প্ৰশ্ন) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰ:লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল ।
প্ৰশ্ন) চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ: ১৮৫৭ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন) কোনে পূৰ্ববংগক অসমৰ লগত সংলগ্ন কৰি 'পূৰ্ব বংগ আৰু অসম' নামৰ এখন প্ৰদেশ গঠন কৰিছিল?
উত্তৰ: ভাইচৰয় লৰ্ড কাৰ্জনে ।
প্ৰশ্ন: পশ্চিমবংগ কি কি অঞ্চলক লৈ গঠন হৈছিল?
উত্তৰ: বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক লৈ পশ্চিমবংগ গঠন হৈছিল।
প্ৰশ্ন: কোনটো আন্দোলনক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম বুলি কোৱা হৈছিল?
উত্তৰ: বংগ ভংগ বিৰোধী আন্দোলনক।
প্ৰশ্ন: কোনখন আইনৰ যোগেদি বংগ প্ৰেছিডেন্সীৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল?
উত্তৰ: ১৭৭৩ খ্ৰীষ্টাব্দত প্ৰৱৰ্তন কৰা নিয়ন্ত্ৰণকাৰী আইন অনুসৰি।
প্ৰশ্ন: কিহৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুগৰাকীক ফ'ৰ্ত উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল?
উত্তৰ: ১৭৭৩ খ্ৰীষ্টাব্দত প্ৰৱৰ্তন কৰা নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা ।
প্ৰশ্ন) এলাহাবাদ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ: ১৭৬৫ চনত।
* মোগল সম্রাট শাহ্ আলম (১৭৫৯-১৮০৬) আৰু ৰবাৰ্ট ক্লাইবৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ (১৭৬৫) যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কর্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল (বংগ, বিহাৰ, উৰিষ্যা) বংগ প্ৰদেশত অন্তর্ভূক্ত হৈছিল।
প্ৰশ্ন: অসম নামৰ প্ৰদেশখন কেনেকৈ গঠিত হৈছিল?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলাৰ (গোৱালগাৱা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ) সৈতে খাছীয়া-জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্রীহট্টক সংলগ্ন কৰি (সৰ্বমুঠ এলেকা ৫৪,১০০ বর্গমাইল, জনসংখ্যা ৪১,৫০,০০০) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে ‘অসম’ নামৰ প্ৰদেশখন গঠন কৰা হয়।
প্ৰশ্ন:নৱগঠিত অসম প্ৰদেশখনৰ মুখ্য আয়ুক্ত পদত কাক দায়িত্ব দিয়া হৈছিল?
উত্তৰ: কৰ্ণেল আৰ এইচ কীটিঞ্জক (Colonel RH Keatings) অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ (১৮৭৪-১৮৭৮) অৰ্পণ কৰা হৈছিল।
প্ৰশ্ন: বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ কি আছিল?
উত্তৰ: অসম নামৰ প্ৰদেশখন গঠন কৰাটোৱেই আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ ।
* গৱৰ্ণৰ ৰবাৰ্ট ক্লাইৱৰ (Robert Clive, ভাৰতবৰ্ষত ক্লাইৱৰ দ্বিতীয় কার্যকাল ১৭৬৫ খ্রীষ্টাব্দ) পৰা লৰ্ড ডেলহাউছীৰ (Lord Delhousie, ১৮৪৮-৫৬ খ্রীষ্টাব্দ) সময়লৈকে প্রায় সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্রাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত কলিকতা, বোম্বাই আৰু মাদ্রাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল। প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক প্রেছিডেণ্ট (President) বিষয়বাব দিয়া হৈছিল আৰু প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটো ‘প্ৰেছিডেন্সি’ হিচাপে জনাজাত হৈছিল।
প্ৰশ্ন: বংগ বিভাজনত লৰ্ড কাৰ্জনক সহায় কৰা ইংৰাজ বিষয়া দুগৰাকীৰ নাম কি?
