অমৰ বাণী

অমৰ বাণী




                    অমৰ বাণী 



১) ভাল গুণ আৰু সু অভ্যাস গঠণৰ কাৰণে ল'ৰা - ছোৱালীৰ আগত   মহৎলোকৰ জীৱনৰ মহৎ কাৰ্য্যাৱলীৰ চানেকি দাঙি ধৰিব লাগে। 


                  -------- প্লেটো 


২) মৰমে মৰম জন্ম দিয়ে।


             -------- ছফোপলচ্



৩) মানুহৰ মনে সকলো কৰিবলৈ সমৰ্থ ; কাৰণ মনটোতেই সকলো আছে, অতীতো আছে ভৱিষ্যতো আছে। 


        ------ যোছেফ কনৰাড 


৪) অধিক বাক্যত অপৰাধৰ অভাৱ নাই। কিন্তু যিজনে নিজৰ ওঁঠক দমন কৰে তেওঁ বুদ্ধিমান।


               ---------  চলোমন 



৫) যি কাম নিজৰ বাবে বেয়া সেই কাম আনৰ বাবেও বেয়া। 


                   -------- মহাবীৰ 


  ৬) বেয়া ঘটনাৰ অন্তৰালত বেয়া কাৰণ থাকে। 


                  -------  এৰিষ্টটল


৭) উদ্দেশ্য যদি মহৎ হয়, কৰ্ত্তব্যত যদি শিথিলতা নাথাকে, ব্যর্থতা -কেতিয়াও আহিব নোৱাৰে।


      -------- ৰবীন্দ্ৰ নাথ ঠাকুৰ


৮) তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা। . 


              -----– কনফুচিয়াচ



৯) ব্যস্ততা প্ৰকৃতিৰ চিকিৎসক আৰু ই মানুহৰ আনন্দৰ বাবে অপৰিহাৰ্য্য। 


                       ------গেলেন


১০) আবিস্কাৰ কৰি যোৱা ব্যাখ্যাৰ পৰা আঁতৰি থকা।


               ------- জর্জব্রাকে



১১) সংসাৰত কোনো কাম কৰিবলৈ হলে মানুহক ভাবিবলৈ বাধ্য কৰাব লাগিব যে সেই কাম তেওঁলোকৰ বাবেই কৰা হৈছে। 


                  -----— লাসুৱেৰ 


১২) মহৎ চিন্তাৰ সৈতে থকাসকল কেতিয়াও অকলশৰীয়া নহয়। 


        -------- ফিলিপ চিডনী 


১৩) যিজন মানুহক তুমি ভাল নোপোৱা তেওঁৰ বিষয়ে ভাবি এক মিনিট সময়ো খৰচ নকৰিবা। 


        -------- আইছেন হাৱাৰ


১৪) নিজৰ মততে অযথাভাবে হয়ভৰ নিদিবা। আনৰ মতো বুজিবলৈ চেষ্টা কৰিবা।


                  ------ – মহাবীৰ 


১৫) বৰ্ত্তমানৰ সমস্যা এটাৰ মোকাবিলাৰ উদ্দেশ্যে যিয়ে মিছা আশা দেখুৱাই তাৰ দ্বাৰা হতাশা আৰু অশান্তিহে কঢ়িয়াই অনা হয়।


              -------- ড° জনছন 


১৬) জীৱনৰ আগছোৱাত কৰা ভূলে মানুহৰ ভালেমান উপকাৰ কৰে।


            ------- টমাচ হাক্সলি


১৭) আমি ভালপোৱা মানুহৰ সৈতে যেতিয়া ভ্ৰমণ কৰিবলৈ লওঁ তেতিয়া নিজৰ ঘৰখনকে চলন্ত অৱস্থাত পাওঁ।


                  ------ লেইহাণ্ট -


১৮) মদ বিক্ৰীৰ পৰা পোৱা ৰাজহে কোনো সৎ উদ্দেশ্য পূৰণ কৰিব নোৱাৰে।


        ------- মোৰাৰজী দেশাই



১৯) মদে তুচ্ছ বিষয় উদ্ভাসিত আৰু অনর্থক কথাৰ অৱতাৰণা কৰে। ই অপ্রকাশিত গোপনীয় কথা প্ৰকাশ কৰে। 


               -------– চিচেলাৰ


২০) আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো ; কিন্তু একেখন পৃথিৱীতে ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই। 


     -------- মার্টিন লুথাৰ কিং 


২১) সদায় দুটা কাৰণত ভুল হব পাৰে, দ্বিতীয়টো নগন্য হৈ পৰে যদিহে প্ৰথমটো সংশোধন কৰিব পাৰি। 


              ------- পিট্‌চ প্রকল্প


২২) যিকোনো ভাষাৰ মৃত্যু হলেই মই বেদনা অনুভৱ কৰো। কাৰণ ভাষাই হ’ল পৃথিৱীৰ জাতি সমূহৰ বংশ পৰিচয়। 


                ------- ড° জনচন


২৩) কথা কম কবা, কাম বেচিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা, সৎলোকৰ উপদেশ শুনিবা, তোমাৰ মংগল হব । 


                   ------- চক্ৰেটিছ


২৪) মহিলাসকল পুৰুষতকৈ জ্ঞানী, কিয়নো – তেওঁলোকে কমকৈ জানে; আৰু বেছিকৈ উপলব্ধি কৰে। 


                  ------– ষ্টিফেনচ্


২৫) বিৰূপ সমালোচনাৰ প্ৰতি আওকান কৰি যোৱা লোকেই মহত্ব অর্জন কৰিব পাৰে। 


        --------- এডৱাৰ্ড হার্বাট


২৬) প্রকৃত মহৎলোক এজনক তিনিটা লক্ষণেৰে চিনা যায় – উদ্দেশ্যত উদাৰতা,কার্য সম্পাদনত মানৱতা আৰু কৃতকাৰ্য্যতাত আত্ম সংযম।


                   -------- বিচমার্ক


-


Post a Comment

0 Comments