শ্ৰী শ্ৰী শংকৰদেৱ
কোন দূৰ অতীতৰ ধ্যান মগ্ন যোগী তুমি
তব পুণ্য কিৰণেৰে কৰিলা পবিত্র ভূমি?
নিৰলে বজাই বীণা কোন কবি কাননত
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?
মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।
যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা ৷
অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা৷
বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম্ম দিলা জ্ঞান,
দিলা ভাষা অসমক কৰিলা জীৱন দান৷
তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ
গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ
অসমৰ ৰীতি-নীতি, অসমৰ সদাচাৰ,
অসমৰ ধৰ্ম্মভাৱ, অসমৰ ব্যৱহাৰ।
সকলোকে তুমি দেৱ! সজালা নতুন সাজে;
তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে।
বেদ-উপনিষদৰ বাচি বাচি ফুল তুলি
কত যতনেৰে দেৱ! গাঁথিলা ই মালা ধাৰি৷
ক্ষুদ্ৰ স্বাৰ্থ, ভিন ভাৱ আঁতৰাই সৰু বৰ
পিন্ধালা ধৰ্ম্মৰ মালা সকলোকে আদৰৰ ৷
জ্ঞানী, ভক্ত, কৰ্ম্মবীৰ অসমৰ ৰত্ন তুমি
অশেষ যতনে দেৱ সজালা জনমভূমি।
তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত,
নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত ৷
কবি – যতীন্দ্ৰ নাথ দুৱৰা।
0 Comments
Comment