ইতিহাস
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
১) খলিফা কোন আছিল?
উত্তৰ: তুৰস্কৰ সম্ৰাট ।
২) কোনে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল?
উত্তৰ: মুছলমানসকলে ।
৩) কাৰ নেতৃত্বত খিলাফট সমিতি গঠন কৰিছিল?
উত্তৰ: মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত।
৪) খিলাফট সমিতিৰ প্ৰধান উদ্দেশ্যে কি আছিল?
উত্তৰ: ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্য্যাদালৈ ঘূৰাই অনা ।
৫) খিলাফট আন্দোলনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰে পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘুৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।গান্ধীজীয়ে খিলাফৎ সমিতিক অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল’বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল।
৬) কেতিয়াৰ পৰা কেতিয়ালৈকে অসহযোগ আন্দোলন চলিছিল?
উত্তৰ: ১৯২০ চনৰ পৰা ১৯২২ চনলৈ ।
৭) অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য কি আছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য আছিল - ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা।
৮) অসহযোগ আন্দোলনত অৰিহণা যোগোৱা কাৰকসমূহ কি কি আছিল?
উত্তৰ: অসহযোগ আন্দোলনত অৰিহণা যোগোৱা কাৰকসমূহ আছিল -
(১) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।
(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্রহণ। এই আইনে সন্ত্রাসবাদৰ সন্দেহত যিকোনো লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সর্বব্যাপী প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল।
(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড।
(৪) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ।
(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলনৰ প্ৰতি সমর্থন।
৯) কোনখন সভাত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল?
উত্তৰ: ১৯২০ চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল।
১০) অসহযোগ আন্দোলনত গ্ৰহণ কৰা মূল কাৰ্য্যসূচীসমূহ কি আছিল?
উত্তৰ: অসহযোগ আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। হিন্দু-মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল।
এই আন্দোলনত গ্ৰহণ কৰা মূল কাৰ্য্যসূচীসমূহ আছিল এনেধৰণৰ -
১)নানান ঠাইত বিদেশী বস্ত্ৰ জ্বলাই দিয়া হৈছিল।
২)বিদেশী ব্যয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল।
৩)বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰিছিল।
৪)বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
৫)কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল।
৬)শেঠ যমনালাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল।
৭)কংগ্ৰেছে প্রায় চল্লিশ লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল। বিশ হাজাৰ চৰখা (যঁতৰ) নিৰ্মাণ কৰা হৈছিল।
৮) নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদবোৰৰ সমাধান ৰাইজৰ আদালতত কৰা হৈছিল।
৯) অসহযোগ আন্দোলনৰ খৰচ-পাতিৰ বাবে গঢ়ি তোলা তিলক স্বৰাজ পুঁজিয়ে খুব কম সময়ৰ ভিতৰতে এক কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
১০) মহিলাসকলেও সক্রিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰিছিল। জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল।
অসহযোগ আন্দোলনত এনেধৰণৰ কাৰ্য্যসূচীসমূহ গ্ৰহণ কৰা হৈছিল।
১১) অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি আছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছিল।
অসহযোগ আন্দোলনৰ ইতিবাচক দিশ:
অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁতবোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল। হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্রচেষ্টা, হিন্দু-মুছলমানৰ ঐক্য সাধন, মাদকদ্রব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকর্ষ সাধন অসহযোগ আন্দোলনৰ অৱদান। স্বৰাজ্য পুঁজি হিচাপে তিলক স্মাৰকৰ বাবে কোটি কোটি টকাৰ দান-বৰঙনি সংগ্ৰহো ইয়াৰ ফলত সম্ভৱ হৈছিল।
অসহযোগ আন্দোলনৰ নেতিবাচক দিশ :
বিধান মণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান— এই তিনি বর্জন কার্যক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে আঙুলিওৱা হয়। সেইদৰে ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা নানান বঁটা-বাহন আৰু উপাধি পৰিত্যাগ কৰাৰ দৰে কাৰ্যসূচীসমূহো অসহযোগ আন্দোলনৰ অংশ স্বৰূপ আছিল।
কিন্তু নেতিবাচক দিশবোৰে কিছুমান ইতিবাচক সংস্কাৰ সাধনো কৰিছিল। ৰাজহুৱা বিচাৰ সভাৰ ব্যৱস্থা, জাতীয়তাবাদী ভাবধাৰাৰ বিদ্যালয়মহাবিদ্যালয় স্থাপন কৰি চৰকাৰী স্কুল ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ সুবিধা প্রদান কৰা ইত্যাদি তেনেধৰণৰ সংস্কাৰ কাৰ্যসূচী আছিল। অসহযোগকাৰীসকলে যাতে অহিংসা নীতি সকলো ক্ষেত্ৰতে কঠোৰভাৱে মানি চলে আৰু যিকোনো পৰিস্থিতিতে যাতে তেওঁলোকে সত্যক বিসর্জন নিদিয়ে, সেই কথা স্পষ্ট কৰি দিয়া হৈছিল।
১১) কোনখন অধিবেশনে গান্ধীজীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনক আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল?
