অন্ধবিশ্বাস আৰু কুসংস্কাৰ

অন্ধবিশ্বাস আৰু কুসংস্কাৰ

 


 পাঠ : অন্ধবিশ্বাস আৰু কুসংস্কাৰ 




শব্দ - অর্থ: 

১) অপদেৱতা : অহিত বা অপকাৰ সধা দেৱতা; ভূত-প্রেত।


২) অবাঞ্ছিত: যিটো বাঞ্ছা কৰা নহয়, বিচৰা নহয়।


৩) ইতিবাচক : কোনো কথা বা কামৰ প্ৰতি সন্মতিসূচক


৪) কলুষিত: কলংকযুক্ত ।


৫) গতিৰোধক:গতিক বাধা দিয়া ব্যবস্থা। 


৬) গুজৱ:  উৰাবাতৰি।


৭) দেহাবয়ব: দেহৰ গঠন; দেহৰ অবয়ব।


৮) নেতিবাচক : অসন্মতি প্ৰকাশ কৰা, ঋণাত্মক


৯) প্রতিকূলতা:: বিপৰীত অৱস্থা, বাধা।


১০) প্ৰমূল্য : মানদণ্ড, বিশেষ মূল্য।


১১) বন্দিত: যাক বন্দনা কৰা হয়, পূজনীয়। 


১২) বড়ি :ঔষধৰ সৰু ঘূৰণীয়া গুটি।


১৩) ভ্রান্ত বিশ্বাস :ভুল ধাৰণা।


১৪) মনস্তাত্ত্বিক: মনৰ প্ৰকৃতি সম্পৰ্কীয়।



প্ৰশ্ন: কোনে কৈছিল " অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ  আটইতকৈ গধূৰ বোজা"?

উত্তৰ: সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল ।


প্ৰশ্ন: অন্ধবিশ্বাস,  কুসংস্কাৰক কিয় পৃথিৱীৰ আটইতকৈ গধূৰ বোজা বুলি কোৱা হয়?

উত্তৰ: ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল—“অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।” একবিংশ শতিকাৰ বাবেই এক অভিশাপ।

যিদৰে দূষিত বায়ু, অবাঞ্চিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ  প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্রতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰেও প্রেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে জনজীৱনৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত কবলৈ গ'লে অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।

 


প্ৰশ্ন: অন্ধবিশ্বাস কাক বোলে?

উত্তৰ: যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।


 প্ৰশ্ন: কুসংস্কাৰ কি?

উত্তৰ :  যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।


প্ৰশ্ন: উৰাবাতৰি কি? 

উত্তৰ :  যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্রণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, সেয়াই উৰাবাতৰি৷


