অমৰ বাণী

অমৰ বাণী

 




১) সময়ে মানুহক সলনি কৰি থাকে; কিন্তু একোজন মানুহৰ যিটো ভাব মূৰ্ত্তি আমাৰ মনত খোদিত হৈ যায় তাক সময়ে সলনি কৰিব নোৱাৰে


                           ----------– মাৰ্চেল প্রষ্ট


২)  “এটিকেট” তথা শিষ্টাচাৰে একে সময়তে দুটা উদ্দেশ্য সাধন কৰে। তাৰ সহায়ৰে আপুনি মানুহৰ ওচৰ চাপি যাব পাৰে আৰু তাৰ সহায়েৰেই আপুনি মানুহক বহুত দূৰত ৰাখিব পাৰে৷


                 ---------- ডেভিদ ৰাইজমেন 


৩)  আনৰ নিন্দা শুনিও শান্ত আৰু নীৰৱ হৈ থাকিব পৰাটো জ্ঞানী মানুহৰ লক্ষণ। মানুহৰ বিচাৰে শেষ কথা নহয়। 


               ------------ টমাছ এ কেম্পিছ 


৪)  প্ৰকৃতিৰ বিৰুদ্ধে মানুহক ৰক্ষা কৰাটোৱেই হ’ল সভ্যতাৰ কাম। 


                     -----------ছিগমুণ্ড ফ্রয়েদ


৫)  এই পৃথিৱীখন হ'লহেঁতেন এখন অতি সুন্দৰ হাস্য মধুৰ নাটক – যদিহে তাত মানুহৰ একো ভুমিকা নাথাকিলহেঁতেন। 


                             ----------- দিদেৰো



 ৬) সাময়িক ভাবে হ’লেও মানুহৰ অসুবিধা সৃষ্টি নকৰাকৈ কোনো ধৰণৰ পৰিবৰ্তন হ'ব নোৱাৰে। আনকি বেয়াৰ পৰা ভাললৈ পৰিবৰ্তন কৰিবলৈ হ’লেও কিছু অসুবিধা সৃষ্টি হ’বই।


                       ----------- ৰিচাৰ্ড হুকাৰ 


৭) ভদ্ৰলোকহৈ জন্ম গ্ৰহণ কৰাটো আকস্মিক ঘটনা মাত্র।কিন্তু ভদ্রলোক হৈ মৰিব পঁৰাটো নিজৰ সাধণাৰ ফল। 


                         --------- বব গড়ার্ড 


৮) অট্টালিকাৰ নিচিনাকৈ মানুহৰ মুখৰ ওপৰতো একোটা যুগৰ ৰুছিৰ প্ৰভাৱ পৰে৷ উদাহৰণ স্বৰূপে যুদ্ধৰ পিছৰ যুগৰ মানুহ বোৰৰ মুখ যুদ্ধৰ আগৰ মানুহবোৰৰ মুখৰ নিচিনা নহয়। 


                      --------- ডেভিদ মেণ্ডেলা 


৯) যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্রয়োজন আৰু কিমান কাম কৰিবলৈ বাকী আছে। 


                     ----------– ষ্টিফেন হকিঙ 


১০)  মানুহৰ জীৱনত খাদ্য আৰু গভীৰ নিদ্ৰাৰ যিমান প্রয়োজন আছে, ঠিক সিমানেই প্রয়োজন আছে মাজে মাজে জীৱনৰ পৰা পলায়নৰ৷


                 -------- ডব্লিউ এইচ অ’ডেন



১১) যিমান পাৰা পৰিপূৰ্ণভাবে জীৱনটো যাপন কৰিবা। সেইটো নকৰাটো এটা ডাঙৰ ভূল। যেতিয়ালৈকে তুমি নিজৰ জীৱনটো পৰিপূৰ্ণভাবে যাপন কৰি থাকা সিমান দিনলৈ তুমি আন একো কামত কৃতিত্ব দেখুৱাব নোৱাৰিলেও কোনো ক্ষতি নাই ৷ তোমাৰ যদি জীৱনেই নাথাকিল তেন্তে আননো কি বাকী থাকিল? 


--------- হেনৰি জেইমছ


১২)  বুঢ়া হোৱাটো এটা বেয়া অভ্যাস। কামত ব্যস্ত হৈ থকা মানুহে তেনেকুৱা বেয়া অভ্যাস গঢ়িবলৈ সময় নাপায়। 


                     ----------- আঁদ্ৰে মৰোৱা



১৩) গন্তব্য স্থলত গৈ উপনীত হোৱাতকৈ আশা বুকুত বান্ধি গন্তব্য অভিমুখে আগবাঢ়ি গৈ থকাটো বেছি আনন্দ দায়ক।

 


            ------— ৰবাৰ্ট লুই স্টিভেনচন 



 ১৪যি মানুহে কেতিয়াও ভূল নকৰে তেওঁ জীৱনত আন একোৱে নকৰে। 


                    ------- –ই জে ফেলপছ


১৪)  আপুনি আপোনাৰ একান্ত অনুগামীসকলৰ কথাকে শুনিছে নেকি? যি সকল আপোনাৰ অনুগত নহয় সেইসকলৰ কথা শুনিলেহে আপোনাৰ অধিক লাভ হ’ব। 


                   ---------- ওবাল্ট হুইটমেন -


১৫)  কাৰোবাৰ নিন্দা শুনি যদি তুমি অসন্তুষ্টি প্রকাশ কৰা তেন্তে বুজিব লাগিব যে তুমি সেই নিন্দাৰ যোগ্য।


                         ------------- টেচিটাচ


১৬)  যি মানুহে তোমাৰ অপকাৰ কৰে বা তোমাক আঘাত দিয়ে তুমি তেওঁৰ নিচিনা আচৰণ নকৰিবা। সেইটোৱেই হ’ল তেওঁৰ ওপৰত প্ৰতিশোধ লোৱাৰ আটাইতকৈ উত্তম উপায়।


              ----------  মাৰ্কছ অৰেলিয়াছ -


১৭)  সুস্থ ভাৱে জীয়াই থাকিবলৈ মানুহক দুটা বস্তুৰ দৰকাৰ হয়ঃ কিবা এটা উদ্দেশ্য সিদ্ধিৰ অৰ্থে কৰা কাম বা পৰিশ্ৰম আৰু প্ৰেম। এই দুটা নহ'লেই   মানুহক মানসিক ৰোগে আক্ৰমণ কৰে। -


                  ------------ থিয়োদৰ ৰেইক



১৮) পৰাজয় মানে মৃত্যু। এই নীতিকে সৰোগত কৰি পশু মানুহৰ শাৰীলৈ উঠিছে, আৰু মানুহে আগবাঢ়িছে তাতোকৈ এটা উচ্চতৰ সত্তা হোৱাৰ পথত।


                ---------- এইচ জি ওৱেলছ 



১৯) কিছুমান মানুহৰ কাৰণে বিবেক তেওঁৰ পথ-প্ৰদৰ্শক নহয়। বিবেক হ’ল তেওঁৰ অপকৰ্মৰ সহযোগী।


             --------- - বেঞ্জামিন ডিজৰেলি















Post a Comment

0 Comments