ভূপেন হাজৰিকাৰ গীত
ৰাইজ আজি ভাৱৰীয়া
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল’বা আহাঁ
সময় যে তাকৰ।।
আখৰা নেলাগে, নেলাগে পোছাক
নঙঠা হৈয়েই আহাঁ
ভোকাতুৰ পেটতে গামোচা বান্ধি
উন্মাদ হৈ আহাঁ।
তেহে ৰহণ চৰিব নাটৰ।
কোনে কি ভাও ল’বা আহাঁ
সময় যে তাকৰ।
পৰিচালকক সুধিবৰ হ'ল
মুখাৰে কিমান ঠগিবা
টেক্নিক্ ভৰা নাটেৰে কিমান
নাটনিৰ নাট মেলিবা?
সংলাপ নেলাগে মিঠা ভাষাৰ
আৰ্ত্তনাদেৰেই কোৱাঁ
দুষ্টজনকে চেতনাৰে যুঁজি
বীৰৰ যোগ্য হোৱাঁ;
তেহে ৰহণ চৰিব নাটৰ।
কোনে কি ভাও ল’বা, আহাঁ
সময় যে তাকৰ।
0 Comments
Comment