উত্তৰ: ক) মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত অন্দ্ৰু ফ্ৰেজাৰ ,
খ) অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ।
প্ৰশ্ন:য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।
প্ৰশ্ন: কাছাৰ কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৩২ চনত।
প্ৰশ্ন: খাছীয়া পাহাৰ কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৮৩ খ্ৰীষ্টাব্দত।
প্ৰশ্ন: জয়ন্তীয়া পাহাৰ কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৩৫ খ্ৰীষ্টাব্দত।
প্ৰশ্ন: মটক কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৩৯ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন: শদিয়া ৰাজ্য কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৩৯ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন: খামতি ৰাজ্য কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৪৩ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন: চিংফৌ ৰাজ্য কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৪৩ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন: আঙ্গামী ৰাজ্য কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৫৪ খ্ৰীষ্টাব্দত।
প্ৰশ্ন: ১৮৭৪ খ্ৰীষ্টাব্দলৈকে বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান আছিল?
উত্তৰ: সৰ্বমুঠ মাটিকালি - ২,৫৩,০০০ বৰ্গমাইল ।
জনসংখ্যা - ৪ কোটি ৬০ লাখ।
প্ৰশ্ন: কিমান খ্ৰীষ্টাব্দত ফ্রেজাৰে মধ্য প্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল?
উত্তৰ: ১৯০১ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন: কিমান খ্ৰীষ্টাব্দত অন্দ্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেন্ট গৱৰ্ণৰৰ পদত অধিষ্ঠিত হৈছিল?
উত্তৰ: ১৯০৩ খ্ৰীষ্টাব্দত ।
* অসমত চাহখেতিৰ সম্প্ৰসাৰণ ঘটোৱা ইউৰোপীয় চাহ খেতিয়কসকলে ব্যৱসায়িক সা-সুবিধাৰ কাৰণে সামুদ্রিক জলপথ বিচাৰি বংগদেশৰ চট্টগ্রামলৈকে অসমৰ ভৌগোলিক সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই উদ্দেশ্য আগত ৰাখি অসমৰ মুখ্য আয়ুক্ত উইলিয়াম ৱাৰ্ডে (William E. Ward, ১৮৯৪-৯৬ৰ দ্বিতীয়টো কার্যকাল) চট্টগ্রামসহ ঢাকা আৰু মৈমনসিং জিলা দুখনো অসমৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। অৱশ্যে সেই সময়ৰ বিশৃংখল ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই প্ৰস্তাৱ কাৰ্যকৰী কৰিব পৰা নাছিল।
প্ৰশ্ন:ৰিজলী পেপাৰ বুলিলে কি বুজা?
উত্তৰ: ১ জুন, ১৯০৩ খ্ৰীষ্টাব্দ তাৰিখে ভাইচৰয় লর্ড কার্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্র সচিব (Secretary of state) হাবার্ট ৰিজলীৰ (Hebert Risley) লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ (প্রস্তাব) তৈয়াৰ কৰিছিল। যথা ৰীতি অনুসৰি লণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই ‘আঞ্চলিক পুনর্গঠন সংক্রান্ত টোকা' (Minute on Territorial Re-distribution in India) নামেৰে বিবেচিত হৈছিল। প্ৰভাৱটো ভাৰত সচিব ৰিজলীয়ে ৬ ডিচেম্বৰত (১৯০৩ খ্রীষ্টাব্দ) প্রকাশ কৰাৰ পিছত ৰিজলী পেপাৰ (Risley papers) নামেৰে জনাজাত হৈছিল।
প্ৰশ্ন: বংগ ভংগ বুলিলে কি বুজা?
উত্তৰ: বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক ‘বংগ ভংগ' বুলি জনা যায়।
* ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী— এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ১,০৬,৫৪০ বর্গমাইল। জনসংখ্যা আছিল ৩১ নিযুত। ইয়াৰ ১৮ নিযুত মুছলমান আৰু ১২ নিযুত হিন্দু।
প্ৰশ্ন:' পূৰ্ব বংগ আৰু অসম ' প্ৰদেশখনত কি কি অন্তৰ্ভুক্ত কৰা হৈছিল?
উত্তৰ: বংগ প্ৰদেশখনৰ উত্তৰ আৰু পূব বংগৰ ১৫ খন জিলা অসমৰ সৈতে সংলগ্ন কৰি ' পূৰ্ব বংগ আৰু অসম ' নামৰ প্ৰদেশখন গঠন কৰা হৈছিল।
প্ৰশ্ন: পশ্চিমবংগত কি কি অন্তৰ্ভুক্ত কৰা হৈছিল?
