গীত আৰু ছবি
কোনেও সেইটি গীত ভাল নুবুলিব
যিটি গীত বুজাইছে বুজে;
কোনেও সেইটি ছবি ভাল নেদেখিব
যাৰ মূল আটায়ে নুবুজে।
যিটি দেখি সকলোৱে একে ৰং পায়,
জগতৰো উলাহ বঢ়ায়,
সিহে পায় নিজে নিজে আলাসত ঠাই
সকলোৱে ভাল বুলি কয়।
যিমান নুবুজা হওঁ তথাপি শুনিলে
ভাল গীতে হৃদয় জগাব,
যিমান নজনা হওঁ চকুত পৰিলে
ভাল ছবি মনত সোমাব।
সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হ'লে প্ৰাণ টানি ধৰে।
মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ,
য’তে পৰে ত’তে গজে, বিভিন্ন আকাৰ,
ঠাই বুজি দীঘল-ডাঙৰ।
কবি : দুৰ্গেশ্বৰ শৰ্মা
Comments
Post a Comment
Comment