ওলট-পালট
এক আছিল বুঢ়া-বুঢ়ী
নাছিল সিহঁতৰ ল’ৰা-লুৰী,
কথাই কথাই এদিন দুয়োৰে
লাগি গ'ল বৰ হুৰা-হুৰি।
বুঢ়াই ক’লে ফিতাহি মাৰি,
“শুনিছনে হেৰৌ ঘুগুলী বুঢ়ী
সাদিনত তই যিমান কৰ
এদিনৰ মোৰ কাম;
মিছা কৈছোঁ যদি অমুকা বুঢ়াৰ
সলাই থ’বি নাম।”
বুঢ়ীও উঠিল দাং খাই
উত্তৰ দিলে বুঢ়ালৈ চাই,
“বুঢ়ীৰ যহতে দুবেলা দুমুঠি
খাই আছ তই ভাত,
এদিন মাথোন নহ'লে মই
চেলাই পেলাবি দাঁত।
“কালিলৈ বাৰু পৰমাণ চাম
হালখন লৈ ময়ে যাম
তই হ’বি ঘৰৰ ঘৈণী
হাঁহ-পাৰবোৰ চাবি,
আছে মানে ঘৰৰ কাম
মনোযোগ দিবি।”
“গাই খীৰাবি, ভাত ৰান্ধিবি
আৰু কাটিবি সূতা,
তেতিয়াহে তোক মই বুঢ়া
বুলিম বৰ মতা।”
পিছদিনাখন হ’ল পুৱা
মুখত এখন সুমাই গুৱা
বুঢ়ী ওলাল পোন্ধ মাৰি
কান্ধত নাঙল লৈ,
বুঢ়া থাকিল সেইদিনা
ঘৰৰ ঘৈণী হৈ।
বুঢ়ী আহিল হালৰ পৰা
দুখে-ভাগৰে আধা মৰা
তায়ো পালে সেকা পালি
মুখেৰে নোলায় মাত,
ঘটিয়ে ঘটিয়ে পানী খাইহে
তত্ আহিল গাত।
বুঢ়াই ক’লে হাত যুৰি,
“অ’ মোৰ বুঢ়াৰ লগৰী,
সঁচাকৈয়ে তই ঘৰৰ ঘৈণী
ঘৰৰ লখিমী মোৰ,
মূৰৰ চুলিৰ সমান হৈ
আয়ুস বাঢ়ক তোৰ।”
“শপত খাই ক’লো এই
তোৰ ভাগ আৰু নধৰোঁ মই
তোৰ কামো নহয় ঢিলা
প্রমাণ মাথোঁ চালো,
নলগা জেঙত লগাৰ ফল
হাতে হাতে পালোঁ।”
বুঢ়ীয়ে বোলে, “লাপুং বুঢ়া”
মিছা নকওঁ এক কড়া
হাল বোৱা নহয় তিৰীৰ কাম
মতাৰ ৰন্ধা-বঢ়া,
বুজিলো দুয়ো দুয়োৰে দুখ
ভালদৰে আজিৰ পৰা।”
কবি: অতুলচন্দ্ৰ হাজৰিকা
0 Comments
Comment