অসমীয়া কবিতা ( বসন্ত বাহাৰ )

অসমীয়া কবিতা ( বসন্ত বাহাৰ )

                          বসন্ত বাহাৰ




কবি ঃ আনন্দচন্দ্ৰ বৰুৱা




ৰাং ঢালী  বাসন্তীৰ ৰং দোলনত


         কোন কৃষ্ণ নাচে অজি চ 'তালি বনত,


ফাগু সনা অৰুণৰ প্ৰেম কিৰণত


           ষোড়শী গোপিনী কিয় লাজে অবনত ?






           মদনগোপাল কেনি লুকাল আজি


           মনমোহা নিকুঞ্জৰ কুঞ্জৰি সাজি ?


কেনি গ'ল যমুনাৰ উজান লহৰ


           ঝাঁও বন কেনি বাৰু পৰিল মাটিত,


কাৰ আজি সুকোমল আঙুলিত লাগি


           পৰাণ উতলা সুৰ বাজিছে বাঁহীত ?






ঢউ খেলি বতাহত আহি আছে কাৰ


            ৰঙা ৰঙা ফাকুছলি কুঙ্কুম গাৰ ?


কাৰ বাৰু আবেশৰ পৰশন লাগি


            শিমলু  পলাশে দিয়ে প্ৰেম উপহাৰ ।


ৰঙা ৰঙা ফাকুছলি কুঙ্কুম গাৰ ।।






বিশ্বব্যাপী প্ৰেমিকৰ প্ৰেমৰ চুম্বন


           বসন্তৰ বনে বনে বিয়পিছে আজি ,


গছে পাতে বিৰিঙিছে আবেগৰ বোল --


           অস্ফুট পৰশত উঠিছে ৰাজি !


           বসন্তৰ বনে বনে মন - গীতি বাজি ।।


Post a Comment

0 Comments