বৰগীত
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা ৰচিত বৰগীত
১। ৰাগ— আশোৱাৰী
ধ্ৰুং— আনন্দে গোবিন্দে ৰায় বৃন্দাবনে বেণু।
ৰূপে ভুৱন ভুলে বহিয়া কদম্ব মূলে,
কালিন্দী তীৰে ৰাখে ধেনু।।
গোপ শিশু সঙ্গে চলে শিৰে শিখণ্ডক ডুলে
কৰ্ণে কুণ্ডল গণ্ড লোলে।
কেয়ূৰ কঙ্কণ কৰে উৰে বনমালা লুলে
মধুৰ মধুপ মধু ভোলে।।
কটি কাঞ্চি কিঙ্কিণী বাজত ৰিণি ৰিণি
শ্যাম তনু শোহে পীতবাসে।
বাম কাখে শিঙ্গা বেত অৰুণ পঙ্কজ নেত্র
কণ্ঠে কৌস্তুভ পৰকাশে ।।
ত্রিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰূৱ ভাস
দৰশিয়া লীলা বিলাসে।
চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পূৰে
শঙ্কৰ কহে অভিলাষে।।
Comments
Post a Comment
Comment