মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম


  ইতিহাস


 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম 



 ১)  গান্ধী-আৰউইন চুক্তি সম্পৰ্কে চমুকৈ লিখা।


উত্তৰ: ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে, ভাৰতৰ ভাইচৰ লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন বুজা-বুজিৰ চুক্তি সম্পন্ন হয়। সেই চুক্তিৰ চৰ্ত অনুসৰি চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে অসংগ্ৰিহীত জৰিমনা মাফ কৰা আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্রহীৰ পৰা অধিগ্রহণ কৰা মাটিবোৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। তাৰোপৰি চৰকাৰে সাগৰ পাৰৰ গাঁওবাসীক প্রয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে শান্তিপূৰ্ণ আৰু অহিংস ধর্মঘট কৰাৰ অনুমতি দিয়ে। কংগ্রেছেও চর্তানুসাৰে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্রত্যাহাৰ কৰে। কংগ্ৰেছে পৰৱৰ্তী ঘূৰণীয়া মেজমেলত অংশগ্রহণ কৰাৰ ইংগিতো প্ৰদান কৰে।



২) গান্ধী - আৰউইন চুক্তি কেতিয়া সম্পন্ন হৈছিল?


উত্তৰ: ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে।



৩) গান্ধী - আৰউইন চুক্তি কাৰ কাৰ মাজত সম্পন্ন হৈছিল?


উত্তৰ : ভাৰতৰ ভাইচৰ লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত ।



৪) দ্বিতীয় ঘূৰণীয়া মেজমেল সম্পৰ্কে চমুকৈ লিখা।


উত্তৰ : ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হয়। মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ পৰা ইয়াত একমাত্ৰ প্রতিনিধি হিচাপে যোগদান কৰিছিল। সংযুক্ত অথবা পৃথক নির্বাচনমণ্ডলী (Electorate) তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মেজমেলখন সফল নহ'ল। ফলস্বৰূপে, গান্ধীজীয়ে হতাশ মনেৰে ভাৰতলৈ ঘূৰি আহিছিল। 


৫) দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল?


উত্তৰ: ১৯৩১ চনত ।


৬) দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল?


উত্তৰ: লণ্ডনত ।


৭) কেতিয়া ৰামজে মেকডোনাল্ডে সাম্প্রদায়িক বাঁটোৱাৰাৰ কথা ঘোষণা কৰিছিল? 


উত্তৰ: ১৯৩২ চনত ।




৮) সাম্প্রদায়িক বাঁটোৱাৰা, ১৯৩২ সম্পৰ্কে চমুকৈ লিখা।


উত্তৰ: আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছোৱাত যেতিয়া ব্ৰিটিছ প্রধানমন্ত্রী ৰামজে মেকডোনাল্ডে ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰাৰ কথা ঘোষণা কৰিলে, ব্ৰিটিছসকলৰ ‘বিভাজন আৰু শাসন নীতি’য়ে এক নতুন ৰূপ লাভ কৰিলে। শিখ, খ্রিষ্টান আৰু মুছলমানৰ দূৰে সংখ্যালঘু সম্প্ৰদায়ক পৃথক নির্বাচনমণ্ডল প্ৰদান কৰাৰ বাহিৰেও, অন্যান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল। সেইসকলকো পৃথক নির্বাচনমণ্ডল প্রদান কৰি অন্য হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল। সেই ঘোষণাৰ বিৰোধিতা কৰি সেই সময়ত কাৰাগাৰত থকা গান্ধীজীয়ে আমৰণ অনশন আৰম্ভ কৰিছিল। এনেদৰে তেওঁ পুনে  চুক্তি (১৯৩২)ৰ জৰিয়তে অন্য হিন্দুৰ লগত হৰিজনসকলকো যুটীয়া নির্বাচনমণ্ডলত অন্তর্ভূক্ত কৰাত সফল হৈছিল। পুনে চুক্তিৰ দ্বাৰা ব্ৰিটিছসকলে বাঁটোৱাৰা নীতিক সংশোধন কৰিবলৈ সন্মত হৈছিল। গান্ধীজীয়ে অস্পৃশ্যতা বিৰোধী আন্দোলনৰ লগত সম্পূৰ্ণৰূপে যুক্ত হৈ পৰিছিল আৰু ইয়াৰ দ্বাৰা হৰিৰ্জন সেৱক সংঘ প্রতিষ্ঠা হৈছিল। 



৯) পুনে চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?


