মাঘত দেখোঁ উৰুকা নহয়
মাঘত দেখোঁ উৰুকা নহয়
তুমি নহ'লে
ব'হাগ বিহুত বিহু-ঢোল নেবাজে
তুমি নহ'লে
তুমি নহ'লে, তুমি নহ'লে।
শাৰদী পুৱা কঁহুৱা নুফুলে
তুমি নহ'লে
এন্ধাৰ পঁজাত চাকি নজ্বলে
তুমি নহ'লে।
প্রগতিও দেখোঁ অগতিহে হয়
তুমি নহ'লে।
গীত দেখোঁ সুৰীয়া নহয়
তুমি নহ'লে
তুমি নহ'লে, তুমি নহ'লে।
বৰষাৰ আকাশত মেঘ নজমে
তুমি নহ'লে
জীৱন-লুইতখন থমকিহে ৰয়
তুমি নহ'লে।
জ্ঞান-বিজ্ঞানৰ অৰ্থ নুবুজোঁ
তুমি নহ'লে।
পোৱা-নোপোৱাৰ সংগ্ৰাম নুবুজোঁ
তুমি নহ'লে।
তুমি নহ'লে, তুমি নহ'লে
জীৱনতো কোনো শান্তি নেপাম
তুমি নহ'লে
মৰণতো চাগে ক্লান্তিহে পাম
তুমি নহ'লে
তুমি নহ'লে, তুমি নহ'লে।
Comments
Post a Comment
Comment