উত্তৰ: বংগ প্ৰদেশৰ অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ , উৰিষ্যা আৰু ছোটনাগপুৰক সংযোগ ঘটাই আনখন পশ্চিমবংগ গঠন কৰা হৈছিল।
প্ৰশ্ন: 'পূৰ্ব বংগ আৰু অসম ' নামৰ প্ৰদেশখনৰ ৰাজধানী কি?
উত্তৰ: ঢাকা।
প্ৰশ্ন: পশ্চিমবংগৰ ৰাজধানী কি?
উত্তৰ: কলিকতা।
প্ৰশ্ন:পূৰ্ব বংগ আৰু অসম ' নামৰ প্ৰদেশখনৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰ: ৩ কোটি ১০ লাখ ।ইয়াৰে ১ কোটি ৮০ লাখ মুছলমান আৰু ১ কোটি ২০ লাখ হিন্দু।
প্ৰশ্ন:পশ্চিমবংগৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ৫ কোটি ৪০ লাখ। ইয়াৰে ৪ কোটি ২ লাখ হিন্দু আৰু ৯০ হাজাৰ মুছলমান।
প্ৰশ্ন: বংগ ভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল?
উত্তৰ: হিন্দু - মুছলমানৰ মাজত একতা ভাঙি দিয়া।
প্ৰশ্ন: " ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰনেৰে বৃহৎ বংগশক্তিক ভাঙি - ছিঙি চুৰমাৰ কৰিব।" - কথাষাৰ কোনে কালৈ লিখিছিল?
উত্তৰ: হাবাৰ্ট ৰিজলীয়ে কাৰ্জনলৈ লিখিছিল।
প্ৰশ্ন: বংগ ভংগৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰ: বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক ‘বংগ ভংগ' বুলি জনা যায়।
বংগ ভংগৰ প্ৰধান উদ্দেশ্য আছিল এনে ধৰণৰ -
ক) বিশাল বংগ প্ৰদেশক এজন লেফটেনেন্ট গভৰ্নৰে সুচাৰুৰূপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই লৰ্ড কাৰ্জনে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল।
খ) কাৰ্জনৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু - মুছলমানৰ মাজত একতা ভাঙি দিয়া।
গ) বংগ ভংগৰ দ্বাৰা লৰ্ড কাৰ্জনে ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল।
প্ৰশ্ন: কেতিয়া লর্ড কার্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে?
উত্তৰ: ১৯০৫ খ্রীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত ।
প্ৰশ্ন: কেতিয়া ভাৰত সচিব জন ব্ৰডৰিকে (John Brodric) তাঁৰ বাৰ্তাৰ যোগেদি বংগ ভংগৰ প্ৰস্তাৱত অনুমোদন জনায়?
উত্তৰ:৯ জুন তাৰিখে।
প্ৰশ্ন: কেতি়য়া ভাৰত-ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল?
উত্তৰ: ১৯ জুলাইত (১৯০৫) ।
প্ৰশ্ন: কেতিয়া বংগ ভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰিছিল ?
উত্তৰ: ১ ছেপ্টেম্বৰত (১৯০৫)
প্ৰশ্ন: কেতিয়া বংগ ভংগ কার্যকৰী কৰাৰ দিন ধার্য কৰিছিল?
উত্তৰ:১৬ অক্টোবৰ ,১৯০৫ ।
প্ৰশ্ন:লর্ড কার্জনে ঘোষণা কৰা (১ ছেপ্টেম্বৰ) বংগ ভংগৰ চাৰিদফীয়া আঁচনিখন সম্পৰ্কে লিখা।
উত্তৰ:লর্ড কার্জনে ঘোষণা কৰা (১ ছেপ্টেম্বৰ) বংগ ভংগৰ চাৰিদফীয়া আঁচনিখন আছিল এনেধৰণৰ-
বংগ ভংগ আঁচনিৰ প্রথম দফা
ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্ৰদেশখনৰ নাম 'পূর্ব বংগ আৰু অসম' হ'ব।
খ)'পূর্ব বংগ আৰু অসম' প্ৰদেশৰ ৰাজধানী হ’ব ঢাকা।
গ)'পূর্ব বংগ আৰু অসম' প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেন্ট গৱৰ্ণৰৰ হাতত অৰ্পন কৰা হব ।
ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ’ব।
দ্বিতীয় দফা
(ক)পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় (High Court) স্থাপন হ'ব।
(খ) সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱাপর্যন্ত প্রদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰৰ্ভুক্ত হ’ব।
তৃতীয় দফা—
(ক) পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ ‘বংগ প্ৰদেশ’ৰ ৰাজধানী কলিকতা হ’ব।
চতুর্থ দফা
(ক)১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কার্যকৰী হ’ব।
প্ৰশ্ন: বংগদেশৰ কেইগৰাকীমান বিখ্যাত চিন্তানায়ক নাম লিখা।
উত্তৰ: সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় , বিপিনচন্দ্ৰ পাল , অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদি আদি।
প্ৰশ্ন: বংগ ভংগ আন্দোলনক স্বদেশী আন্দোলন বুলি কিয় কোৱা হয়?
