মানৱ বন্দনা
আহিছে মানুহ গইছে মানুহ
মানুহ ময়াপী জীৱ,
মানুহ সোঁতৰ অন্ত নাইকিয়া
বুলিলে মৰত কিয়?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সংগ
মানুহেই পৰাৎপৰ,
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় মানৱ দেৱ।
কবি : চন্দ্ৰকুমাৰ আগৰৱালা।
কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে উদাৰ মানৱতাবাদ প্ৰকাশ কৰিছে এই কবিতাটোৰ জৰিয়তে। মানুহৰ পাৰস্পৰিক মৰম-চেনেহৰ জৰিয়তে যে এই মর্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি এই কথাও কবিতাটিত পৰিস্ফূত হৈছে। কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এক বিশেষত্ব। মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য।
0 Comments
Comment