প্ৰশ্ন: অন্ধবিশ্বাস কাক বোলে? উদাহৰণসহ বুজাই লিখা ।

উত্তৰ: যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।

                  অতীজৰে পৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ উদাহৰণ বহুত পোৱা যায়। ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম যেতিয়া বৃটিছৰ অধীনলৈ আহিল, সেই সময়তে উজনি অসমৰ শদিয়ালৈ খ্ৰীষ্টান ধর্ম প্রচাৰৰ বাবে আহিছিল মিছনেৰীসকল। শদিয়াত মিছনেৰীসকল বহু প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। শদিয়াৰ সেমেকা জলবায়ুত তেওঁলোকৰ অসুখ আৰম্ভ হৈছিল। কলেৰাত আক্ৰান্ত হৈছিল। কেৱল মিছনেৰীসকলেই নহয়, সেই সময়ত কলেৰাত স্থানীয় লোকসকলো আক্রান্ত হৈছিল। মিছনেৰীসকলে স্থানীয় লোকসকলক কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰা নিৰ্মূলৰ বড়ি খাবলৈ দিছিল। কিন্ত স্থানীয় লোকসকলে সেই বড়ি খাবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে ভাবিছিল কোনোবা অপদেৱতাৰ কু-প্ৰভাৱৰ বাবেহে কলেৰাৰ দৰে বেমাৰবোৰ হৈছে। সেইহেতু বেমাৰ 'ভাল হ'বৰ বাবে বড়ি খোৱাৰ পৰিবৰ্তে পূজা-পাতল কৰিবলৈ আৰম্ভ কৰিছিল। তন্ত্র-মন্ত্ৰ, বেজৰ সহায় লৈছিল। দৰৱ খোৱাৰ পৰিবৰ্তে বেজৰ মন্ত্রপূত পানীহে খাইছিল। সেই পানী খাই মানুহ বেছিকৈহে মৃত্যুমুখত পৰিছিল। অসুখ ভাল হ'বৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ঔষধ খাব লাগে। তাৰ পৰিৱৰ্তে সেয়া কোনো অপদেৱতাৰ কাম, অপদেৱতাক পূজা-পাতল দি সন্তুষ্ট কৰিলেই অসুখ ভাল হৈ যাব, এনেধৰণৰ বিশ্বাসবোৰেই হ’ল অন্ধবিশ্বাসৰ উদাহৰণ।


প্ৰশ্ন: কুসংস্কাৰ কি?  উদাহৰণসহ বুজাই লিখা ।

উত্তৰ :  যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।

            যেতিয়া কলেৰাত আক্ৰান্ত স্থানীয় কিছু লোকে উপায়হীন হৈ মিছনেৰীসকলৰ পৰা কলেৰা উপশম হোৱাৰ বড়ি খাইছিল। তেতিয়া সমাজৰ বাকী লোকসকলে মিছনেৰীসকলৰ পৰা লৈ বড়ি খোৱা লোকসকলক জাত গ’ল বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰিছিল। বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালেই জাত-কুল যায়, এইবোৰ কুসংস্কাৰৰ উদাহৰণ। ধৰ্ম, জাত-কুল লৈ আমাৰ সমাজত বহুতো কুসংস্কাৰ আছে। এই কুসংস্কাৰবোৰে বহু সময়ত জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে।  


প্ৰশ্ন: ভূতক লৈ আমাৰ সমাজত থকা অন্ধবিশ্বাসৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ:  ভূতক লৈ আমাৰ সমাজত বহুতো অন্ধবিশ্বাস আছে। গ্রামাঞ্চলত আজিও ৰাতি ভূত ওলায় বুলি বহুতে বিশ্বাস কৰে। দিনত বৰগছৰ তলত বুঢ়াডাঙৰীয়া ওলায় বুলি গুজব ৰটে। ফুটুকানিৰ মাজত যখিনীয়ে কিৰিলি পাৰি হাঁহে বুলি কাহিনী শুনায়। সৰু ল'ৰা-ছোৱালীক ভূতৰ ভয় দেখুৱাই খাবলৈ, শুবলৈ বাধ্য কৰায়। যখিনী আৰু বুঢ়াডাঙৰীয়াৰ ভয় দেখুৱাই সৰু ল'ৰা-ছোৱালীক নদীৰ পাৰলৈ, পুখুৰীৰ পাৰলৈ যোৱাত বাধা দিয়ে। কিন্তু ডাঙৰসকলে এবাৰো ভাবি নেচায় যে সৰুতে মনত সুমুৱাই দিয়া এই ভ্ৰান্ত বিশ্বাসেই সৰু ল'ৰা-ছোৱালীবোৰ ডাঙৰ হোৱাৰ পিছতো, অন্ধবিশ্বাস হিচাপে মনত খোপনি পুতি বহে। ফলস্বৰূপে গধূলি হ'লেই অকলে বাহিৰলৈ যাবলৈ ভয় কৰে৷ জয়াল ঠাই পাৰ হওঁতে ভয়ত পেপুৱা লাগে। কেৱল গাঁও অঞ্চলতে নহয়, চহৰাঞ্চলতো ল’ৰা-ছোৱালীৰ মনত ভূতৰ ভয় আছে।আকৌ কেৱল ল’ৰা-ছোৱালীৰে নহয়, ডাঙৰৰো ভূতৰ প্ৰতি ভয় আছে। এইবোৰ অন্ধবিশ্বাসৰ উদাহৰণ। ভূত-প্রেত, যখিনী-ডাইনী এইবোৰৰ অস্তিত্ব বিজ্ঞানে নস্যাৎ কৰিছে।