উত্তৰ: বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু (বিদেশত প্ৰস্তুত কৰা পণ্য) বৰ্জন আৰু স্বদেশী বস্তু (নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত কৰা) গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত বংগ ভংগ আন্দোলন ‘স্বদেশী আন্দোলন' নামে জনাজাত হয়।
প্ৰশ্ন: সঞ্জীৱনী পত্রিকাত স্ম্পাদনা কোনে কৰিছিল?
উত্তৰ: কৃষ্ণকুমাৰ মিত্ৰ ।
প্ৰশ্ন:সঞ্জীৱনী পত্রিকা কেতিয়া প্ৰ্কাশিত হৈছিল ?
উত্তৰ: ৬ জুলাই, ১৯০৪ খ্রীষ্টাব্দত ।
প্ৰশ্ন: ‘বংগৰ সৰ্বনাশ’ নামৰ নিবন্ধটো কোনখ্ন পত্ৰিকাত প্ৰকাশ পইছিল?
উত্তৰ: সঞ্জীৱনী পত্রিকাত ।
প্ৰশ্ন: প্রস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্রথমখন প্রতিবাদী সভা কেতিয়া আৰু কত অনুস্থিত হৈছিল?
উত্তৰ: ১৪ জুলাই, ১৯০৫ খ্রীষ্টাব্দত খুলনাত (বাগেৰবাৰী) অনুষ্ঠিত হৈছিল।
প্ৰশ্ন: কোনে জন্মভূমিক খণ্ড-বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কূটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ’বলৈ সকলোকে আহ্বান জনাইছিল ?
উত্তৰ: সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্রলাল মিত্র প্রমুখ্যে নেতাসকলে ।
প্ৰশ্ন: কিমান চনত কিশোৰগঞ্জত সভা অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৬ জুলাই ,১৯০৫ খ্ৰীষ্টাব্দত ।
প্ৰ্শ্ন:কিমান চনত পাবনাত সভা অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৭ জুলাই ,১৯০৫ খ্ৰীষ্টাব্দত ।
প্ৰশ্ন: কেতিয়া দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল ?
উত্তৰ:২০ জুলাই, ১৯০৫ চনত দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল।
প্ৰশ্ন: কোনখন সভাত বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ?
উত্তৰ: ২০ জুলাই, ১৯০৫ চনত দিনাজপুৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিশাল সভাত ।
প্ৰশ্ন:দিনাজপুৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিশাল সভাত কোনে পৌৰোহিত্য কৰিছিল?
উত্তৰ: দিনাজপুৰৰ মহাৰাজে ।
প্ৰশ্ন: কোনখন সভাত জিলা পর্যায়ত সভা-সমিতি আয়োজন কৰি তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ আঁচনি লোৱা হৈছিল?
উত্তৰ: ২০ জুলাই, ১৯০৫ চনত দিনাজপুৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিশাল সভাত ।
প্ৰ্শ্ন: কেতিয়া ৰিপন কলেজৰ (বর্তমান সুৰেন্দ্ৰনাথ কলেজ) ছাত্ৰসকলে পোনপ্রথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল?
উত্তৰ: ১৮ জুলাই, ১৯০৫ চনত।
প্ৰশ্ন: কেতিয়া ৰিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল-কলেজৰ ছাত্ৰই বিশাল ছাত্র সমাৰোহ আয়োজন কৰি বংগ বিভাজনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল?
উত্তৰ:৩১ জুলাই তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) ।
প্ৰশ্ন: কেতিয়া মহাৰাজা মণীন্দ্ৰচন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হৈছিল?
