সিংহ আৰু নিগনি
এদিনাখন এটা সিংহই গছৰ তলত ছাঁত জিৰণি লৈ আছিল । এনেতে কৰবাৰ পৰা নিগনি এটা আহি সিংহটোৰ গাত উঠিলহি । লগে লগে সিংহটোৰ টোপনি ভাঙিল আৰু খংতে সি গৰ্জিবলৈ ধৰিলে " হেৰ নিগনি তই মোৰ কেচ া টোপনি ভাঙিলি , তোক মই আজি শুদাই নেৰো । " সিংহ টোৰ গৰ্জনত নিগনি টোৱে ভয় খালে আৰু নম্ৰ সুৰেৰে নিগনি টোৱে সিংহ টোক প্ৰণাম কৰি ক'লে " মহাৰাজ , মই নাজানিহে ভুল কৰিলোঁ , আজিৰ কাৰণে মোক ক্ষমা কৰি দিয়ক , পাৰিলে কেতিয়াবা আপোনাক মই সহায় কৰি দিম "। নিগনি টোৰ কথাত সিংহ টোৱে হাঁহি হাঁহি কবলৈ ধৰিলে ইমান নগণ্য প্ৰাণী হৈ তই নো বাৰু মোৰ কি উপকাৰ কৰিবি , বাৰু আজিলৈ এৰি দিলোঁ আৰু আগলৈ তেনেকুৱা কাম নকৰিবি। এইবুলি সিংহ টোৱে নিগনিটোক এৰি দিলে ।নিগনি টোৱেও সিংহৰ পৰা মুক্ত হৈ সেই ঠাইৰ পৰা আঁতৰি গ'ল।
আন এদিনা খনৰ কথা । সিংহ টোৱে ঘূৰি ফুৰোতে চিকাৰী এজনে পাতি থোৱা জাল এখনত পৰিল। চিকাৰীয়ে পাতি থোৱা জালত পৰি সি তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে।এনেতে নিগনিটোৱে সিংহটোৰ গৰ্জন শুনা পালে। আৰু লগে লগে সিংহটোৰ ওচৰলৈ আহি জালখন কুটিবলৈ আৰম্ভ কৰিলে। কিছুসময়ৰ অন্তত নিগনিটোৱে জালখনৰ প্ৰায়ভাগ অংশই কুটি পেলালে আৰু অৱশেষত সিংহ টো সেই জালৰ পৰা মুক্ত হ'ল ।
তেতিয়া সিংহটোৱে উপলব্ধি কৰিব পাৰিলে যে কেৱল ডাঙৰেহে যে সৰুক সহায় কৰিব পাৰে এনে নহয় , কেতিয়াবা সৰুয়েও ডাঙৰক সহায় কৰিব পাৰে। অৱশেষত সিংহটোৱে নিগনিটোক ক'লে ," হেৰ নিগনি , আজি তইহে মোক বচালি । মই আজিহে বুজিলো যে বিপদত সৰুয়েও ডাঙৰক সহায় কৰিব পাৰে। নহলে চিকাৰী আহি পোৱা হ'লে মোক মাৰি পেলালেহেঁতেন ।" তেতিয়াৰ পৰা সিংহ আৰু নিগনি দুয়ো বন্ধু হ'ল ।
মূলকথা : বিপদত কেতিয়াবা সৰুয়েও ডাঙৰক সহায় কৰিব পাৰে ।
Comments
Post a Comment
Comment