LOCAL GOVERNMENT: MEANING AND DEFINITIONS
স্থানীয় চৰকাৰ বুলিলে তৃণমূল পৰ্যায়ত, জনসাধাৰণৰ আটাইতকৈ ওচৰত চলি থকা প্ৰশাসন ব্যৱস্থাক বুজোৱা হয়।
গ্ৰাম্য স্থানীয় শাসন বুলিলে স্থানীয়, নিৰ্বাচিত সংস্থাৰ দ্বাৰা গ্ৰাম্য অঞ্চলৰ প্ৰশাসন আৰু পৰিচালনাক বুজোৱা হয়, যিবোৰক ভাৰতত সাধাৰণতে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান বুলি জনা যায়। ইয়াত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, স্থানীয় সমস্যা সমাধান, উন্নয়ন পৰিচালনা, আৰু গণতান্ত্ৰিক অংশগ্ৰহণ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণক জনসাধাৰণৰ ওচৰলৈ অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
তিনি খলপীয়া চৰকাৰ ব্যৱস্থাত স্থানীয় শাসন ব্যৱস্থা এক অবিচ্ছেদ্য অংগ৷ এই ব্যৱস্থাটো চৰকাৰী অনুষ্ঠানৰ নিম্নস্তৰত অৱস্থিত | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাই এটা সৰু এলেকা বা অঞ্চলৰ শাসন ব্যৱস্থাক প্রতিনিধত্ত্ব কৰে , যেনে - গাঁও এলেকা , নগৰ বা চহৰৰ শাসন ব্যৱস্থা | ইয়াৰ ক্ষেত্ৰাধিকাৰ এটা নির্দিষ্ট সীমাতে সীমাৱদ্ধ আৰু কিছুমান নির্দিষ্ট কাম কাজৰ দায়িত্ব ইয়াক অৰ্পণ কৰা হয়৷ এই শাসন ব্যৱস্থাটো ৰাজ্য চৰকাৰৰ তলতীয়া শাসন ব্যৱস্থা৷ গতিকে কব পাৰি যে Local Self government is a system that ensures mass political participation in decision making process by extending democracy to the grassroots level .
স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাটো সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় উভয় সংবিধানৰ ক্ষেত্রত প্রযোজ্য |
ভাৰতবৰ্ষত স্থানীয় শাসন ব্যৱস্থাক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি - গ্ৰাম্য আৰু নগৰ |
ই গ্ৰাম্য উন্নয়নৰ বাবে দায়বদ্ধ চৰকাৰৰ নিম্নতম স্তৰ (ৰাজ্য/সংঘৰ তলত)ক প্ৰতিনিধিত্ব কৰে | সাধাৰণতে এই ব্যৱস্থাটো তিনিটা স্তৰত বিভক্ত - গাঁও পঞ্চায়ত, ব্লক সমিতি, আৰু জিলা পঞ্চায়ত।
Some important definitions Local Governance:
The Encyclopedia Britannica defines local government as “an authority to determine and execute measures within a restricted area inside and smaller than the whole state. The variant of local self-government is important for its emphasis on the freedom to decide and act” .
John J. Clarke defines local government as “that part of the government of a nation or state which deals mainly with such matters as concern the inhabitants of particular district or place” .
In the words of P. Stones, “Local government is that part of the government of a country which deals with those matters which concern the people in a particular locality” .
L. Golding defines local government as “the management of their own affairs by the people of a locality" .
In the words of K. Venkatarangaiya, local government is “the administration of a locality - a village, a city or any other area smaller than the state - by a body representing the local inhabitants, possessing a fairly large amount of autonomy, raising at least a part of its revenue through local taxation and spending its income on services which are regarded as local and, therefore, distinct from State and Central services".
G. Montagu Harris defines local government as government by the people themselves through freely elected representatives" .
According to B.K. Gokhale, local self-government is “the government of a specified locality by the local people through the representatives elected by them".
Need / Importance of Local Government :
প্রথমতে , কিছুমান ৰাজহুৱা প্রয়োজন আৰু আৱশ্যকতা সাধাৰণতে স্থানীয় প্রকৃতিৰ বা পৰিসৰো সীমিত | গতিকে এই সীমিত আৰু স্থানীয় ঘটনাবোৰৰ সম্মুখীন হব পৰাকৈ স্থানীয় শাসন ব্যৱস্থাৰ দৰকাৰ৷
দ্বিতীয়তে, স্থানীয় শাসনে বিভিন্ন ধৰণৰ সেৱা জনসাধাৰণলৈ আগবঢ়ায়৷
তৃতীয়তে, স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ স্থানীয় পৰিৱেশ আৰু পৰিস্থিতিৰ লগত জড়িত হোৱাটো অতি প্ৰয়োজনীয় | এই ক্ষেত্ৰত স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে |
চতুর্থতে , স্থানীয় শাসনে ৰাজনীতিবিদ সকলৰ বাবে এক প্ৰশিক্ষণৰ কেন্দ্র হিচাপে কাম কৰে | Bryce ৰ ভাষাত ,"the practice of local Self government is the best school of democracy and the best quarantee for its success".
পঞ্চমতে , যিহেতু স্থানীয় চৰকাৰখন জনসাধাৰণৰ আটাইতকৈ ওচৰৰ স্তৰ গতিকে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ তুলনাত ইয়াত মানুহে তেওঁলোকক উন্নত ধৰণে আৰু অধিক মাত্ৰাত প্ৰভাৱিত কৰিব পাৰে | এই ব্যৱস্থাই নাগৰিক আৰু বিষয়াসকলৰ মাজত উন্নত বুজাবুজিৰ সৃষ্টি কৰে।
ষষ্ঠতে,যদিহে প্ৰশাসন স্থানীয়কৃত হয়, আঞ্চলিক আৰু স্থানীয় সম্পদসমূহ অঞ্চলটোৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰি |
সপ্তমতে, স্থানীয় চৰকাৰে স্থিতিস্থাপকতা, শক্তি আৰু ৰাজনৈতিক অভিজ্ঞতাৰ বৈচিত্ৰ্যতাক প্ৰসাৰিত কৰি গণতন্ত্ৰৰ সমৃদ্ধি, আৰু গণতান্ত্ৰিক কাৰ্য্যৰ জৰিয়তে সৃষ্টিশীল কাৰ্যকলাপৰ আন এক কেন্দ্ৰ হিচাপে কাম কৰে |
0 Comments
Comment