গীত
পাহাৰৰে সীমনাত সিপাৰেনো কি মই নাজানো
মৰমৰে উম পাহৰনে মই নুবুজু
কি যে সাথঁৰ এয়া মোৰ ভালপোৱা
কি যে সাধঁৰ এয়া মোৰ ভালপোৱা
জানানে তুমি বাৰু অঅ……...
পাহাৰৰে সীমনাত সিপাৰেনো কি মই নাজানো
ৰিব ৰিৱ মলয়াই গুনগুনাই
মন মন্দিৰত সজালো শৰাই
অঅঅঅ…………...
ৰিব ৰিৱ মলয়াই গুনগুনাই
মন মন্দিৰত সজালো শৰাই
এজাক পচোৱাই বননি কপাঁই
হিয়াত ফুলৰে সুৰভি হেৰায়
অ এজাক পচোৱাই বননি কপাঁই
হিয়াত ফুলৰে সুৰভি হেৰায়
কি যে সাথঁৰ এয়া মোৰ ভালপোৱা
কি যে সাথঁৰ এয়া মোৰ ভালপোৱা
জানানে তুমি বাৰু অঅ…………..
পাহাৰৰে সীমনাত সিপাৰেনো কি মই নাজানো,
জিৰি জিৰি বৰষাই মোকে তিয়াই
জীয়া যৌৱনত জুই হে জ্বলাই
জিৰি জিৰি জুৰি বয় সাগৰ ধিৰাই
আশাৰ পাপৰি মৰহি শুকাই
অ জিৰি জিৰি জুৰি বয় সাগৰ ধিৰাই
আশাৰ পাপৰি মৰহি শুকাই
কি যে সাধঁৰ এয়া মোৰ ভালপোৱা
কি যে সাধঁৰ এয়া মোৰ ভালপোৱা
জানানে তুমি বাৰু অঅ……...
পাহাৰৰে সীমনাত সিপাৰেনো কি মই নাজানো
মৰমৰে উম পাহৰনে মই নুবুজু
কি যে সাধঁৰ এয়া মোৰ ভালপোৱা
কি যে সাধঁৰ এয়া মোৰ ভালপোৱা
জানানে তুমি বাৰু অঅ.....
পাহাৰৰে সীমনাত সিপাৰেনো কি মই নাজানো
অঅঅঅঅঅ………………….. .।
0 Comments
Comment