প্ৰাৰ্থনা
কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ |
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ||
নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন
অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা |
পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা ||
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায়-বাক্যে মনে থিৰ কৰি
পৰম আনন্দে চৰণ সেৱন্ত যাৰ |
সদা জন্ম-জৰা-মৃত্যু-হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি
বিষ্ণুত বিনাই কোন দেৱ আছে আৰ ||
যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাক্যে হুয়া আছে বেদ
পৰম পতিতো তৰয় যাহাৰ নামে |
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ
হেন ঈশ্বৰক নভজয় কোন কামে ||
অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত
পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে |
তেন্তে তুমি জান ব্ৰহ্ম-পাৰ পৰ-পাৰ-ভূত যত পাৰ
তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে ||
*****************
ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই || ৬৫৯
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |
মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ || ৬৬০
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি || ৬৬১
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ || ৬৬২
হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা || ৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো || ৬৬৪
**************
ছবি ছন্দ
ভজন
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।
সমস্ত-মস্তক-মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি। ১
যাৰ ৰাম-কৃষ্ণ-নাম নাৱে ভৱ-সিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোঁহো হৃদয়ত।। ২
0 Comments
Comment