উত্তৰ: ৭ আগষ্ট তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ)
প্ৰশ্ন: ‘হে বংগ জননী, স্বর্ণ প্রসবিনী... শিখেছি সবাই কৰিতে ভাবনা, বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব...' গীতটি কোনে লিখিছিল?
উত্তৰ:মুকুন্দ দাসে ।
প্ৰশ্ন: কাৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল।
উত্তৰ: সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ।
প্ৰশ্ন: কোনে উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্রদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল?
উত্তৰ:কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ।
প্ৰশ্ন: বিদেশী সামগ্ৰীৰ বেচা-কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যবসায়িক প্রতিষ্ঠানত কি কৰাৰ সিদ্ধান্ত লৈছিল?
উত্তৰ:পিকেটিং ।
প্ৰশ্ন:কেতিয়া উত্তৰ কলিকতাৰ ৰাজাবজাৰত বিশাল জনসভা আয়োজিত হৈছিল?
উত্তৰ:২৩ ছেপ্টেম্বৰ তাৰিখে (১৯০৫ খ্রীষ্টাব্দ) ।
প্ৰশ্ন: কাৰ পৌৰোহিত্যত উত্তৰ কলিকতাৰ ৰাজাবজাৰত বিশাল জনসভা আয়োজিত হৈছিল?
উত্তৰ:আব্দুল ৰছুলৰ পৌৰোহিত্যত ।
প্ৰশ্ন: উত্তৰ কলিকতাৰ ৰাজাবজাৰত বিশাল জনসভা আয়োজিত সভাত কোন কোন মুছলমান নেতা উপস্থিত আছিল?
উত্তৰ: হালিম গজনবী, লিয়াকৎ হুছেইন, মহম্মদ ইছমাইল চৌধুৰী আদি।
প্ৰশ্ন: সাম্প্রদায়িক একতাৰ চিনস্বৰূপে কোনদিনা কলিকতাৰ বিশাল ঐতিহাসিক পদযাত্ৰাত জাতি-বর্ণ নির্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল?
উত্তৰ: ২৩ ছেপ্টেম্বৰ তাৰিখে (১৯০৫ খ্রীষ্টাব্দ) ।
প্ৰশ্ন:কেতিয়া বংগবাসীয়ে ‘জাতীয় শোক দিৱস’ পালন কৰিছিল?
উত্তৰ:১৬ অক্টোবৰ, ১৯০৫ ত ।
প্ৰশ্ন: কাৰ প্ৰস্তাৱমৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা ৰান্ধনি ঘৰত পাক বন্ধ ৰাখিছিল?
উত্তৰ:ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ প্ৰস্তাৱমৰ্মে ।
প্ৰশ্ন:কেতিয়া আৰু কাৰ আহ্বান ক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্রতীক হিচাপে সেইদিনা ৰাখীবন্ধন পালন কৰিছিল?
উত্তৰ:১৬ অক্টোবৰ, ১৯০৫ ত ,কবিগুৰু ৰবীন্দ্ৰনাথ ঠীকুৰৰ আহ্বান ক্ৰমে ।
প্ৰশ্ন: সংগীত ‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগৱান...' গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰ:ৰবীন্দ্ৰনাথ ঠাকুৰে ।
প্ৰশ্ন: কেতিয়া সমগ্ৰ কলিকতাত বংগ ভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয়?
উত্তৰ:১৬ অক্টোবৰ (১৯০৫) ত ।
প্ৰশ্ন: কোনে আনন্দমোহন বসুৱে বংগ ভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে ‘ফেডাৰেল হল’ৰ আধাৰশিলা স্থাপন কৰি বিশাল জনতাক উদ্দেশ্যি সকলোকে বংগ ভংগবিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল?
উত্তৰ: আনন্দমোহন বসুৱে ।
প্ৰশ্ন: কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাছ অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?
উত্তৰ:১৮৯৮ চনত।
প্ৰশ্ন: কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাছ অধিৱেশন, ৰ সভাপতি কোন আছিল?
উত্তৰ:আনন্দমোহন বসু ।
প্ৰশ্ন: ‘বন্দে মাতৰম' গীতটি কাৰ ৰচনা?
উত্তৰ: বংকিমচন্দ্র চট্টোপাধ্যায়ৰ ।
প্ৰশ্ন: স্বদেশী আন্দোলনৰ নেতিবাচক আৰু ইতিবাচক পন্থা কি আছিল?
