তেজৰে কমলাপতি
ধ্ৰুং।।
তেজ ৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেখুঁ উঠৰে গোৱিন্দ ।।
পদ
ৰজনী বিদূৰ দিশ ধৱলী বৰণ ।
তিমিৰ ফাড়িয়া বাজে ৰবিৰ কিৰণ।।
শতপত্ৰ বিকশিত ভ্ৰমৰা উড়ায় ৷
ব্রজবধূ দধি মথে তুৱা গুণ গাই।।
দাম-সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম।।
নন্দ গেল বাথানে গোঁৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল।।
ক্ষীৰ লৱণু লৈয়ো শিঙা বেত বেণু।
সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু।।
কহয় মাধৱ মাই কিনু তপসাইলা৷
ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ।।
কবি : শ্ৰী শ্ৰী মাধৱদৱ ।
0 Comments
Comment