প্ৰশ্ন: বর্তমান সময়তো আমাৰ সমাজত এক অন্ধবিশ্বাস 'ডাইনী’ক লৈ সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতিৰ বিষয়ে চমুকৈ লিখা ।  

                              বা

‘ডাইনী'—এক সামাজিক ব্যাধি, এক কল্পিত সন্ত্রাস।'    ----- বহলাই লিখা ।

উত্তৰ: বর্তমান সময়তো আমাৰ সমাজত বিশেষকৈ গ্রামাঞ্চলবোৰত ‘ডাইনী’ক লৈ এক অন্ধবিশ্বাসে গা কৰি উঠিছে৷ ইয়াৰ পৰিণামস্বৰূপে বহুত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি সংঘর্ষ বা হত্যা আদি অমানৱীয় ক্রিয়া-কলাপো সংঘটিত হৈছে। ‘ডাইনী'—এক সামাজিক ব্যাধি, এক কল্পিত সন্ত্রাস। ডাইনী এক ভ্রান্ত বিশ্বাস। অঞ্চলটোত কাৰোবাৰ ঘৰত অসুখ হৈছে। দৰব খাইছে ভাল পোৱা নাই। হয়তো উপযুক্ত চিকিৎসা কৰা হোৱা নাই; কিন্তু প্ৰচাৰ কৰি দিয়ে এইবুলি যে ডাইনীৰ কাৰণেই অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়ালত অসুখ-বিসুখে দেখা দিছে। ডাইনীৰ কাৰণেই অসুখ ভাল হোৱা নাই। এই যে উদ্দেশ্যপ্রণোদিতভাৱে এটা ভ্রান্ত ধাৰণা মানুহৰ মনৰ মাজত সুমুৱাই দিয়া হয়, সেই ধাৰণাটো লাহে লাহে ইজনৰ পৰা সিজনলৈ বিয়পিবলৈ ধৰে। এটা সময়ত ডাইনী বুলি চিহ্নিতজনৰ দৈনন্দিন জীৱনৰ সৰু সৰু বিসংগতিবোৰ অপদেৱতাৰ কালিকা লগা কাৰ্য বুলি সকলোৱে ভাবিবলৈ আৰম্ভ কৰে। আচলতে ডাইনী বুলি সন্দেহ কৰা মানুহজনৰ তেনেকুৱা কোনো বিসংগতি নাথাকে। অন্ততঃ বিজ্ঞানে সেই কথা আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। অথচ অঞ্চলটোৰ কিছুলোকৰ অসুখ, অপায়-অমংগলৰ বাবে এগৰাকী লোকক ডাইনী সজাই সমস্ত দোষ তেওঁৰ ওপৰত জাপি দিয়ে। আচলতে ডাইনী বুলি একো নাই। কিছু লোকে ঈর্ষান্বিত হৈ বা স্বার্থসিদ্ধিৰ বাবে এই অপপ্ৰচাৰ চলায়।


প্ৰশ্ন: আমাৰ সমাজত কাৰোবাৰ গাত ‘আই’ লম্ভে বুলি, ‘শিৱ’ লম্ভে বুলি, কিবা ঐশ্বৰিক শক্তি আহি গাত সোমাই ' বুলি কিদৰে অন্ধবিশ্বাস চলি আছে ?