উত্তৰ:স্বদেশী আন্দোলনৰ নেতিবাচক পন্থা -বিদেশী বস্তু বৰ্জন কৰা।
স্বদেশী আন্দোলনৰ ইতিবাচক পন্থা - স্বদেশী বস্তু গ্ৰহণ কৰা।
প্ৰশ্ন: কোনে কৈছিল— 'বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা।’
উত্তৰ:অৰবিন্দ ঘোষে ।
প্ৰশ্ন: স্বদেশী আন্দোলনৰ কেন্দ্রভূমি কি আছিল?
উত্তৰ:অবিভক্ত বংগদেশ ।
প্ৰশ্ন: স্বদেশী আন্দোলনৰ প্ৰভাৱ অবিভক্ত বংগদেশৰ উপৰিও আৰু কত কত পৰিছিল?
উত্তৰ:দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ-পূব ভাৰত আদি ঠাইত পৰিছিল।
.
প্ৰশ্ন: স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে কিয় গণ্য কৰা হয়।
উত্তৰ: স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়।কাৰণ এই আন্দোলনৰ প্ৰতিটো ক্ষণে বংগবাসীক আলোড়িত কৰিছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল। স্বৰূপতে ই এটা ৰাজনৈতিক আন্দোলন আছিল যদিও সাত বছৰীয়া (১৯০৫-১১) এই আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অর্থনীতি আদি সকলো দিশতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল।
প্ৰশ্ন: স্বদেশী আন্দোলন দমনৰ বাবে চৰকাৰৰ আন্দোলনবিৰোধী কর্মপন্থা কি আছিল?
উত্তৰ:স্বদেশী আন্দোলনৰ সময়ত ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লর্ড কার্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। কিন্তু তথাপি কার্জনে বংগ ভংগবিৰোধী আন্দোলন দুর্বল কৰিব পৰা নাছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীর্ষ নেতাৰ বংগ ভংগবিৰোধী অটল স্থিতিয়ে চৰকাৰক শ’লঠেকত পেলাইছিল। বিপিনচন্দ্র পালে সকলো নেতাক ব্ৰিটিছপ্রদত্ত উপাধি, পদ, পদবী আদি বৰ্জন কৰাৰ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপালকৃষ্ণ গোখলেই পোনপ্ৰথমে ‘নাইটহুড' উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল।
প্ৰশ্ন: স্বদেশী আন্দোলনৰ অৱদান সম্পৰ্কে লিখা ।
উত্তৰ:স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে -
ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হলে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল।
খ) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। ‘একমাত্র গণ-সংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ'— এই ভাবনা স্বদেশী আন্দোদনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল।
গ) লৰ্ড কাৰ্জনে ভইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল— শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব (Administration and exploitation will go hased in hand)। বংগবাসীয়ে সাম্রাজ্যবাদী শাসকৰ এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বর্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্রহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি। সেই কাৰণেই ভাৰতৰ অর্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব ।
ঘ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্র উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত (১৯০৬) পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।
ঙ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰীৰ আন্দোলনৰ প্ৰৱণতা গঢ়ি উঠিছিল। দুটা ঘটনাই বংগদেশৰ নাৰী সমাজক আন্দোলনমুখী কৰি তুলিছিল। প্ৰথমটো আছিল— প্ৰকুল্ল চাকীৰ ফাঁচিৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল। মাতৃসকলে পাকঘৰৰ ৰন্ধন কার্য বন্ধ কৰি গোটেই দিনটো শোকত প্রিয়মাণ হৈ দেশসেৱাৰ প্ৰতি উৎসাহিত হৈছিল। দ্বিতীয়টো আছিল— বংগ ভংগক কেন্দ্ৰ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ অপৰাধত ‘যুগান্তৰ’ পত্রিকাৰ সম্পাদক ভূপেন্দ্রনাথ দত্তক যেতিয়া পুলিচে কঠোৰ শাস্তি বিহিছিল, তেতিয়া দত্তৰ মাতৃ ভুবনেশ্বৰী দেৱীয়ে (স্বামী বিবেকানন্দৰো মাতৃ) দুখ নকৰি সকলো নাৰীক আন্দোলনৰ কাৰণে সাজু হ'বলৈ আহ্বান জনাইছিল। হাজাৰ হাজাৰ নাৰীয়ে পুৰুষৰ লগত সমানে আন্দোলনত ভাগ ল’বলৈ সাজু হৈছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল।
চ)স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।
