সৌৰজগতত আমাৰ পৃথিৱী

সৌৰজগতত আমাৰ পৃথিৱী


পাঠ নং ১

 সৌৰজগতত আমাৰ পৃথিৱী 



১) তৰা কাক বোলে?

উত্তৰ: আকাশ খনত ভৰি থকা কাঁচি জোনেৰে সৈতে কিছুমান থুপ খাই থকা আৰু কিছুমান সি্চঁৰতি হৈ থকা জ্যোতিষ্ক কে তৰা বোলে ।


২) নক্ষত্ৰ কাক বোলে?

উত্তৰ: তিৰবিৰাই থকা তৰাবোৰক নক্ষত্ৰ বোলে ।


৩) নক্ষত্ৰৰ নিজা পোহৰ আছে নে ?

উত্তৰ: নক্ষত্ৰৰ নিজা পোহৰ আছে।


৪) সূৰ্যটো এটা নক্ষত্ৰ হয় নে? 

উত্তৰ: সূৰ্যটো এটা নক্ষত্ৰ হয় ।


৫) আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি?

উত্তৰ: সূৰ্য।


৬) অতি উত্তপ্ত নক্ষত্রটো কি ?

উত্তৰ: সূর্য অতি উত্তপ্ত নক্ষত্র ।


৭) সূৰ্যৰ ওপৰ অংশৰ উত্তাপ কিমান ?

উত্তৰ: সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্রায় ৬০০০ ডিগ্রী চেলচিয়াছ


৮) সূৰ্যৰ বয়স কিমান ?

উত্তৰ: সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-উচৰি


৯) পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি, এই সকলোৰে প্ৰধান কাৰণ কি ?

উত্তৰ : পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি, এই সকলোৰে প্ৰধান কাৰণ হৈছে সূর্য


১০) গ্ৰহ কাক বোলে ?

উত্তৰ: আকাশত থকা তিৰবিৰাই নথকা তৰাবোৰক গ্ৰহ বোলে ।


১১) গ্ৰহবোৰৰ নিজা পোহৰ আছে নে ?

উত্তৰ: গ্ৰহবোৰৰ নিজা পোহৰ নাই সূৰ্যৰ পৰা পোৱা পোহৰেহে গ্ৰহবোৰক পোহৰাই ৰাখে


১২) পৃথিৱীখন এটা গ্রহ হয় নে?

উত্তৰ: পৃথিৱীখন এটা গ্রহ ।


১৩) পৃথিৱীয়ে তাপ আৰু পোহৰ ক'ৰ পৰা পায়?

উত্তৰ: পৃথিৱীয়ে তাপ আৰু পোহৰ সূৰ্যৰ পৰাই পায়


১8) সৌৰজগত কাক বোলে ?


বা


সৌৰজগত বুলিলে কি বুজা?


 উত্তৰ:  সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্রহ, উপগ্রহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে


১৫) সৌৰজগতত কেইটা গ্ৰহ আছে ? কি কি ?

উত্তৰ: সৌৰজগতত ৮ টা গ্ৰহ আছে । সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্রহকেইটা 'বুধ, শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন


১৬) পৃথিৱীৰ আনুমানিক বয়স কিমান ?

 উত্তৰ: পৃথিৱীৰ আনুমানিক বয়স প্রায় ৪৫০০ নিযুত বছৰ


১৭) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘুৰিবলৈ কিমান সময় লয় ?

  উত্তৰ: পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘুৰিবলৈ ৩৬৫ দিন, ঘণ্টা, ৪৮ মিনিট, ৪৫-৪৭চেকেণ্ড সময় লয়


১৮)  পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান ?

 উত্তৰ:  পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব ১৪৯,৫৯৭,৯০০ কিঃ মিঃ


১৯) সুৰ্যৰ পৰা দুৰত্ত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা ।


উত্তৰ : সুৰ্যৰ পৰা দুৰত্ত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হৈছে - 

বুধ, শুক্ৰ, পৃথিৱী , মংগল ,   বৃহস্পতি , শনি , ইউৰেনাচ , নেপচুন ।


২০ ) সূৰ্য কি ? সূৰ্য্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :  সূৰ্যটো এটা নক্ষত্ৰ । সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্র । সেয়ে বেছ ডাঙৰ দেখোঁ। 


সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ । সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্রায় ৬০০০ ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-উচৰি। সূৰ্য প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি, এই সকলোৰে প্ৰধান কাৰণ হৈছে সূর্য।



(২১) উত্তৰ দিয়া——

(ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?

উত্তৰ: নক্ষত্ৰ ।


(খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ: শুক্ৰ 


(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?

উত্তৰ: সূৰ্য্য 


(ঘ) ৰাতিৰ আকাশত তীব্রভাবে গতি কৰি ধ্বংস হোৱা উজ্বল পিণ্ডবোৰক কি বুলি জনা যায়? 

উত্তৰ: উল্ক া 




(২২) পাঠৰ চিত্ৰ-৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা

 (ক)সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?

উত্তৰ: নেপচুন 


(খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?

উত্তৰ: শনি আৰু নেপচুনৰ মাজত 


 (গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?

উত্তৰ: ৩ নং 


 (ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ : বৃহস্পতি

(ঙ) গ্রহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় ?

উত্তৰ: মঙ্গল আৰু বৃহস্পতিৰ মাজত 



(২৩) শুদ্ধ উত্তৰটো লিখা

(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?

(১) বুধ

 (২) শুক্র

(৩) মঙ্গল

(৪) শনি

উত্তৰ:  (২) শুক্র




(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ’ল

(১) ধূমকেতু

(২) গ্রহাণুপুঞ্জ

(৩) উপগ্রহ

(৪) নক্ষত্র


উত্তৰ: (১) ধূমকেতু






 সূৰ্য্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহ বোৰৰ নাম

 গ্ৰহবোৰে সূৰ্য্যৰ চাৰিওফালে এপাক লোৱা সময়

 গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ

( কি: মি:)

 উপগ্ৰহৰ সংখ্যা

 বুধ

 ৮৮ দিন

 ৪৯৮০

 নাই 

 শুক্ৰ

 ২২৫ দিন

 ১২,৩৯০

 নাই

 পৃথিৱী 

 ৩৬৫ দিন

 ১২,৭৪০

 ১টা 

 মঙ্গল

 ৬৮৭ দিন

 ৬,৭৫০

 ২টা 

 বৃহস্পতি

 ১১ বছৰ 

 ১৪২,৮০০

 ১৬টা 

 শনি

 ২৯ বছৰ 

 ১২০,৫০০

 ৩০টা 

 ইউৰেনাছ 

 ৮৪ বছৰ 

 ৪৯,৭০০

 ১৫টা 

 নেপচুন 

 ১৬৪ বছৰ 

 ৪৫,০০০

 ৮টা 



Post a Comment

0 Comments