উত্তৰ: আমাৰ সমাজত কাৰোবাৰ গাত ‘আই’ লম্ভে বুলি, ‘শিৱ’ লম্ভে বুলি, কিবা ঐশ্বৰিক শক্তি আহি গাত সোমাই বুলি মাজে মাজে হৈ চৈ হোৱা শুনা যায়। অদ্ভুত কথা কিছুমান সেই সময়ত প্রকাশ হয়। ‘আই’ গৰাকীয়ে বা ‘শিৱ’ লম্ভাজনে বা ‘ঐশ্বৰিক শক্তি' লাভ কৰাজনে হেনো চুই দিলেই সকলো বেমাৰ ভাল হৈ যায়। মূৰত হাতখন থ'লেই সকলো সমস্যাৰ সমাধান হৈ যায়। তেওঁৰ হাতেদি দিয়া পানী অমৃত সমান। খালে সৌভাগ্যই লগ দিয়ে। এনেধৰণৰ কথাই তোলপাৰ লগায়। আশ্চৰ্যকৰ কথাটো হ’ল একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ যুগতো হাতত দামী স্মার্ট ফোন লৈ শিক্ষিত মানুহৰ লানি নিচিগা সোঁত বয় সেই ‘আই’ৰ, সেই ‘শিৱ’ৰ, 'সেই ঐশ্বৰিক শক্তি লাভ কৰা বুলি গুজব ওলোৱাজনৰ ভৰি দুটা চুবলৈ, তেওঁৰ কাষত থকা পাত্ৰটোৰ পৰা পানী খাবলৈ। সেই পাত্ৰৰ পানী কিমান লেতেৰা ঠিক নাই, সৌভাগ্যৱান হোৱাৰ লোভত সেই লেতেৰা পানীকে পৰম শ্ৰদ্ধাৰে মুখত দিয়ে। আচলতে এইবোৰ অন্ধবিশ্বাসৰে ফল।সহজভাৱে টকা ঘটিবলৈ খুব চতুৰালিৰে কৰা এইবোৰ কিছুমান দুষ্ট লোকৰ কাম। 


প্ৰশ্ন: ‘সোপাধৰা’ৰ নামত আমাৰ সমাজত প্ৰচলিত থকা অন্ধবিশ্বাসৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰ:  ‘সোপাধৰা’ আমাৰ সমাজত প্ৰচলিত থকা আন এক অন্ধবিশ্বাস। কিছুমান ঠাইত ই ‘ল’ৰাধৰা’ বুলিও মানুহৰ মাজত প্ৰচলিত।এই সম্পৰ্কত উৰাবাতৰি এনেদৰে ওলায় যে বেলেগ ঠাইৰ পৰা বেলেগ দেহাবয়বৰ এজন বা দুজন লোক আহি সেই ঠাইৰ সৰু ল'ৰাৰ মুখত সোপা মাৰি ধৰি লৈ যায়। এনে ধৰণৰ গুজব ওলালেই মানুহে সত্যাসত্য বিচাৰ নকৰি অচিনাকি আৰু সচৰাচৰ নেদেখা দেহাবয়বৰ মানুহ দেখিলেই আক্ৰমণ কৰি এক অপ্রীতিকৰ অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰে। এনেধৰণৰ অন্ধবিশ্বাস  হ'ল মানৱ সভ্যতাৰ বাবে একো একোটা ভয়ংকৰ অভিশাপ।  


প্ৰশ্ন: অন্ধবিশ্বাস আৰু কুসংস্কাৰ আমি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰো?