উত্তৰ: ১৯৩২ চনত । 



১০) কোনখন চুক্তিৰ দ্বাৰা ব্ৰিটিছসকলে বাঁটোৱাৰা নীতিক সংশোধন কৰিবলৈ সন্মত হৈছিল?


উত্তৰ: পুনে চুক্তিৰ দ্বাৰা।



১১)কোনখন আইন অনুসৰি ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰাদেশিক আয়ত্ব শাসন প্রদান কৰে?


উত্তৰ:১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্রণয়ন কৰি ।



১২) কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন সম্পৰ্কে চমুকৈ লিখা।


উত্তৰ: ১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্রণয়ন কৰি ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰাদেশিক আয়ত্ব শাসন প্রদান কৰে। নিৰ্বাচনৰ ফল অনুসৰি পাঞ্জাৱ, চিন্দ প্রদেশ আৰু বংগদেশৰ বাহিৰে মুঠ এঘাৰখন প্ৰদেশৰ আঠখনতে কংগ্ৰেছে চৰকাৰ গঠন কৰে। ঔপনিৱেশিক ৰাষ্ট্ৰৰ বিকল্প হিচাপে ভাৰতত কংগ্ৰেছ দলৰ সন্মান অধিক বৃদ্ধি হৈ পৰে।



১৩)  কি কাৰণত কংগ্ৰেছ চৰকাৰে পদত্যাগ কৰিছিল চমুকৈ লিখা।


উত্তৰ: দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নির্বাচিত সদস্যসকলৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে জার্মানিৰ বিপক্ষে ভাৰতকো যুদ্ধত অংশ গ্ৰহণ কৰা বুলি ঘোষণা কৰে। কংগ্ৰেছে দাবী কৰিলে যে যিহেতু ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘোষণা কৰা হৈছে, ‘ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত নোহোৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ’ব নোৱাৰিব। সেই মৰ্মে কংগ্ৰেছৰ সকলোবোৰ মন্ত্ৰী সভাই ১৯৩৯ চনৰ ১ নবেম্বৰত পদত্যাগ কৰে।



১৪) কংগ্ৰেছ মন্ত্ৰী - সভাই কেতিয়া পদত্যাগ কৰিছিল?


উত্তৰ:  ১৯৩৯ চনৰ ১ নৱেম্বৰত ।


১৫) মুছলিম লীগে কেতিয়া মুক্তি দিৱস পালন কৰিছিল?


উত্তৰ: ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।



১৬) মুছলিম লীগৰ লাহোৰ অধিবেশন কেতিয়া হৈছিল?


উত্তৰ: ১৯৪০ চনত ।


১৭) কোনখন অধিবেশনত জিন্নাই তেওঁৰ সভাপতিৰ ভাষণত দ্বিজাতি তত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুছলমানসকলৰ বাবে পৃথক গৃহভূমিৰ দাবীটো উত্থাপন কৰিছিল?


উত্তৰ: ১৯৪০ চনত বহা মুছলিম লীগৰ  লাহোৰ অধিবেশনত।


১৮) কেতিয়া 'আগষ্ট প্ৰস্তাৱ ' ঘোষণা কৰা হৈছিল?


উত্তৰ: ১৯৪০ চনৰ আগষ্ট মাহত।


১৯) কেতিয়া ব্যক্তিগত সত্যাগ্ৰহ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল?


উত্তৰ: ১৯৪০ চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল।


২০) কাৰ নেতৃত্বত ব্যক্তিগত সত্যাগ্ৰহ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল?


উত্তৰ: মহাত্মা গান্ধীৰ নেতৃত্বত।


২১) ব্যক্তিগত সত্যাগ্ৰহ কি ?


উত্তৰ: ১৯৪০ চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত ‘আগষ্ট প্রস্তাৱ' (August offer) ঘোষণা কৰে। ইয়াৰ দ্বাৰা ভাইচৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাই, ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশ গ্রহণক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে। কিন্তু এই ঘোষণাত ভাৰতক স্বাধীনতা প্রদানক লৈ একো উল্লেখ নথকাত, কংগ্ৰেছ আৰু মুছলিম লিগ উভয়ে ইয়াক প্রত্যাখ্যান কৰে। ভাৰতৰ প্ৰতি ব্ৰিটিছসকলে গ্ৰহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪০ চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্রহ কাৰ্যসূচী গ্ৰহণ কৰে। ব্যক্তিগত সত্যাগ্রহক ‘দিল্লীলৈ ব’লক (দিল্লী চলো) সত্যাগ্রহ' বুলিও জনা যায়। এই সত্যাগ্রহত গ্ৰেপ্তাৰ নোহোৱা একোজন সত্যাগ্রহীয়ে এখন নতুন ঠাইলৈ গৈ দিল্লী অভিমুখে যাত্রা কৰিছিল। এই আন্দোলনত প্রথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন আছিল আচার্য বিনোৱা ভাবে।



২২)কোনটো সত্যাগ্রহক ‘দিল্লীলৈ ব’লক (দিল্লী চলো) সত্যাগ্রহ' বুলিও জনা যায়?


