বিষ্ণু ৰাভাৰ গীত :
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখিলাই চুমিছে
সানিছে ৰেণুৰে বোল।
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কুউ কই।
দূৰ দূৰণিতে জুৰিটি নাচিছে
জিৰ জিৰ জিৰ জিৰ কৈ
নিজান বননিতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰই।।
*************
দ্বিপেন বৰুৱাৰ গীত
এখন নেদেখা নদীৰ সিপাৰে
এখন নেদেখা
নদীৰ সিপাৰে
ফুলিছে হাঁহিৰ
শেৱালি,
মই চাই থাকোঁ
ইপাৰৰ পৰা
নোৱাৰোঁ আনিব
বুটলি ।
সপোন সূতাৰে
গাঁথিব নোৱাৰি
দিঠক ফুলৰ মালা
আশাৰ ফুলৰ
বনত কেৱল
ফুলৰ ভুলৰ খেলা ।
মোৰ পদূলিতে
এন্ধাৰে ভৰা
দূৰত দেখিছোঁ
শেৱালি
এখন নেদেখা
নদীৰ সিপাৰে ।
আজি পাৰ হৈ
দেখিলোঁ এন্ধাৰ
প্ৰদীপ উঠে যে জ্বলি
ফুলৰ ৰেণু
লগত মিহলি
দূৰণি বাটৰ ধূলি ।
চিনাকী সুৰভি
বিচাৰি বিচাৰি
মিছাতে আছা
ধিয়াই
এখন নেদেখা
নদীৰ সিপাৰে
ফুলিছে হাঁহিৰ
শেৱালি
মই চাই থাকোঁ
ইপাৰৰ পৰা
নোৱাৰোঁ আনিব
বুটলি ।।
0 Comments
Comment