১) ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত?
উত্তৰ:ভূগোল বিষয়টো প্ৰধানকৈ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত।
২) অৰ্থনতিক ভূগোল কাক বোলে?
উত্তৰ:অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্রধান শাখা।ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন,বিতৰণ,উপভোগ আৰুবিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল (Economic Geography) বোলে।
৩) অৰ্থনৈতিক ভূগোলৰ পৰিসৰ বুলিলে কি বুজা?
উত্তৰ:অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত—
(১) অর্থনৈতিক কার্যটো ক’ত অৱস্থিত?
(২) অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি?
(৩) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?
(৪) অর্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে?
(৫) অর্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ’লে বেছি ভাল হ'লহেঁতেন নেকি?
উক্ত পাঁচটা প্ৰশ্নৰ প্ৰথম তিনিটাৰ লগত পৰম্পৰাগত অর্থনৈতিক ভূগোল জড়িত।কিন্তু পাছৰ দুটা প্রশ্নই বিশেষকৈ আধুনিক অর্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে।
আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জর্জ ছিজহ'ম (George Chisholm)ৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য।
অর্থনৈতিক ভূগোলবিদ জন্স আৰু ডাৰ্কেনৱাল্ডৰ (C.F. Jones and G.G. Darkenwald) মতে আকৌ অর্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া এনে প্রশ্নবোৰৰ উত্তৰ উদ্ঘাটনত সহায় কৰে। অৰ্থাৎ অর্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে।
৪) অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি?
উত্তৰ: আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জর্জ ছিজহ'ম (George Chisholm)ৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য।
৫) মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য্য কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ: মানুহৰ অর্থনৈতিক বৃত্তি বা কাৰ্য চাৰি প্ৰকাৰৰ:
১) প্রাথমিক বৃত্তি (Primary Occupation) : যি কার্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰ৷ সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে— কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
২)দ্বিতীয়ক বৃত্তি (Secondary Occupation) : যি কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে— শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কার্য ইত্যাদি।
(৩) তৃতীয়ক বৃত্তি (Tertiary Occupation) : যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে— যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।
(৪) চতুর্থক বৃত্তি (Quaternary Occupation) : যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে— বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ।
৬) অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাসাসমূহ কি কি? ইয়াৰ প্ৰধান বিষয়বস্ত সমূহ আলোচনা কৰা।
উত্তৰ: অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাসাসমূহ হৈছে:
(১) কৃষি ভূগোল:
অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা। ইয়াত কৃষি কার্যৰ লগত জৰিত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ , কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
(২) ঔদ্যোগিক ভূগোল:
ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্রকাশ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অবস্থানৰ লগত জড়িত সুত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
(৩) সম্পদ ভূগোল:
ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যান করা হয়।
(৪) পৰিবহণ ভুগোল:
ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে- ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
(৫) বজাৰ ভূগোল:
ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সুত্রসমূহ অধ্যয়ন কৰা হয়।
(৬) পৰিকল্পনা আৰু উন্নয়ন ভূগোল :
ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যবস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।
(৭)পর্যটন ভূগোল:
ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
৭) সম্পদ কাক বোলে?
উত্তৰ:মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলে।
প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে, সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব।
৮) মানুহ সম্পদৰ লগত কেনেদৰে জড়িত?
উত্তৰ: মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত -
ক) সম্পদৰ উৎপাদক হিচাপে
খ) সম্পদৰ উপভোক্তা হিচাপে।
৯) প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ: পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি , মাটি , গছ - গছনি, ফল - মূল, খনিজ পদাৰ্থ আদি আটাইবোৰ মানুহৰ বাবে লাগতিয়াল। প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাবে আহৰণ কৰিব পৰা এই সম্পদসমূহকে প্ৰাকৃতিক সম্পদ বোলে।
১০) মানৱ - সৃষ্ট সম্পদ কাক বোলে?
উত্তৰ: কিছুমান সম্পদ যেনে প্ৰযুক্তি , ঘৰ - দুৱাৰ, ৰাস্তা - ঘাট,উদ্দোগ - কাৰখানা, স্কুল - কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান - বাহন আদি মানুহে নিজে প্ৰস্তুত কৰি লয়। এনে সম্পদসমূহকে মানৱ - সৃষ্ট সম্পদ বোলে।
১১) মানৱ সম্পদ কাক বোলে?
উত্তৰ: সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ , যাক মানৱ সম্পদ বোলে।
১২) প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যবহাৰৰ তাৰতম্য কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ: মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত।
১৩) নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে?
উত্তৰ: যিবোৰ সামগ্ৰী মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে ।
১৪) প্ৰতিৰোধক কি?
উত্তৰ: যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহণস্বৰূপে, অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক ।
১৫) সম্পত্তি কাক বোলে?