উত্তৰ: অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰাৰ এবিধ আহিলা হৈছে সজাগতা।

সজাগতা মানে সভা পাতি ভাষণ দিয়াটো নাইবা  ৰাস্তাই ৰাস্তাই শোভাযাত্ৰা কৰাটো নহয়। বিদ্যালয়ৰ পাঠ্যক্রমত এই বিষয়টো অন্তর্ভুক্ত কৰিব  লাগিব যাতে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে বুজি পায় অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা। অন্ধবিশ্বাস, কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, একৈশ শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেইটো বুজি পাব লাগিব। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্রতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ-ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়।


তথ্যচিত্র বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। সকলোৱে বুজিব লাগিব যে ‘ডাইনী’ অথবা ‘সোপাধৰা' ৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্রহণ কৰি এচাম স্বাৰ্থপৰ লোকে সমাজত হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কার্য সমাধা কৰিছে। গতিকে এই কথাবোৰ ছাত্ৰ - ছাত্ৰীবোৰে সৰুৰে পৰাই বুজি উঠিব লাগিব ।


 

প্ৰশ্ন : জয়ন্ত মাধৱ বৰাৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধৱ বৰা এগৰাকী শিক্ষা বিভাগৰ  বিষয়া। তেওঁ বর্তমান অসম সচিবালয়, দিছপুৰত কৰ্মৰত। পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জয়ন্ত মাধৱ বৰাৰ এতিয়ালৈকে ৮ খন গল্প সংকলন, ১৩ খন উপন্যাস, ২ খন গৱেষণামূলক গ্রন্থ, ৫ খন অনুবাদ গ্রন্থ, ৫ খন শিশু গ্রন্থ প্রকাশ পাইছে। ইয়াৰ উপৰিও ৩ খন গ্ৰন্থ সম্পাদনা কৰিছে, ৩ খন আলোচনী আৰু ৭ খন স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে। অনাতাঁৰ কেন্দ্ৰ যোগে ৬ খন নাটক আৰু বহু কথিকা, গুৱাহাটী দূৰদৰ্শন আৰু ব্যক্তিগত চেনেলযোগে জয়ন্ত মাধৱ বৰাৰ কাহিনী আৰু চিত্রনাট্যৰে ৬৪ খন ধাৰাবাহিক আৰু ১২ খন তথ্যচিত্ৰ প্ৰচাৰিত হৈছে। ১ খন চলচিত্ৰৰ চিত্ৰনাট্য কৰিছে। বাতৰি কাকত, আলোচনীত বহু প্ৰৱন্ধ, গল্প, উপন্যাস প্রকাশিত হৈ থাকে। জিলা প্রাথমিক শিক্ষা আঁচনি আৰু সৰ্বশিক্ষা অভিযানত কৰ্মৰত অৱস্থাত শিক্ষা বিভাগৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত গৱেষণা পত্ৰ পাঠ কৰিছে।


সন্মান ঃ


(১) “অমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ 

(২) “জাকৈয়া ছোৱালী” গল্প সংকলনৰ বাবে ২০১৩ চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ


(৩) “মৰিয়াহোলা” উপন্যাসৰ বাবে ২০১৪ চনত গোলাঘাট জিলা সাহিত্য সভাৰ চৈয়দ আব্দুল মালিক বঁটা লাভ 

(৪) “মৰিয়াহোলা” উপন্যাসৰ বাবে ২০১৭ চনত সাহিত্য অকাডেমী বঁটা লাভ

 (৫) ২০১৯ চনত ডঃ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ ।


প্ৰশ্ন: অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰধান কাৰণ সমূহ কি কি ?


উত্তৰ: অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰধান কাৰণ সমূহ হৈছে - 


