এডভান্টেজ অসম ২.০

এডভান্টেজ অসম ২.০

এডভান্টেজ  অসম ২.০




' এডভান্টেজ অসম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫' নামেৰে অভিহিত বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় সংস্কৰণ, ২০২৫ চনৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হৈছে।


ই হ'ব এক প্ৰাগমেটিক,থিম-কেন্দ্ৰিক শীৰ্ষ সন্মিলন, কাৰ্য্যকৰী ফলাফলৰ ওপৰত মনোনিৱেশ কৰাৰ লগতে অতিৰিক্ততাৰ পৰা আঁতৰি থাকিব।


এই সংস্কৰণৰ মূল গুৰুত্ব বিনিয়োগৰ ওপৰত, আন্তঃগাঁথনিৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া হৈছে। আন্তঃগাঁথনিত মূল গুৰুত্ব - পথ খণ্ড, ৰেলৱে খণ্ড, কৃষি খণ্ড ইত্যাদি।


ভাৰতৰ ছখন প্ৰধান চহৰ - মুম্বাই, নতুন দিল্লী, হায়দৰাবাদ, বাংগালুৰু, চেন্নাই, আহমেদাবাদ আৰু কলকাতাতো বিনিয়োগকাৰীৰ সৈতে যোগাযোগ আৰু সজাগতা বৃদ্ধিৰ বাবে ৰোডশ্ব’ অনুষ্ঠিত কৰা হ’ব।


এই সন্মিলনৰ সময়ত মেগা ঝুময়ৰ নৃত্যৰ আয়োজন কৰা হ’ব, য’ত ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ প্ৰায় ৭৫০০ নৃত্যশিল্পী আৰু শিল্পীয়ে অংশগ্ৰহণ কৰিব।



এডভান্টেজ অসমৰ প্ৰথম সংস্কৰণঃ


২০১৮ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা এডভান্টেজ আছামৰ প্ৰথম সংস্কৰণে ৰাজ্যখনৰ অৰ্থনীতিৰ সৈতে জড়িত বিভিন্ন খণ্ডত ১ লাখ কোটি টকাৰো অধিক বিনিয়োগ আকৰ্ষণ কৰিছিল।


এই সংস্কৰণৰ মূল কেন্দ্ৰবিন্দু আছিল মূলতঃ বিনিয়োগ।


এডভান্টেজ আছামৰ এই সংস্কৰণৰ সময়ত ৰাজ্যত বিনিয়োগৰ বাবে প্ৰায় ১ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। কিন্তু ক’ভিড মহামাৰীৰ বাবে কিছু পদক্ষেপ আগুৱাই নিব পৰা নাছিল।


মৰিগাঁও জিলাৰ জাগীৰোডত টাটা গোটে অৰ্ধপৰিবাহী ইউনিটৰ কাম আৰম্ভ কৰে।

Post a Comment

0 Comments