উত্তৰ:অৰ্থনীতিৰ মতে , যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে,সেইবোৰক সম্পত্তি বোলা হয়। সম্পত্তিৰ যোগান তুনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰ পৰা এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। ভূমি, ঘৰ - দুৱাৰ , যন্ত্ৰ - পাতি , কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। ইয়াৰ বজাৰ মূল্য আছে।
১৬)" সম্পদ পৰিৱৰ্তনশীল " - ব্যাখ্যা কৰা।
উত্তৰ: সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। এনে সামগ্ৰীসমূহৰ ভিতৰত নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক সমুহৰ কথা উল্লেখ কৰিব পাৰি ।
উদাহৰণস্বৰূপে , মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ নিৰপেক্ষ সামগ্ৰীহে আছিল । আকৌ ,অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক । এই প্ৰতিৰোধক সমূহ এটা সময়ত মানুহৰ অপকাৰ সাধন কৰিলেও পিছলৈ ই মূল্যৱান হৈ পৰিব পাৰে। উদাহণস্বৰূপে, পশ্চিমবংগত সঘনে বানপানী সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্রী মানুহৰ সু-প্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে। অর্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।
১৭) সম্পত্তিৰ এটা উদাহৰণ দিয়া।
উত্তৰ: ভূমি ।
১৮) সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহব'ও পাৰে - কথাষাৰ বুজাই লিখা।
উত্তৰ: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক (Wealth) বোলা হয়। ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰপৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। ইয়াৰ বজাৰ মূল্য আছে।
কিন্তু সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মৃত্তিকা, নদী-হ্রদ, শিক্ষা, সামাজিক অনুষ্ঠান, উপযুক্ত চৰকাৰ, জনস্বাস্থ্য আদিক সম্পত্তিৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা নহয়। কাৰণ ইয়াৰে কিছুমান অপর্যাপ্ত আৰু আন কিছুমান হস্তান্তৰ নহয় আৰু বজাৰ মূল্য নাই। গতিকে সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে।
তদুপৰি সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়, কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে। উদাহৰণস্বৰূপে বজাৰ মূল্য থকা বিষ, ৰাসায়নিক কীটনাশক দ্ৰব্য আদি সম্পত্তি। কিন্তু এইবোৰৰ সেৱন মানুহৰ বাবে অপকাৰী বা বিপদজনক। সেয়ে এনেবোৰ সামগ্ৰী সম্পদ নহয়।
১৯) সম্পদৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?
উত্তৰ:সম্পদ বিভিন্ন প্ৰকাৰৰ। যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি।
১) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। ২)তদুপৰি গঠন অনুসৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ হিচাপে ভাগ কৰিব পাৰি।
৩) উপলব্ধ বা স্থায়িত্ব অনুসৰি সম্পদসমূহক নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ হিচাপে ভগাব পাৰি ।
৪)আকৌ, মালিকীস্বত্ব অনুসৰি সম্পদসমূহক ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি ।
২০)প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ: যিবোৰ সম্পদ যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদার্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্রাকৃতিক সম্পদ (Natural Resource) বোলা হয়।
২১) মানৱ সৃষ্ট সম্পদ কাক বোলে?
উত্তৰ: প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্রীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপোৰ; খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেপ্প্থা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰপৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্ৰী আদিৰ কথা ক’ব পাৰি। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বোলা হয়।
২২) প্ৰাকৃতিক সম্পদৰ এটা উদাহৰণ দিয়া।
উত্তৰ: কয়লা,খনিজ তেল।
২৩) মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ দিয়া।
উত্তৰ: কৃত্ৰিম কাপোৰ, প্লাষ্টিক আদি ।
২৪) জীৱীয় সম্পদ কাক বোলে?
উত্তৰ: প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ (Biotic Resource) বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।
২৪)অজীৱীয় সম্পদ কাক বোলে?
উত্তৰ:যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ (Abiotic Resource) বোলে। মাটি, শিল, পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।
* কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰপৰা জীৱীয় মূলৰ। কিন্তু বর্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে এইবোৰক অজীৱীয় সম্পদৰ শ্ৰেণীত ধৰা হয়।
২৫)নৱীকৰণযোগ্য সম্পদ কাক বোলে?
উত্তৰ: যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নবীকৰণ বা পুনঃপূর্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ ( Renewable or Inexhaustible Re - source) বোলা হয় । অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।
২৬) অনবীকৰণযোগ্য সম্পদ কাক বোলে?
যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ (Non-Renewable or Exhaustible Re - source) বোলে । উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ আদি), প্রাকৃতিক গেছ আদি অনবীকৰণযোগ্য সম্পদ।
২৭) ব্যক্তিগত সম্পদ কাক বোলে?
উত্তৰ: মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা - সম্পত্তি আৰু নিজা ভাল গুণ যেনে - ভাল চৰিত্ৰ , শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলে।
২৮) ব্যক্তিগত সম্পদৰ এটা উদাহৰণ দিয়া।
উত্তৰ: মানুহৰ নিজা অধিকাৰত থকা ভূমি।
২৯) জাতীয় সম্পদ কাক বোলে?
উত্তৰ: এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে— ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ (National Resource) বোলা হয়। উদাহণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।
৩০) আন্তর্জাতিক বা বিশ্ব সম্পদ কাক বোলে?