উত্তৰ: ব্যক্তিগত সত্যাগ্ৰহক।


২৩) ব্যক্তিগত সত্যাগ্ৰহত প্রথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন কোন আছিল ?


উত্তৰ: আচার্য বিনোৱা ভাবে।


২৪) ক্রিপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল?


উত্তৰ: ১৯৪২ চনত ।


২৫) কাৰ নেতৃত্বত ক্রিপছ মিছন কেতিয়া  আহিছিল?


উত্তৰ: চাৰ ষ্টেনফোৰ্ড ক্রিপছৰ নেতৃত্বত।


২৬) কেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল?


উত্তৰ: ১৯৩৯ চনত ।


২৭) ব্ৰিটিছৰ অত্যন্ত ৰক্ষণশীল প্ৰধান মন্ত্ৰী গৰাকী কোন আছিল?


উত্তৰ: উইনষ্টন চাৰ্চিল ।


২৮) ক্রিপছ মিছনৰ উদ্দেশ্য কি আছিল?


উত্তৰ: ক্রিপছ মিছনৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দল সমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰপৰা সহায় আৰু সমৰ্থন লাভ কৰা।

 ব্ৰিটিছ চৰকাৰে ক্ৰিপছ মিছন গঠন কৰে। ক্ৰিপছৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ প্ৰণয়নৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। 



২৯) ভাৰত ত্যাগ আন্দোলনৰ কাৰণবোৰ কি কি ?


উত্তৰ:  ভাৰত ত্যাগ আন্দোলনৰ কাৰণবোৰ আছিল - 

১) জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি,

২) পূর্ববংগত সন্ত্রাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব।

৩)ক্রিপছ মিছনৰ বিফলতা ।



৩০) কেতিয়া ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল?


উত্তৰ: ১৯৪২ চনৰ আগষ্ট মাহত।


৩১) কোনটো আন্দোলনক আগষ্ট বিপ্লৱ বুলিও জনা যায়?


উত্তৰ: ভাৰত ত্যাগ আন্দোলনক ।


৩২) কোনখন ঠাইত মহাত্মা গান্ধীয়ে আগষ্ট সভাত উদান্ত  ভাষণ দিছিল?  

 

উত্তৰ: আগষ্ট ক্রান্তি মৈদান ।


৩৩)" কৰিম কিম্বা মৰিম" --- এই শ্লোগানটো কোনে দিছিল ?


উত্তৰ: মহাত্মা গান্ধীয়ে।


৩৪) ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয়ত ব্ৰিটিছ সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে।


১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ (Indian Independence League) গঠন কৰা হৈছিল। ইয়াৰ পিছত ১৯৪২ চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ।  বেংকক অধিৱেশনে সুভাষ চন্দ্ৰ বসুকো জাপানলৈ নিমন্ত্ৰণ জনায়। তেওঁৰ জাপানত উপস্থিত হোৱাৰ পিছতে ৰাসবিহাৰী বসুই ভাৰতীয় স্বতন্ত্র লীগৰ সভাপতিৰ আসন খন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়৷ লগতে আই এন এৰ সৰ্বোচ্চ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়।


 ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ প্রাদেশিক চৰকাৰ (যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়) গঠন কৰি ব্ৰিটিছৰ-মুক্ত ভাৰত গঠনৰ সংকল্প গ্রহণ কৰে। ভাৰতীয় জাতীয় সেনা বাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ‘জান্সি ৰাণী ৰেজিমেণ্ট’ নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়।


ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’। ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্ম-সমৰ্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।


সুভাষ চন্দ্র বসুই ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুর্ঘটনাত প্ৰাণ হেৰুৱায় বুলি কোৱা হয়। ফেচীবাদী শক্তিৰ সহায়ত স্বাধীনতা অৰ্জনৰ চেষ্টা কৰা বুলি তেওঁক ভাৰতীয় জাতীয়তাবাদী নেতাসকলৰ একাংশই সমালোচনাও কৰিছিল। একে সময়তে তেওঁক ভাৰতীয় জাতীয় সেনা বাহিনীৰ প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতীয় জনতা আৰু ভাৰতীয় সৈন্যৰ সন্মুখত এটা স্বদেশপ্ৰেমৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে ভাৰতীয়সকলে বন্দনা কৰে। তেওঁক গোটেই দেশবাসীয়ে নেতাজী হিচাপে সন্মানিত কৰিছে।



৩৫) ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল ?


