জীৱন
কবি ঃ আনন্দচন্দ্ৰ বৰুৱা
আজি এই গোধূলিৰ আৰতিৰ বেলা
প্ৰাণৰ দেৱতা মোৰ আহিছে ধিয়াই
নেজানো কি পূজা পাই দিব বৰ দান ,
শুনাব কি সঙ্গীতৰ প্ৰাণময় টান?
বহু কথা আছে মোৰ
আছে বহু গান,
যৌৱন জ্বলে মোৰ
ডাকি আছে বান !
চেতন জড়ৰ ভেদ নেজানো সমূলি
সকলোতে নিমন্ত্ৰণ লিখা আছে মোৰ ,
বিশ্ব-ব্যাপী মিলনৰ মহা উৎসৱত
জানিছোঁ গীতৰ ধ্বনি নপৰিব ওৰ !
লাজ অপমান সকলো সমান,
উলটি নেঁচাও আজি
প্ৰাণৰ দেৱতা আনিছে বাৰতা_
নৱীন সাজেৰে সাজি !
উঠিছে নামিছে নিতে গৰজিছে
কল্লোল সম হিল্লোল যাৰ ,
আজি গোধূলিৰ ধূলিৰ মাজত
পাইছোঁ লাগাল সেই দেৱতাৰ !
লাঞ্ছনা মোৰ সাৰ্থক হব - ঘৃণাই ধুৱাব ভৰি
আহিছে যেতিয়া প্ৰাণ দেৱতা দুহাতে আশিখ ধৰি !

0 Comments
Comment