জাগা জননীৰ সন্তান
জাগা শক্তিমান জাগ মুক্তপ্রাণ।
মৃত্যু গছকি আনা জয়জিনি
কৰি দুৰ্জ্জয় অভিযান।
কর্মহীনতা কাপুৰুষতাই
তোমাক কৰিলে জয়
তুমি দুৰ্ব্বল ম্রিয়মান
তথাপিও নাই ভয়
জাগা শক্তিমান জাগা মাতৃপ্রাণ।
শক্তিগায়ত্ৰী মনত পেলোৱা হবা দুর্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান।
অ' মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ
অজেয় নৱ-জোৱান
জাগা শক্তিমান জাগা মাতৃপ্রাণ।।
কবি—জ্যোতিপ্ৰসাদ আগৰৱালা
Comments
Post a Comment
Comment