উত্তৰ: সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে— সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ (International or World Resource) বোলা হয়।
৩১) কিহে বিশ্ব সম্পদসমুহৰ উদঘাটন আৰু ব্যবহাৰ পৰিচালনা কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘই ।
৩২)চিৰ বিৰাজমান সম্পদ কাক বোলে?
উত্তৰ: প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য। এনেবোৰ প্রাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ (Ubiquitous Resource) বোলে।
৩৩) স্থানিক সম্পদ কাক বোলে?
উত্তৰ: প্রাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক স্থানিক সম্পদ (Localised Resource) বোলা হয়। উদাহৰণস্বৰূপে কয়লা, পেট্রলিয়াম, লো, ইউৰেণিয়াম আদি বিভিন্ন খনিজ পদার্থ, উদ্ভিদ শ্রেণী, শস্য ইত্যাদি।
৩৪) সম্পদ সংৰক্ষণ কাক বোলে ?
উত্তৰ: সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ (Conservation of Resources) বোলা হয়।
৩৫) সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি?
উত্তৰ: সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।
৩৬)সম্পদ সংৰক্ষণ বুলিলে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কাৰ্যকে বুজাই নে?
উত্তৰ: নুবুজায় ।
৩৭) বিলুপ্তি হ'ব ধৰা কিছুমান উদ্ভিদৰ নাম লিখা ।
উত্তৰ: সৰ্পগন্ধা , ছালকুঁৱৰী, কালমেঘ, অর্জুন, অগৰু, চিৰতা, জাইফল, শতমূল, শুকলতি আদি প্রায় বিলুপ্তি হ'ব ধৰিছে।
৩৮) কি কি প্ৰানীৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে ?
উত্তৰ: বাঘ, হাতী, গঁড়, ভালুক, ডলফিন, সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে।
৩৯) বিলুপ্ত হ’ব ধৰা কেইবিধমান প্ৰানীৰ নাম লিখা ।
উত্তৰ: সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ, নল-গাহৰি, শিহু, দেওহাঁহ, ধনেশপক্ষী, বৰটোকোলা আদি ।
৪০) IUCN ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: International Union for Conservation of Nature.( আন্ত: ৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা)।
৪১) IUCN কিমন ছনত প্ৰতিস্থা কৰা হৈছিল ?
উত্তৰ: ১৯৪৮ ছনত।
৪২) UNESCO ৰ সম্পুৰ্ন নাম কি ?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা ।
৪৩)ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালকপ্ৰধান গৰাকীৰ নাম কি?
উত্তৰ: জুলিয়ান হাক্সলে (ব্ৰিটিছ জীৱবিজ্ঞানী) প্ৰচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল।
৪৪) কাৰ প্ৰচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল ?
উত্তৰ: জুলিয়ান হাক্সলেৰ ।
৪৫) IUCN সংস্থাটোৰ মূল উদ্দেশ্য কি?
উত্তৰ: IUCN সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।
৪৬) সম্পদ সংৰক্ষণৰ কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ:সম্পদ সংৰক্ষণৰ কেইটামান পদ্ধতি হৈছে -
ক) বিকল্প সম্পদৰ সন্ধান: কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাবনা উদ্ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ; প্রাকৃতিক ৰবৰৰ সলনি কৃত্রিম বহু আদি একো একোটা বিকল্প সম্পদ। তদুপৰি অনবীকৰণযোগ্য সম্পদ যেনে— কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে ।
(খ) পুনৰাবৰ্তন : সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাবৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি।
(গ) অভিযোজন বা নৱপ্ৰচলন ঃ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন (Innovation) প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ’বপৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।
(ঘ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস ঃ কেঁচা সামগ্ৰীৰপৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। উদাহৰণস্বৰূপে, গছ কাটি কাঠৰ সামগ্ৰী তৈয়াৰ কৰোঁতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা আন লঘু বা কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ'ব। কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়, সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্ৰীলৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব।
(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ : সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।
(চ) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণঃ সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ'ব লাগে।
(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন : সম্পদ ব্যৱহাৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পর্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্রয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি কৰিব পাৰি।
(জ) সম্পদসমূহৰ ভৱিষ্যৎ প্রয়োজন নিৰ্ধাৰণঃ সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদ্ঘাটনতো দ্রুততা আনিব পাৰি।
৪৭) কিমান চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে?
উত্তৰ: ১৯৮৬ চনত।
৪৮) কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?
উত্তৰ: ৫ জুন তাৰিখে।
৪৯) অসমত পৰিৱেশ সংৰক্ষণৰ বাবে গঠন কৰা সংস্থাৰ নাম লিখা।
উত্তৰ: অসম বিজ্ঞান সমিতি আৰু আৰন্যক।
৫০)পৰিৱেশ সংৰক্ষণৰ বাবে গঠন হোৱা এটা মন্ত্ৰণালয়ৰ নাম লিখা।
উত্তৰ: পৰিৱেশ , বন আৰু জলবায়ু পৰিৱৰ্তন।
৫১) পৰিৱেশ সংৰক্ষণৰ বাবে গঠন হোৱা ভাৰতৰ সংস্থাসমূহৰ নাম লিখা।
উত্তৰ: বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ আৰু
ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া।
0 Comments
Comment