এক অনন্য প্ৰথম: অসমত ৩৯ খন সহ-জিলা গঠন

এক অনন্য প্ৰথম: অসমত ৩৯ খন সহ-জিলা গঠন

 এক অনন্য প্ৰথম: অসমত ৩৯ খন সহ-জিলা গঠন



অত্যাৱশ্যকীয় চৰকাৰী সেৱাসমূহ সময়মতে লাভৰ বাবে জিলা পৰ্যায়ৰ তলত সৰু সৰু প্ৰশাসনিক একক সৃষ্টি কৰিবলৈ আৰু তৃণমূল পৰ্যায়লৈ শাসন ব্যৱস্থা আনি নাগৰিককেন্দ্ৰিক সেৱাসমূহ সুশৃংখলিত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰশাসনিক ৰেজিগত ৩৯খন সহ-জিলাক ৰূপায়ণ কৰিছে। এই পদক্ষেপেৰে অসম দেশৰ ভিতৰতে সহ–জিলা থকা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয়।

ভূমি ৰাজহ, প্ৰশাসনিক আৰু দণ্ডাধীশৰ ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী, দুৰ্যোগ ব্যৱস্থাপনা, উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণমূলক কামৰ দৰে সেৱাসমূহৰ ওপৰত সহ-জিলাসমূহৰ অধিকাৰ থাকিব।




মূল হাইলাইটসমূহ:


১) নতুন কাঠামোৰ অধীনত পূৰ্বে মহকুমাসমূহৰ দায়িত্বত থকা অতিৰিক্ত জিলা উপায়ুক্তৰ ভূমিকা সহ-জিলা আয়ুক্ত (চিডিচি)লৈ উন্নীত কৰা হৈছে।



২)সহ-জিলাসমূহক অসমীয়াত "সামা-জিলা" বুলি অভিহিত কৰা হৈছে, আৰু সহ-জিলা আয়ুক্তক আঞ্চলিক ভাষাত "সামা-জিলা আয়ুক্ত" বুলি জনা যাব।



৩) ২০২৪ চনৰ ৪ অক্টোবৰৰ পৰা ৰাজ্যৰ ২১খন জিলাৰ ৩৯খন সহ-জিলা কাৰ্যক্ষম হৈ উঠিছে। এতিয়াৰে পৰা চৰকাৰী সকলো কামৰ বাবে আৰু উপায়ুক্ত কাৰ্যালয়লৈ যাব নালাগিব ৰাইজে। সহ-জিলা কাৰ্যালয়ৰ পৰ্যায়ত তেওঁলোকৰ কাম-কাজ ভাগ-বতৰা কৰিব পাৰি।



৪) জিলাসমূহক প্ৰশাসনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে সহ-জিলা কাৰ্যালয় গঠন কৰাটো এক অপৰিহাৰ্য উপাদান।



৫) নতুন সহ-জিলাসমূহে অৰ্ধস্বাধীন প্ৰশাসনিক একক হিচাপে কাম কৰি আহিছে, মূল জিলা প্ৰশাসনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছে যদিও সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক স্বায়ত্তশাসন আছে।


 

৬)এই পদক্ষেপ চৰকাৰৰ বৃহত্তৰ দৃষ্টিভংগীৰ অংশ “নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন।”




লাভসমূহ: 


১)তৃণমূল পৰ্যায়ত প্ৰশাসন শক্তিশালী কৰা।


২) ক্ষমতা বিকেন্দ্ৰীকৰণ।

Post a Comment

0 Comments