দিনকনা
হেৰা, হেৰা বাটৰুৱা,
মৰমৰ ভাইহঁত ;
নেৰিবাঁ নেৰিবা মোক
এই মায়া-বজাৰত।
দুহাত যুৰিছো মই
কাবউ-কাকূতি কৰি;
অকলে নেৰিবাঁ মোক
আলাই-আথানি কৰি ।
তোমালোকো যোৱাঁগৈ
মোকো হেৰা লই যোৱাঁ ;
দুখীয়া নিচলা বুলি
এফেৰি উভতি চোৱাঁ ।
হাতৰ লাখুটি ইযে
মেলি দিছে হেৰা ভাই ;
ধৰাঁ, ধৰি কোনোমতে
নিয়াঁ মোকো আগুৱাই।
কেনিবা যাবগৈ লাগে
চকুৰে নমনো মই,
খুন্দা ও খুন্দলি খাই
যেনি তেনি পৰোঁ গই ।
আমাৰ নিচিনা এনে
দুখীয়া লেহেৰা দেও,
এই বিশ্ব-বজাৰত
নাই আৰু ক’তো কেও ।
সি দেখি মাতিছো মই
অতযে মিনতি কৰি ,
আহাঁ, আহাঁ, ভাইহঁত
নিয়া মোকো বাহু ধৰি ।
বেছিতো নালাগে মোক
এফেৰি পোহৰ মুঠে ,
তাকে পালে উলাহতে
হিয়া মোৰ নাচি উঠে ।
এটুপি চকুৰ লো,
এখনি কোমল হিয়া,
এষাৰি ‘আয়ৈ দেহি',
আৰু এটি হুমুনিয়া;
ইয়াৰ উপৰি আৰু
একোকে নেলাগে মোক
ইয়াকে পালেই মোৰ
গুচি যাব যত শোক ।
আমনি নকৰোঁ আৰু
কাকো ক’তো,হেৰা ভাই
আহাঁ, আহাঁ, ঘুৰি আহি
নিয়াঁ মোকো আগুৱাই ।
আগে আগে তোমালোক,
পিছে পিছে ময়ো যাওঁ,
তযু পোহৰৰে যেন
এচেৰেঙা ময়ো পাওঁ ।
নহ’লে মৰিম মই
আলাই-আথানি হই,
কেনিবাদি এন্ধাৰত
খালে বামে পৰি অই ।
ওখোৰা-মোখোৰা বাট
তাতে ই এন্ধাৰ ঘোৰ,
তদুপৰি দুই কান্ধে
মেটমৰা ভাৰ মোৰ ।
খোজে পতি উজুটিত
চুলি-আগে গৈছে জীৱ,
হায়,আগে জনা হ’লে
আজি এনে দশা কিয়?
বজাৰত ভোল গ’লো
লীলা-মলা চাই চা
চাকি তেল শলিতাযে
নেবেহালো, হায় হায়!
এতিয় বুৰিল বেলি,
হ’লহি এন্ধাৰ ঘোপ,
লাহে লাহে ভাগিলেহি
গৰাকীৰো দলদোপ !
অকলে কেনেকৈ যাওঁ
কি হ’ব উপায় মোৰ
সাৰথিও নাই,নাই
কিম্বা চাকি বন্তি জোৰ ।
নিগমে মৰিলো মই
কোন কেনি আছহক,
উধাৰাঁহি আজি এই
দিনকণা অধমক ।
এনেনো ধেন্দেলা মো
কৰিলে বিধিয়ে হায়,
উহু, কি কপাল পোৰা !
ভৰিও পিছলি যায় ।
খোজে পতি ঘৰামুটি
ঘনে টেলঙনি খাওঁ;
‘সহায় সহায়’ কৰি
ইপিনে-সিপিনে চাওঁ ।
নেপাওঁ কেনিও হায়
এখনি সহায়-হাত,
নুশুনো কেনিও হায়,
এষাৰি সুৱলা মাত ।
যাৰেই গুৰিলৈ যাওঁ,
সেয়ে মুখ ওফোন্দায়,
চকুহে টেলেকা কৰি
গোৰোঙাকৈ ঘূৰি চায়।
যেয়ে সেয়ে চেই চেই
য’তে ত’তে দূৰ দূৰ
যাকে মাতোঁ, সেয়ে মাৰে
কিল, ভুকু, লাঠি, গোৰ
হায়, কি কপাল মোৰ
এয়েনে আছিল লেখা ?
উহু, কি এন্ধাৰ বাট
নেপাওঁ অকণো দেখা ।
সাৰথি মাথোন এই
কণাৰ লাখুটিডালি,
তাৰেহে খোপনি পুতি,
কোনোমতে হালি-জালি
এখুজি দুখুজি কৰি
আহিছো হে ভাইহঁত,
নেঠেলিবাঁ নেঠেলিবাঁ,
লোৱাঁ মোকো কাষৰত ।
কাবউ কৰিছো মই
দুখনি ভৰিত পৰি
নিচলা আতুৰ বুলি
নিয়াঁ মোকো ধৰি ধৰি;
খন্তেকলৈ খেনি কৰি
খন্তেকলৈ অপমান,
কিয় ভাই,নাহকতে
বিনাশিবা এটি প্ৰাণ ?
এতেকেহে লগে-ভাগে
নিয়াঁ নিয়াঁ বাহু ধৰি,
কোনোমতে ময়ো যাতে
যাব পাৰোঁ মৰি পৰি ।
দেখোঁ অত কাকূতিতো
নাহিলেযে কেও হায়,
মানুহৰপৰা তেন্তে
আশা আৰু নাই নাই ।
এবে তোমাকেহে খাটোঁ
হে প্ৰভু, দয়াময়,
আজি মহাবিপদত
বিতত বিচূৰ্তি মই;
কেৱে নেতাৰিলে মোক ;
নেলাগিল কাৰো বেথা;
তুমিয়েহে তৰোৱাঁহি
ভাঙি এই মহা লেঠা;
অগতিৰ গতি তুমি
অনাথৰ নাথ শুনো;
তেন্তে ই বিলাই মোৰ
চাই আছা কেনেকৈনো ?
কণা অধমৰ ফালে,
কৃপা-চকু মেলি চাই,
তাৰাঁহি হে দয়াময়,
ৰসাতলে গ’লো হায় !
কবি : মফিজুদ্দিন আহমদ হাজৰিকা ।
0 Comments
Comment