয়াই থাকে।


                            -------- হেম বৰুৱা 


১৬)  অর্থনীতিয়ে সংস্কৃতিৰ চানেকি নিৰ্ণয় কৰে।


                             ----------- এঞ্জেলছ


১৭)  যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি। 

 

                             ----------— প্লেটো 


১৮) এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেচি। 


                         ----------- জর্জ হাৱাৰ্ট 


১৯)  যেনেকৈ দৰবত কিছু পৰিমাণে বিষ মিহলোৱা হয়, সেইদৰে সততাৰ সৈতেও অসততা মিহলি হৈ থাকে।


                        -------- - লা ৰোশফুকু


২০)  যি ব্যক্তিয়ে প্রতিনিয়ত নিজকে প্রশ্ন কৰিব শিকা নাই যে এতিয়া সত্য পথ কি, তেওঁক লৈ কি কৰিব পৰা যায় মই নাজানো। 


                         -------— কনফুচিয়াচ 



২১) সত্যৰ দ্বাৰাহে সত্য লাভ হয়, হিয়া দান কৰিলেহে পাব পাৰি।

                              ------------ মাৰ্ছেল 



২২) উপকাৰী অসত্যকৈ অপকাৰী সত্যই বেছি ভাল।

   

                          ----------- টমাচ মান



২৩) সদায় সত্যৰ অনুকুলে ব্যাখ্যা কৰিবা।


                             ----------- মহাবীৰ


২৪) সুন্দৰৰ পূজাই হৈছে বৃষ্টি বা সংস্কৃতি।


                    ------------ জ্যোতিপ্ৰসাদ


২৫)  সংসাৰত যিবোৰ ভবা হয় আৰু কোৱা হয় সেইবোৰ ভালকৈ জনাটোকেই সংস্কৃতি বুলি কোৱা হয়।


                        ------ - মেথিউ আর্নল্ড


২৭)  যদি নিজৰ ঘৰখনেই চিজিল লগোৱাটো সম্ভৱ নহয় তেন্তে বিশ্বৰ শ্ৰেষ্ঠ হৈ লাভ কি? 


                    ------- মিখাইল গর্বাচেভ


২৮) যদি মানৱ জাতিক ভাল পাব খোজা তেন্তে তেওঁলোকৰপৰা বেছিকৈ পাবলৈ আশা নকৰিবা।

                     --------- – হেল ভেচিয়চ 



২৯) যিজনে উপকাৰৰ বাবে বৃক্ষৰোপন কৰে তেওঁ ভগৱানৰ আশীৰ্ব্বাদ পায়।


                      ------------ গৌতম বুদ্ধ 


 আশা পোষণ কৰা সবাতোকৈ ভালটোৰ বাবে, অতি শোচনীয় টোৰ বাবে সাজু থাকা আৰু যি পোৱা তাকেই আনন্দেৰে গ্ৰহণ কৰা। 


                                ----------- প্রবাদ 

















Post a Comment

0 Comments