উত্তৰ: ১৯২০ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত নাগপুৰ অধিবেশনে ।
১২) নাগপুৰ অধিবেশনত কংগ্ৰেছৰ উদ্দেশ্য কি আছিল?
উত্তৰ: সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে জনতাৰ দ্বাৰা স্বৰাজ লাভ কৰা।
১৩) অসহযোগ আন্দোলনৰ অন্ত কেনেদৰে পৰিছিল ?
উত্তৰ : অসহযোগ আন্দোলনে সমগ্ৰ ভাৰত ব্যাপি অতি প্রবল প্ৰভাৱ পেলাইছিল আৰু সফলতা অৰ্জন কৰিছিল।১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মর্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল। তেতিয়া বহুতো কংগ্ৰেছ নেতাই গান্ধীৰ সিদ্ধান্তক আদৰণি জনাইছিল, আন এচাম জাতীয় নেতাই আকৌ এটা সাধাৰণ হিংসাত্মক ঘটনাৰ বাবে আন্দোলন বন্ধ কৰি দিয়াটো ভাল পোৱা নাছিল। সি যি কি নহওঁক, কংগ্ৰেছ কাৰ্যবাহী কমিটিয়ে গান্ধীৰ সিদ্ধান্তত সম্মতি জনাই আৰু ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ অন্ত পৰে। ১৯২২ চনৰ ১০ মাৰ্চত গান্ধীক আটক কৰা হয় আৰু বিদ্ৰোহত উদগনি জনোৱাৰ অপৰাধত ৬ বছৰ কাৰাদণ্ড বিহা হয়।
কিন্ত গান্ধী নিজৰ অহিংস নীতিত অটল আছিল। গান্ধীৰ কাৰাদণ্ডই আন এক প্রবল আন্দোলনৰ পথ প্রশস্ত কৰি তুলিছিল। এনেকৈয়ে অসহযোগ আন্দোলনৰ অন্ত পৰিছিল ।
১৪) চৌৰিচৌৰাৰ ঘটনা সম্পৰ্কত চমুকৈ লিখা ।
উত্তৰ: ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মর্মাহত হৈছিল।সেয়েহে তেওঁ অসহযোগ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল।
১৫) কেতিয়া গান্ধীক আটক কৰা হৈছিল ?
উত্তৰ: ১৯২২ চনৰ ১০ মাৰ্চত ।
১৬ ) কেতিয়া অসহযোগ আন্দোলনৰ অন্ত পৰে ?
উত্তৰ: ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ অন্ত পৰে।
১৭ ) চৌৰিচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ: ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে ।
১৮) চৌৰিচৌৰাৰ ঘটনা ক'ত সংঘটিত হৈছিল ?
উত্তৰ : উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত ।
১৯ ) ছাইমন কমিছন সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:১৯১৯ চনত ভাৰত চৰকাৰ আইন প্রণয়ন হোৱাৰ দহ বছৰ পিছত আইনখনৰ কার্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল। সেই মৰ্মে ১৯২৮ চনত ছাৰ জন ছাইমনৰ নেতৃত্বত এখন সাতজনীয়া আয়োগে ভাৰতত পদার্পণ কৰে। কিন্তু উক্ত আয়োগত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক বর্জন কৰে৷ ‘ছাইমন ঘূৰি যোