অমৰ বাণী
১)নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিলে, পৃথিৱীত ভয় কৰাৰ কোনো কাৰণ নাথাকে। সততা, নিষ্ঠা, প্ৰেম আৰু বিশ্বাসৰ দ্বাৰা সকলো জয় কৰিব পাৰি৷
– সত্যনাথ বৰা
২) এশজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে।
---- জর্জ হাবার্ট
৩) এহেজাৰজন পুৰোহিততকৈ এজন ভাল স্কুল শিক্ষকৰ মূল্য বেচি।
– ৰবাৰ্ট ইন্দ্বাৰছন
৪) দৰিদ্ৰতাৰ সন্মুখত সকলো আদর্শ অর্থহীন হৈ পৰে।
—এফ নিৎসে
৫) যি নিজক পাপী বুলি কয় তাৰ পাপ নাথাকিলেও সি পাপী। যি জনক পবিত্ৰ বুলি ভাবে তেওঁ পূণ্যৱান। গতিকে মানুহে আত্ম বিশ্বাস ৰাখিব লাগে।
------ ৰামকৃষ্ণ পৰমহংস
৬) আত্ম হনন হ’ল মৃত্যুৰ বিৰুদ্ধে বিদ্রোহ।
---- - আর্নেষ্ট হেমিংওৱে
৭) যিজনে কম দামতেই সুখ লাভ কৰে, তেৱেই সবাতোকৈ আঢ্যৱন্ত।
-------- হেনৰি ডেভিড থ’ৰো
৮) আইনৰ শাসন য'ত শেষ হয়, তাতেই স্বেচ্ছাচাৰিতা আৰম্ভ হয়।
– উইলিয়াম পিট
-
৯) নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা। তেতিয়াহে সংসাৰক ভাল পাব পাৰিবা।
------- স্বামী বিবেকানন্দ
১০) জীৱনটো এটা যৌন বাহিত ৰোগ, আৰু এই ৰোগত মৃত্যুৰ হাৰ শতকৰা এশ ভাগ।
-----------আৰ ডি লেইং
১১) যিজনে দূৰলৈ চাই চিন্তা কৰিবলৈ অপৰাগ, সেইজনে সোণকালেই দুখ ভোগ কৰিব লাগিব ।
----------- কণফুচিয়াচ
১২) মানুহে জন্মতেই দুষ্ট নহয়; সি বেমাৰী হোৱা লেখিয়াকৈ পিচতহে দুষ্ট হয়।
-----ভল্টেয়ৰ
১৩) নিজক সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে এই জগতখন – দুৰ্বলৰ বাবে নহয় ৷
-------- – এমার্ছন
১৪) ধনৰ দ্বাৰা মানুহে নিজক ৰক্ষা কৰিব নোৱাৰে ।
-------- মহাবীৰ
১৫)কম টকা কম সতর্কতাৰে ৰাহি কৰি কেনেকৈ ঐশ্বৰ্য্যৰ অধিকাৰী হয় = জানিব লাগে।
--------– ৰেন'লড্ছ
১৬) মানুহ এদিন মৰিবই লাগিব। দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেচি ভাল। -------- চক্ৰেটিছ
১৭) আনৰ শ্ৰমৰ ওপৰত খাবলৈ ইচ্ছা কৰাটোৱেই পৃথিৱীৰ সবাটোকৈ ত্রুটি। - -- ---------- জে, অ'’, ব্যাৰণ
১৮) দুর্ভাগ্য সদায় সেইখন দুৱাৰেদি প্রবেশ কৰে, যিখন দুৱাৰ মুকলি কৰি ৰখা হয়।
---------- চেক প্রবাদ
১৯) প্রত্যেক ধর্মই আমাক কয়; কৰ্ম, বিশ্বাস আৰু অৰ্চনা -এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু।
------– ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন
২০) ক্ষুধার্ত মানুহক ধৰ্মৰ কথা কোৱা বা শুনোৱা বা দৰ্শন শাস্ত্ৰ পঢ়োৱাটো হ’ল তেওঁক অপমান কৰা।
---------- স্বামী বিবেকানন্দ
২১) ধৈর্যশীল মানুহে বহুতো কথাৰ দিক নির্ণয় কৰিব পাৰে।
---------— চক্ৰেটিছ
২২) ততালিকে সংগ্ৰহ কৰা ধন শেষহৈ যায়, কিন্তু ধীৰে ধীৰে সংগ্ৰহ কৰা ধন দুগুণকৈ বাঢ়ি যায়।
---------গ্যেটে
২৩) ধৰ্ম, অৰ্থ আৰু কামৰ যিকোনো এটাক বেচিকৈ প্রশ্রয় দিলে – ই নিজৰ আৰু বাকী দুটাৰ অনিষ্ট সাধন কৰে। ---- --------- কৌটিল্য
২৪) মোক যদি এটা ধৰ্ম বিচাৰি লবলৈ দিয়া হয়, তেন্তে যিটো সূৰ্য্যই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোকে জীৱন দান কৰিছে সেই সূৰ্য্যকেই ভগৱান হিচাপে গ্ৰহণ কৰিম।
--------– নেপোলিয়ন
২৫) জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ক আটাইতকৈ বেছি মূল্য দিয়া উচিত সেইটো হৈছে নম্ৰতা।
--------- লালবাহাদুৰ শাস্ত্ৰী
২৬) শ্ৰেষ্ঠসকলৰ প্ৰতি নম্ৰ হোৱাটো কৰ্ত্তব্য, সমকক্ষৰ প্ৰতি নম্ৰ হোৱাটো শিষ্টাচাৰ, নীচস্থসকলৰ প্ৰতি নম্ৰ হোৱাটো মহত্ব।
--------- - - ফ্রেংকলিন
২৭) বক্তৃতা দিয়া নেতাই একো কাম কৰিব নোৱাৰে। বক্তৃতাই চিন্তাৰ চোক কমাই কৰ্ম প্ৰেৰণা হ্রাস কৰে।
--------- – চার্লচ্ দ্য গল
0 Comments
Comment