জতুৱা ঠাঁচ

জতুৱা ঠাঁচ



                       জতুৱা  ঠাঁচ : 



 আওকাণ কৰ  : অৱহেলা কৰ (to ignore ) 


আধাৰ বাট্ : খাদ্য বা আহাৰ খুৱা (to feed) (পখীৰ ক্ষেত্ৰত)


আমোদ কৰ   : উপভোগ কৰ্ (to enjoy )


কাষৰ হ : একাষৰীয়া হ (to stand off)


কাণ তাল মাৰ্ :  : কলা হৈ যা (to deafen)


কাঁহ পৰি জিন যা : ঃ হাই-উৰুমিৰ পাছত একেবাৰে নিস্তব্ধ হোৱা :(to prevail                                dead silence)


কোঁচ পাত :  : প্রসাদ বা ভিক্ষা খোজ(to big aims or prasad)



খতা দি:    কৃতজ্ঞতা নজনোৱাত সোঁৱৰাই দিয়া (to confront by imputing ungratefulness)



খচ্‌কৈ কৰ্ :: তাৰাতাৰি কৰ্ (to make haste)


 খাজ খা :: উপযুক্ত হ (to fit into coincide)


খোহা মাৰ্ :: খেৰৰ চালত খেৰ থুপাই সুমাই থ (to patch by thatching )


গঢ় লাগ্ :: উপযুক্ত হ, উপযুক্তভাৱে কামত লাগ্ (to take shape)


গৰ্‌ (গড়) লাগ্ :: ওখ-চাপৰ অনুভৱ কৰা (to feel rough and uneven) শোৱা বিছনাত ওখ-চাপৰ হোৱা বুজায়।


গহ্ কৰ্ :: গর্ব কৰ (to claim with pride)


গেৰি মাৰ্ :: চিঞৰি মাত্‌ (to call by shouting)


গাল মাৰ্ :  হাতৰ মুঠিৰে মুখত দে (to put into the mouth by handful)


ঘোপা কৰ্ :: খং কৰি চা (to contract the eyes with anger)


ঘেৰ দি  : চাৰিওফালে আগুৰ্ (to encircle)


চঁক খা :: আচৰিত হ (to be astonished)


ছল চা :: সুবিধালৈ অপেক্ষা কৰ্ (to await opportunity)


চাত মাৰ :১। হঠাৎ নাইকিয়া হ (to dazzle)

               ২। বাঁহৰ খুটি পোত- অধিকাৰৰ সীমা বা শ্মশান ভূমিত ।


চান্ থ : গণনাত চিন থ (to keep sign in counting ) 


চিপ্ মাৰ :: হঠাতে ওপৰলৈ টান ( to pull upwards) বৰশী বোৱাত ৷


চিলিম ছিগ : : শেষ আশাও নাইকিয়া হ (to lose the last hope)


চোভা কৰ :: সন্দেহ কৰ (to suspect)


জুম বান্ধ :: একেথুপ হ (to throng. to assemble) 


জুটি চা :: আস্বাদন ল, ফল পা (to test)


টিকি মাৰ :: চিঞৰি উঠ (to shout out)



ঠন ধৰ  : সুন্দৰ গঠন ধৰ (to grow luxuriant) 


 ঠৰ লাগ : হতবাক হ (to stiffen)


ঠাৰ দি :: ইংগিত দি (to make sign)


ঠেহ পাত্ :: আপত্তি কৰি আদৰ জনাই থাক্ (to show sulkiness)



ভাংকোপ মাৰ্ :: গর্ব কৰ্ (boast)


দেও দি :: জপিয়া (to jump up )


 খান্ থিত লাগ :: সুস্থিৰে বাস কৰ্ (to settle down)



দেউকি হ : : ভীত হৈ পৰ্‌ (to get frightend)


 
দাং দি : : শাল মাৰ, বন্ধ কৰ্ (to bolt)


ধেন দি :: পোৱালি দি, (বৈদিক ধেনা (to give birth to young as a cow)


নজৰ দি :: লক্ষ্য কৰ্ (to have a look at)


পথ দি :: জন্তক আহাৰ দি (to give food or diet)


পহ পা : উপায় উলিয়াই ল (to find the way )


পাজৰ হ: একাষৰীয়া হ (to stand off, to move a side)


পিট্‌ খা : : হেঁচা খাই বহি নোযোৱা হ (be pressed) 


ফাক্ পাত্‌ : : বুদ্ধি কৰ্ (to play a trick)


ফেৰ মাৰ :  ১। উপযুক্ত হ (to adjust the  balance) 

                ২। প্রতিযোগিতা কৰ্ (to  contest)


ফিতাহি মাৰ্ : গৰ্বেৰে নিজক দেখা (to show oneself with pride of vanity)


ফুটনি মাৰ : : অহংকাৰ কৰ্ (to boast)


বাচ পৰ: পৰিত্যক্ত হ (to be rejected as worthless)


বান্ধ থ : অংগীকাৰ্ কৰ্ (to bet)


ভিঠিমৰা  হ :: বংশৰ আটাইবোৰ মৰি শেষ হ (to die and all leaving the homestead deserted)


মুধা ফুট: মহৎ বা বিজ্ঞ হ ( to become great)


মেকা হ : বেয়া গোন্ধ ওলা (ভাতত খাটে)


ৰেহৰূপ চা : চাল-চলন চা (to watch one's movement)


ৰোজ দি :: দৈনিক খাদ্য যোগাৰ দি


 ৰোজাৰ দি : : দৈনিক খাদ্য যোগাৰ দি


ৰোহ্ পাত্‌ :  : আপত্তি কৰি আদৰ জনাই থাক্ (to show  sulkiness)


ৰোল বহ্ ::  গতানুগতিক হ (to make a precedent )


সেপ্ ঢোক :: ভাগৰত থুই গিলা- (to swallow spittle) 


 সেকা দি :: শাস্তি দে (to punish)


হনহ্‌ ফনহ্ কৰ্ :: উৎসাহ ভৰে কামত লাগি দেখা (to engaged with interest and pride)


হল্‌ ফল্‌ কৰ্ :: ধুনীয়া কোমল মাংসপেশী থকা (নাৰীৰ স্তনৰ ক্ষেত্ৰত (be fleshy but soft and lovely female breasts ) "


হামকুৰি খা :: হামখুৰি খা, সম্মুখলৈ হঠাতে পৰা (to fall suddenly in the front)


হাবাথুৰি খা :: অতি কষ্টৰে যত্ন কৰ (to try the best or to try one's utmost)


Post a Comment

0 Comments