যত্ন কৰিলে ৰত্ন পায়
বহু দূৰ বাট দেখি ৰ'লা কিয় ল'ৰা
মূৰ কপালত হাত থৈ,
কাঁইট দেখিয়ে কিয় চ'ক খালা ল'ৰা
নিছিঙি গোলাপ আছা ৰই।
পানী দেখি উলটিব খোজা কিয় ল'ৰা
নিছিঙি পদুম মনোহৰ,
বগা ক'লা ডেউকাৰে সময় পখিলা
উৰি যায় চোৱা নিৰন্তৰ ৷
সোণৰ শৈশৱ কাল গ'লে আৰু নাহে
পখিলাই কাণে কাণে কয়,
ধেমালিত মজি ল’ৰা সোণাময় দিন
অবাবত নকৰিবা ব্যয়।
যেতিয়া থাকিব কাম কৰিবলগীয়া
কৰোঁ বুলি ধৰিবা মনত,
ওপৰ টিঙত ভৰি দিব খোজে যিটো
প্রথমে সি বগাব পর্বত।
পৰ্বতৰ কাষত থিয় হৈ বাৰু
একেথিৰে আকাশলৈ চাই,
থাকিলে সাবটি হাত বিনা পৰিশ্ৰমে
উঠিব কি পাৰে কোনোবাই।
যদিও পিছল খোৱা বাৰে বাৰে তুমি
হিয়া যেন নিৰাশ নহয়,
যত্ন কৰা বাৰে বাৰে হ’ব শেষ কালে
হেৰা ল’ৰা তোমাৰেই জয় ।
পৰ্বতৰ ওখ টিং দেখি হেৰা ল'ৰা
উঠিবলৈ হেলা নকৰিবা,
দুখ নকৰিলে সুখ ক'ত পাবা ল'ৰা
যত্ন কৰা ৰত্নক লভিবা।
কবি: আনন্দচন্দ্ৰ আগৰৱালা।
Comments
Post a Comment
Comment