উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ ( অষ্টম শ্ৰেণী)

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ ( অষ্টম শ্ৰেণী)

  

১) বনাঞ্চল ধ্বংসৰ কাৰণবোৰ কি কি?

উত্তৰঃ ক ) খেতি বাতিৰ বাবে মাটি উলিয়াবলৈ

খ্ ) ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে

গ্) আছবাব পত্র বনোৱাৰ বাবে বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈ



২) বনাঞ্চল ধ্বংসৰ প্ৰাকৃতিক কাৰণ কি?

উত্তৰঃ বনজুই আৰু প্ৰচণ্ড খৰাং|



৩) বনাঞ্চল ধ্বংসৰ পৰিণতিসমূহ কি কি?

উত্তৰঃ ক ) বনাঞ্চল ধ্বংসই পৃথিৱীৰ উষ্ণতা আৰু  প্ৰদূষণৰ মাত্ৰা বঢ়ায় |

খ ) নিৰ্বণাণীকৰণে বায়ুমণ্ডলত কাৰ্বণ ভাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰায়।

গ ) ভূগৰ্ভস্থ পানী পৃষ্ঠ তললৈ নামে |

ঘ ) প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰে |

ঙ্ ) বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা কমিব পাৰে৷

চ্ ) বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।




8 ) মৰুভৱন কাক বোলে?

উত্তৰঃ গছ - গছনিৰ সংখ্যা পাতলীয়া হলে মাটিৰ খহনীয়া বৃদ্ধি হয় ৷ মাটিৰ ওপৰৰ খাৰুৱা তৰপটো খহাই নিলে তলৰ কঠিন আৰু শিলাময় স্তৰটো ওলাই পৰে | তেনে মাটিত কম পৰিমাণৰ হিউমাছ থাকে আৰু উৰ্বৰতা কম হয় ৷ লাহে লাহে এনেদৰে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হয়৷ ইয়াকে মৰুভৱন বোলে৷



৫ ) অভয়াৰণ্য কাক বোলে?

উত্তৰঃ প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনোধৰণৰ ক্ষতিসাধন নকৰাকৈ সুৰক্ষা প্রদান কৰা অঞ্চলকে অভয়াৰণ্য বোলে৷





Post a Comment

0 Comments