প্ৰশ্ন: জাতীয় সাহিত্যৰ ক্ষেত্ৰ্ত স্বদেশী আন্দোলনৰ অৱদান সম্পৰ্কে লিখা ।
উত্তৰ:স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্রকাশিত হৈছিল বিভিন্ন সংবাদপত্র, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্রবন্ধ ইত্যাদি।
সংবাদপত্ৰ আৰু আলোচনীসমুহ:
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত ‘বেংগলী’ (১৯০৪), কৃষ্ণকুমাৰ মিত্ৰৰ ‘সঞ্জীৱনী’, (১৯০৬), কালীপ্রসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী’ (১৯০৫), ভূপেন্দ্ৰনাথ দত্তৰ ‘যুগান্তৰ’ (সাপ্তাহিক, ১৯০৬), ব্ৰহ্মবান্ধব উপাধ্যায়ৰ ‘সন্ধ্যা’ (১৯০৬), সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ ‘দি ডন’ (১৯০৬), কুমুদিনী মিত্ৰৰ মহিলা আলোচনী ‘সু-প্রভাত’ (১৯০৬), অৰবিন্দ ঘোষৰ ‘বন্দে মাতৰম' (১৯০৫) আদি সংবাদপত্ৰ আৰু আলোচনীত প্রকাশিত জাতীয়তাবাদী লেখাসমূহে বংগভংগ বিৰোধী আন্দোলনৰ গতি তীব্র কৰি তুলিছিল।
নাটকসমূহ:
স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ প্ৰসাদৰ ‘পলাশীৰ প্রায়শ্চিত্ত’, গিৰীশ ঘোষৰ ‘চিৰাজউদ্দৌলা’ আৰু ‘মিৰ কাছিম’, অমৃতলাল বসুৰ ‘চাব্বাস বাঙালী’, অমৰেন্দ্ৰ নাথ দত্তৰ ‘বংগৰ অংগচ্ছেদ’ ইত্যাদি।
বিখ্যাত গ্রন্থসমুহ:
স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্রন্থকেইখনমান হ'ল— স্বর্ণকুমাৰী দেবীৰ 'জাপানী বীৰ’, প্রমথনাথ ৰায়চৌধুৰীৰ ‘জয় সংগীত’, কার্তিকচন্দ্র দাশগুপ্তৰ ‘নব্য ভাৰত', ৰামেন্দ্ৰসুন্দৰ ত্রিবেদীৰ ‘বংগলক্ষীৰ ব্রতকথা'। ,
গীত:
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ২৩টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। ‘আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি’ শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। ‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে...’ৰ দৰে তীব্র জাতীয় আৱেদনময়ী গীতে চিৰকালে জনপ্রিয়তা লাভ কৰি থাকিব। আন্দোলনৰ সময়ছোৱাত ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয় আদিৰ গীতেও বঙালী জাতিক উদ্বুদ্ধ কৰিছিল। স্বদেশী আন্দেলনৰ পটভূমিত ৰবীন্দ্ৰনাথে ৰচনা কৰা এটা বিখ্যাত প্ৰবন্ধ আছিল ‘ভাই ভাই এক ঠাই'।
অবনীন্দ্রনাথ ঠাকুৰৰ প্ৰচেষ্টাত ‘বংগীয় কলা সংসদ' (১৯০৭) নামৰ জাতীয় অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠিছিল। এই অনুষ্ঠানটোৱে পাশ্চাত্য প্ৰভাৱমুক্ত নির্ভাঁজ ভাৰতীয় চিত্ৰকলাৰ চৰ্চাৰে এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলাত মনোযোগ দিছিল। অবনীন্দ্রনাথ ঠাকুৰে তেওঁৰ সু-বিখ্যাত ‘বংগ মাতা' ছবিখন অংকন কৰি পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলাক প্রতিষ্ঠা কৰিছিল। ভগিনী নিবেদিতাই ‘বংগ মাতা’ক ‘ভাৰত মাতা’ৰ ৰূপ প্ৰদান কৰিছিল।
(খ) জাতীয় শিক্ষা ক্ষেত্ৰ্ত স্বদেশী আন্দোলনৰ অৱদান সম্পৰ্কে লিখা ।
উত্তৰ:জাতীয় শিক্ষা ক্ষেত্ৰ্ত স্বদেশী আন্দোলনৰ অৱদান আছিল অতুলনীয়। স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল। বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কার্লাইলে (R W Carlyle) এখন জাননী জাৰি কৰি (১০ অক্টোবৰ, ১৯০৫) ছাত্ৰসকলক আন্দোলনত ভাগ নল’বলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। ছাত্ৰসকলে কার্লাইলৰ জাননীৰ বিৰুদ্ধে প্রতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্রসভাত (৪ নৱেম্বৰ, ১৯০৫) ‘এণ্টি-চার্কুলাৰ ছ'চাইটী’(Anti-Circular Society) গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা।
বিপিনচন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্র সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। একে সময়তে সতীশচন্দ্র মুখোপাধ্যায় (১৮৬৫-১৯৪৮) সম্পাদিত ‘দি ডন’ (The Dawn) পত্রিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক সেই গোলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সতীশচন্দ্র মুখোপাধ্যায়ে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ (১৮৪৪-১৯১৮) সহযোগত ‘ডন ছ'চাইটি’ (Dawn Society) নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ মহলৰ মাজত দেশাত্মবোধ জাগ্রত কৰাত ব্ৰতী হৈছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কার্লাইল জাননীৰ (১৯০৫) সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল। ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দিছিল৷ পিছদিনা (৬ আগষ্ট) বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ (১৮৪৫-১৯২১) অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মাৰ্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ' নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।
