প্রার্থনা
কবি ঃ আনন্দচন্দ্ৰ বৰুৱা
চিত্ত তৰণী উটুৱাই দিলোঁ,
অনন্ত উদ্দেশি ওপঙি গ'ল ।
অঠাই সাগৰ দেখি নিচিনিলোঁ -
এতিয়া ভাৱিছোঁ কি গতি হ'ল ?
উৰ্মি উতলা জলধিৰ ই কি
তাণ্ডৱ ভৰা নৃত্য - ভঙ্গী
ই কি সুৰ তাথৈ , তাথৈ !
কেনি নটৰাজ কৰিছে বিৰাজ ,
সৰ্প - মালাৰ বিভূষিত সাজ
মত্ত কেনিবা শিৰত লৈ?
বিশ্বপতি,
_ নিঃ স্ব হ'লেও তোমাৰে যে মই
সহস্ত্ৰ ধাৰাৰ এধাৰ সোঁত |
ৰক্ত - জবাৰ জীৱন - আধাৰ
জয়টিকা মোৰ শিৰৰ ফোঁট
সিও যে তোমাৰ দান!
চিত্ত তৰণী কিয় যাব তেনে
নেৰাখি তোমাৰ মান?
বন্দিনী মই তোমাৰ জটাৰ
গঙ্গা দেৱীৰ ৰূপ,
নন্দিনী মই আই মেনকাৰ ,
তোমাৰ পূজাৰ ধূপ !
তথাপিও কিয় চিত্ত তৰণী
তৰণী - বিহীন মোৰ,
কোৱাঁ পৰমেশ কেনি মোৰ শেষ
কিহত পৰিব ওৰ ?

0 Comments
Comment