জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি
প্রাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ।
শত শত বন্তিৰ
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ।
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ।
সমাজে সাবটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ৷
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাঁৰ।
Comments
Post a Comment
Comment