স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ (অসমৰ প্ৰথমগৰাকী আই চি এছ আনন্দৰাম বৰুৱাৰ অন্তৰংগ বন্ধু) অর্থসাহায্যত বেংগল টেকনিকেল ইন্ষ্টিটিউট (Bengal Technical Institute) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্রতিষ্ঠা কৰা হৈছিল।
(গ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰ:স্বদেশী আন্দোলনত সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি 'বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে অংশগ্রহণ কৰিছিল। বংগ বিভাজনবিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্রহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পর্যায়লৈ আগুৱাই নিছিল। স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী (১৮৭৪-১৯৩৩)। বিপ্লৱী ভাবাদর্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্রত, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ-অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। ‘ভাৰতী’ নামৰ পত্রিকা এখন (১৯০৭) সম্পাদনা কৰি বংগ দেশৰ যুৱশক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল।
নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। আয়াৰলেণ্ডত জন্মগ্রহণ কৰা এইগৰাকী মহীয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল (Margaret Elizabeth Noble, ১৮৬৪১৯১১)। কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱকযুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল।
বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল। বংগৰ নাৰীৰ সাহসিকতা সম্পর্কে লণ্ডনৰ ‘ডেইলী' টেলিগ্রাফ' (Daily Telegraph) কাকতত প্ৰকাশ পাইছিল (১১ অক্টোবৰ, ১৯০৭) এনেদৰে— ‘বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপজ্জনক' (The most obstinate and most dangerous antagonist of the English)। -
(ঘ) স্বদেশী শিল্প উদ্যোগৰ ক্ষেত্ৰ্ত স্বদেশী আন্দোলনৰ অৱদান সম্পৰ্কে লিখা ।
উত্তৰ:
স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাতজিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰ্ছ' (১৯০৫) নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। সকলো প্ৰকাৰৰ স্বদেশী সামগ্রী এই প্রতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত (বর্তমান বিধান সৰণী) ‘লক্ষী ভাণ্ডাৰ (১৯০৩) প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰ্ছ' (১৯০৬)।
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনির্ভশীলতাৰ বাতাৱৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশচন্দ্র বসু, প্রফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষী কটন মিল’ (১ আগষ্ট, ১৯০৬) আৰু আচার্য প্রফুল্ল ৰায়ে ‘বেংগল কেমিকেল্ছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি (২৫ জুলাই, ১৯০৬) কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল। বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাৱে হ্রাস পাইছিল।বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰ তাৰিখে আৰ চি দত্তৰ পৌৰোহিত্যত বাৰাণসীত অনুষ্ঠিত প্রথম ‘ভাৰতীয় উদ্যোগ সন্মিলন’ত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পর্কে দেশবাসীক সজাগ কৰি তুলিছিল। এই সন্মিলনৰ যোগেদি বহুতো দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল। এক কথাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে এটা নতুন যুগৰ সূচনা কৰিছিল।
0 Comments
Comment