১) প্রথম কাৰণ : সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ ৭৩.১৮ শতাংশ। পুৰুষৰ ৭৮.৮১ শতাংশ আৰু মহিলাৰ ৬৭.২৭ শতাংশ। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে শিক্ষাৰ অভাৱৰ বাবে বুলি কোৱাতকৈ জ্ঞানৰ অভাৱৰ বাবেহে মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ বশৱৰ্তী হয় বুলি ক'ব পাৰি। জ্ঞানৰ অভাৱৰ বাবেই এজন মানুহে তেওঁৰ আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে। ৭৩.১৮ শতাংশ মানুহ শিক্ষিত হোৱাৰ পিছতো জ্ঞানৰ অভাৱ বুলি কিয় কোৱা হৈছে? কাৰণ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লেই মানুহক জ্ঞানী বুলি ক'ব নোৱাৰি। বৰঞ্চ আজিৰ পৰা বহু বছৰৰ আগেয়েই আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নোহোৱা আমাৰ সমাজৰ বহু লোকৰ চিন্তাধাৰা ইমান আধুনিক, বিজ্ঞানসন্মত আৰু বৈপ্লৱিক আছিল যে সেই চিন্তা আজিও প্ৰাসংগিক আৰু মানৱ সমাজৰ বাবে হিতকৰ বুলি প্ৰমাণিত হৈছে। শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূলমন্ত্ৰই আছিল মানৱতা, যি দৰ্শন আজিও বন্দিত আৰু ভৱিষ্যতলৈও বন্দিত হৈ থাকিব। কিন্তু বর্তমান যুগৰ উন্মত্ত ভোগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবার্য পথ হিচাপেহে পৰিণত কৰাইছে। কৃচ্ছ-সাধনাই হ’ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। অথচ এই কৃচ্ছ-সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ অঁতৰাই নিছে ভোগ-বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ, অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্য-কলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্রিত আবেগ। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়নবিমুখিতা। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।


দ্বিতীয় কাৰণ : প্রত্যেক মানুহেই নিজৰ স্বভাৱ, চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে। ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক হ’ব নে নেতিবাচক হ’ব, সেইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত। আচলতে প্ৰতিটো কথাই ইতিবাচক দৃষ্টিভংগীৰে চাব লাগে। তেতিয়াই প্ৰতিটো সমস্যার সমাধান হয় খুব সহজ আৰু শান্তিপূর্ণভাৱে। কিন্তু ভোগসর্বস্ব, অধ্যয়নবিমুখ, গভীৰ চিন্তাৰে নিজক উজ্জ্বলাব নোৱৰা আজিৰ প্ৰায়বোৰ মানুহে কথাবোৰ সন্মুখত ঘটা ঘটনাবোৰ প্ৰায়ে নেতিবাচক দৃষ্টিভংগীৰে চায়। ইতিবাচক চিন্তা কৰিব নোৱৰা সমাজক পংগু সমাজ বুলি গণ্য কৰা হয়। সদায় নেতিবাচক কথা শুনি শুনি আমনি লাগি মানুহে ভাবিবলৈ বাধ্য হৈছে—সমাজত ভাল খবৰ নোহোৱাই হ'ল নেকি? আচলতে সমাজত ভাল কাম বহুত হৈ আছে। নেতিবাচক খবৰৰ ভীৰৰ মাজত সেইবোৰ হেৰাই গৈছে। সকলোৱে এবাৰৰ বাবে যদি ইতিবাচক চিন্তাক গুৰুত্ব দিবলৈ আৰম্ভ কৰে, তেনেহ'লে ফলাফলবোৰো ইতিবাচক হ’ব। হেৰাই যাব সমাজৰ পৰা সকলো নেতিবাচক চিন্তা আৰু ধাৰণা। লগে লগে অপ্রীতিকৰ অমানৱীয় ঘটনাবোৰো সমাজত নঘটা হ’ব।


তৃতীয় কাৰণ : যিবিলাক মানুহক ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে, দেখা গৈছে ক্ষুদ্র ক্ষুদ্র স্বার্থসিদ্ধিৰ বাবে সেই দায়িত্বশীল মানুহবোৰেও কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে কাম-কাজ তেওঁৰ অনুগামীসকলেও অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। এনে কার্য সমাজৰ কাৰণে


কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে। চতুৰ্থ কাৰণ : শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্ৰমণ। ভ্ৰমণৰ যোগেদি মানুহে নজনা কথা জানে, বিভিন্নজনৰ লগত পৰিচয় ঘটে। ভ্রমণে মনৰ পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয়েই, মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? অন্ধবিশ্বাসী হোৱাৰ, কু-সংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ। কিন্তু ভিতৰুৱা অঞ্চলতো প্রচণ্ড আশাবাদী, যোগাত্মক চিন্তাৰ মানুহ নোহোৱা নহয়। সংখ্যাত কম হ’ব পাৰে। সেই মানুহখিনিয়েই ঠাইখনৰ উন্নয়নৰ বাবে অহৰহ লাগি থাকে।


পঞ্চম কাৰণ : স্বাৰ্থপূৰণৰ বাবেও কিছুমান অসৎ প্রবৃত্তিৰ লোকে কেতিয়াবা সমাজত অন্ধবিশ্বাস বিয়পাই দিয়ে। উৰাবাতৰিৰে মানুহক উত্তেজিত কৰি তোলে। ইমান চতুৰালিৰে এই অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্রবৃত্তিৰ লোকজনৰ কিবা এটা স্বার্থ সিদ্ধি হয়, কিন্তু ঘটিব নলগীয়া অমানৱীয় ঘটনা এটাও হয়তো ঘটি যায়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈও উৰাবাতৰি প্ৰচাৰ কৰে। এনেধৰণৰ উৰাবাতৰি আৰু অন্ধবিশ্বাসৰ কথা সেইজনে বিশ্বাস নকৰিব, যিজনে কথাবোৰ যুক্তিৰে বিচাৰ কৰে। তেনেকুৱা এটা মনৰ অধিকাৰী সেইজনহে হয়, যিজন অধ্যয়নৰ দ্বাৰা বাস্তৱমুখী জ্ঞানেৰে সমৃদ্ধ হয়।

ষষ্ঠ কাৰণ ঃ আৰু এটা প্ৰৱণতা আছে আমাৰ মাজত। কষ্ট নকৰাকৈ কম আয়াসতে আমার সকলো লাগে। কষ্ট নকৰাকৈ সাফল্য লাগে, কষ্ট নকৰাকৈ ধন-সম্পত্তি ঘটিবলৈ লাগে, ভোগ-বিলাসত মত্ত হ'বলৈ লাগে। সহজে সকলো পাবৰ বাবেও অন্ধবিশ্বাসী হয়।


সপ্তম কাৰণ ঃ মূল কথাটো হ'ল মনোবৃত্তি। অন্ধবিশ্বাস, কু-সংস্কাৰৰ গৰাহত নপৰিবৰ বাবে লাগিব এটা যুক্তিবাদী মন, লাগিব বিজ্ঞানমনস্কতা। আচলতে আমি বিজ্ঞান এটা বিষয় হিচাপে গণ কৰোঁ। ভাবো, বিজ্ঞান কেৱল শ্ৰেণীকোঠাত পঢ়া এটা বিষয়। সেই কাৰণেই বিজ্ঞান বিষয়টো বৰ টান টান লাগে। সেই কাৰণেই বিজ্ঞান বুলি ক'লে ভয় লাগে। প্রকৃত অৰ্থত বিজ্ঞান কেৱল এটা বিষয় নহয়। বিজ্ঞান এক সংস্কৃতি। বিজ্ঞান এক সভ্যতা। বিজ্ঞান সর্বব্যাপী। বিজ্ঞান জীৱন ধাৰণৰ এটা প্ৰণালী। কেৱল শ্রেণীকোঠাৰ ভিতৰতেই নহয়, আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ আৱশ্যক। সাধাৰণ মানুহে যে বিজ্ঞান বুজিব নোৱাৰে এনে নহয়। সকলোৱে বিজ্ঞান বুজিব পাৰে আৰু ক’ব নোৱৰাকৈয়ে সকলোৱে বিজ্ঞানৰ ধাৰণাসমূহ, সূত্ৰসমূহ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিও আছে। মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্রতিষ্ঠিত হ'লেহে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰিব পৰা যাব।


Post a Comment

0 Comments