ভূপেন হাজৰিকাৰ গীত

ভূপেন হাজৰিকাৰ গীত

 

ভূপেন হাজৰিকাৰ গীত 




অ'‌ বিদেশী বন্ধু 

দুৰ্ভগীয়া!

আজি কিয়নো বন্ধু 

অকশৰীয়া!

প্রতিধনি শুন কান্দোনৰ

প্ৰেমৰ সাগৰে জাহাজ মেলিলি 

নাপালি কোনো বন্দৰ 

সৰু চাকনৈয়াতে বন্দী হ'লি 

হেৰুৱালি টোৰ লঙ্গৰ



চিৰসেউজতে চামেলি দেখিলি

অতি মনোমুগ্ধকৰ 

লিৰিকি - বিদাৰি সুগন্ধি লওঁতেই

চামেলি হ'লগৈ পৰ।।




                                                     ***********





অগ্নিযুগৰ ফিৰিঙতি মই 

নতুন অসম গঢ়িম

সৰ্বহাৰাৰ সৰ্বস্ব 

পুনৰ ফিৰাই আনিম 

নতুন অসম গঢ়িম ।

নৰ কংকালৰ অশ্ৰ সাজি 

শোষণকাৰীক বধিম

সৰ্বহাৰাৰ সৰ্বস্ব 

পুনৰ ফিৰাই আনিম ।

ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত 

জাতিৰ অহংকাৰ লয় পাব তাত , 

অস্পৃশ্যতাৰ মহাদানৱক 

আপোন হাতেৰে নাশিম

নতুন অসম গঢ়িম ।

হৰিজন পাহাৰী হিন্দু - মুছলমানৰ

বড়ো কোচ চুতীয়া কছাৰী আহোমৰ 

অন্তৰ ভেদি মৌ বোৱাম 

ভেদাভেদৰ প্ৰাচীৰ ভাঙি 

সাম্যৰ সৰগ ৰচিম ।

Post a Comment

0 Comments