উত্তৰ: ‘জয় হিন্দ’।



৩৬) ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ উক্তিটো কাৰ?


উত্তৰ: সুভাষ চন্দ্র বসুই ।



৩৭) দ্বিতীয় মহাযুদ্ধৰ কেতিয়া অন্ত পৰে?


উত্তৰ: ১৯৪৫ চনত ।


৩৮) কেবিনেট মিছনৰ সদস্যসকল কোন কোন আছিল?


উত্তৰ: ১) ছাৰ ষ্টেফোর্ড ক্রীপছ, 

২)লৰ্ড পেথিক লৰেন্স আৰু

৩) এ. ভি. আলেকজেণ্ডাৰ 



 ৩৯) কেবিনেট মিছনে কি কি অনুমোদন জনাইছিল? 


উত্তৰ:  (১) ব্ৰিটিছ অধিকৃত ভাৰতৰ লগতে দেশীয় ৰাজ্যবোৰক সামৰি বৈদেশিক পৰিক্ৰমা, প্ৰতিৰক্ষা আৰু  যোগাযোগক নিয়ন্ত্ৰণত ৰাখি এখন যুক্তৰাষ্ট্ৰ গঠন কৰা। ভাৰতখন তিনিটা প্রাদেশিক গোটত ভাগ কৰা হ’ব- ‘ক’ গোটত থাকিব ক্রমে মাদ্রাজ, বোম্বাই, কেন্দ্রীয় প্রদেশ, যুক্ত প্রদেশ, বিহাৰ আৰু উৰিষ্যা, ‘খ’ গোটত থাকিব ক্রমে উত্তৰ-পশ্চিম সীমান্ত প্রদেশ, পাঞ্জাব, সিন্ধু প্রদেশ আৰু বেলুচিস্তান আৰু ‘গ’ গ্ৰুপত থাকিব ক্রমে— বংগদেশ আৰু অসম।

 (২) দেশখনৰ ভৱিষ্যত সংবিধান প্রস্তুত কৰিবৰ বাবে এখন সংবিধান সভা (Constituent Assembly) গঠন কৰা হ'ব।

 ৩। সংবিধানখন প্রস্তুত নোহোৱা পর্যন্ত কেন্দ্ৰত এখন অস্থায়ী চৰকাৰ গঠন কৰা হ'ব৷ 


৪০) কেতিয়া মুছলিম লীগে প্ৰত্যক্ষ দাবী দিৱস ( direct action day ) পালন কৰিছিল?


উত্তৰ: ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে।


৪১) ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণা - পত্ৰৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি আছিল?


উত্তৰ: ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণা - পত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ আছিল এনেধৰণৰ— 

(১) ভাৰতবৰ্ষক বিভাজন কৰা হ'ব, 

(২) উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব,

 (৩) পাঞ্জাব আৰু বংগদেশৰ প্রাদেশিক বিধানমণ্ডলে প্রদেশ দুখন বিভাজিত হ'ব নে নহয় নিজে সিদ্ধান্ত গ্রহণ কৰিব,

 (৪) দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব।



৪২) ১৯৪৭ চনৰ ভাৰত স্বাধীন আইনৰ মূল দফাসমূহ কি কি আছিল?


উত্তৰ: ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন অনুমোদন কৰে। ইয়াৰ মূল দফা আছিল -


১) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব ।


২) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেল্থত (British Commonwealth of Nations ) ত দেশদুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব ।


 (৩)প্ৰতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।


(৪) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব।



৪৩) ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল?


উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টত ।


৪৪) পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল গৰাকী কোন?

 উত্তৰ: মহম্মদ আলী জিন্না।


৪৫)স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল গৰাকী কোন?


উত্তৰ: লৰ্ড মাউণ্টবেটেন।


৪৬)স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী গৰাকী কোন?


উত্তৰ: জৱাহৰলাল নেহৰু।


৪৭) ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি বুলি জনা যায়?


উত্তৰ: ৰেডক্লিফ লাইন ।


Post a Comment

0 Comments