১) জিভাৰে উজুটি খোৱাতকৈ ভৰিৰে উজুটি খোৱা বহুগুণে শ্রেয়।
---------- জেন
২) ইচ্ছাশক্তি য’ত প্ৰৱল, তাত জটিলতাই কোনো ধৰণৰ প্ৰতি বন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে।
-------------- নিকেলো মেকিয়াভেলি
৩)পোকে কোট চোলা নষ্ট কৰাৰ লেখিয়াকৈ ঈৰ্ষায়ো মানুহৰ জীৱন শেষ কৰে ।
---------- চেণ্ট ক্রাইচষ্টম
৪) জুয়ে শুকান খৰি পুৰি চাৰখাৰ কৰাৰ দৰে ঈৰ্ষায়ো নষ্ট কৰি দিয়ে৷
------------- হজৰত মহম্মদ ।
৫) প্ৰতিটো ক্ষেত্ৰতেই মধ্যম পন্থাটোৱেই উত্তম; সকলো ক্ষেত্ৰতেই মাত্রাধিক্যই মানুহলৈ দুখহে কঢ়িয়াই আনে।
------ – প্লাউটাচ পছি
৬) প্রত্যেকে এই কথা মনত ৰখা উচিত যে আইন উলঙ্গা কৰা মানেই নিজৰ পিতৃ-পুৰুষৰ তেজৰ ওপৰত গছকি দিয়া আৰু সন্তান সন্ততিৰ স্বাধীনতাৰ চনদখন ফালি পেলোৱা।
---------- আব্রাহাম লিংকন ।
৭) মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীত টোপ পেলাব নালাগে, ৷ তাত নিজৰো হয় সময় নষ্ট আৰু মাছৰো হয় মহা কষ্ট।
--------- হিতেশ ডেকা
৮) শাস্তিৰ জৰিয়তে জ্ঞান ঘূৰাই পোৱা যায়৷ অসততাক ইয়েই আৰোগ্য কৰে ।
--------- প্লেটো
৯) জীৱনটো আচলতে খুব চুটি ; কেৱল জীৱনৰ দুখ-যন্ত্ৰনাবোৰেহে খুব দীঘলীয়া যেন কৰে।
-------- - পাব্ৰিয়াছ ছাইৰাছ
১০) প্রেমিকালৈ যচা চুমাটোৰ দৰে উপদেশটো বৰ উপাদেয় বস্তু। অকণো টকা- পইচা খৰচ নহয় আৰু দি উঠি বৰ আত্মতৃপ্তি পোৱা যায় ৷
---------- জর্জ বার্ণাড
১১) কৰ্ম অবিহনে চলিব পৰা ব্যৱস্থা এটা কৰাটো সম্ভৱ নহব।
--------- হেনৰি ফোর্ড
১২) সহজ হৈ পৰাৰ আগতে সকলো কামেই টান আছিল।
-------— থমাছ ফুলাৰ
১৩) প্ৰত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা।
---------- জিম কৰবেট
১৪) মানুহৰ মাজত দেৱতা আছে। সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি।
---------- চক্ৰেটিছ
১৫) অসত্যকহে চৰকাৰৰ আশ্রয় লাগে। সত্যই নিজৰ শক্তিতে থিয় দিব পাৰে ।
---------– টমাচ জেফাৰ্চন
১৬) যাৰ ওপৰত মানুহে আস্থা ৰখাৰ কাৰণ বিচাৰি নাপায় সেই জীৱন মৃত্যু তুল্য।
------------ হাবার্ট
১৭) মিছা আৰু হিংসালৈ সদায় ভয় কৰিবা; কিয়নো ই পাপৰ দ্বাৰাহে মুক্তি হয়।
----------- বুদ্ধদেৱ
১৮) যি আদৰ্শৰ কাৰণে সংগ্ৰাম কৰাৰ প্ৰয়োজন নহয়, সেই আদর্শ জীয়াই - নাথাকে।
---------- টমাচ মান
১৯) উৎকৃষ্ট শব্দৰ সুবিন্যাসেই কবিতা।
-------- মেথিও আর্নল্ড
২০) মনৰ শান্ত অৱস্থাত সুৱঁৰিব পৰা আবেগ অনুৰাগেই কবিতা।
-------– ৱৰ্ডছৱৰ্থ
২১) মুকলি আৰু সত্য আলোচনাই হ’ল সত্যৰ আটাইতকৈ ডাঙৰ বন্ধু।
-------– জি, কেম্পৱেল
২২) আদৰ্শ ব্যক্তিৰ যোগেদি আদর্শ সমাজ গঢ়াতো সম্ভৱ হয়। গতিকে শিক্ষিত সুস্থ ব্যক্তিৰে সমাজ গঢ়াৰ প্ৰচেষ্টা কৰিব লাগে ৷
---------- জন ফেডৰিক হাবার্ট
২৩) মই আন সকলোৰে কাৰণে বিচাৰিছিলো সুখ আৰু মোৰ নিজৰ কাৰণে নিঃসঙ্গতা আৰু শান্তি।
--------- হোমেন বৰগোহাঞি
২৪) মানুহে নিতৌ ন-ন কথা শিকি থকাতকৈ আগতে শিকা কথাবোৰ নুতুনকৈ মনত পেলাই থাকিবলৈ চেষ্টা কৰাটো বেছি দৰকাৰী।
------------ জনচন
২৫) বেয়া বা ভাল চিনাক্ত কৰিব পাৰে কেৱল দার্শনিকসকলেহে। সেই কাৰণে ৰাজ্যৰ শাসনভাৰ দাৰ্শনিকসকলৰ ওপৰতেই অৰ্পণ কৰিব লাগে।
---------- প্লেটো
২৬) পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্রয়োজন।
--------- ৰবীন্দ্ৰনাথ ঠাকুৰ
২৭) ভোকনালাগিলে কেতিয়াও খাব নালাগে। এয়ে স্বাস্থ্যতত্ব। খাদ্যই শৰীৰৰ স্বাস্থ্য আৰু ঔষধ ।
-------- চক্ৰেটিছ
0 Comments
Comment