অগ্নিযুগৰ ফিৰিঙতি মই - ভূপেন্দ্ৰ সংগীত

অগ্নিযুগৰ ফিৰিঙতি মই - ভূপেন্দ্ৰ সংগীত

 







অগ্নিযুগৰ ফিৰিঙতি মই




অগ্নিযুগৰ ফিৰিঙতি মই

নতুন অসম গঢ়িম 

সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব

পুনৰ ফিৰাই আনিম।

নতুন ভাৰত গঢ়িম।


             নৰ কঙ্কালৰ অস্ত্র সাজি 

                  শোষণকাৰীক বধিম 

                        সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব 

                        পুনৰ ফিৰাই আনিম। 

                            নতুন ভাৰত গঢ়িম।

 ধৰ্ম্ম-ব্যৱসায়ীৰ ঠাই নাই তাত 

জাতিৰ অহঙ্কাৰ লয় পাব তাত

অস্পৃশ্যতাৰ মহাদানৱক

 আপোন হাতেৰে নাশিম।


নতুন ভাৰত গঢ়িম। 

হৰিজন, পাহাৰী, হিন্দু-মুছলিমৰ

 বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ

 অন্তৰ ভেদি মৌ বোৱাম 

ভেদাভেদৰ প্ৰাচীৰ ভাঙি 

সাম্যৰ সৰগ ৰচি 

নতুন ভাৰত গঢ়িম।







 2

Post a Comment

0 Comments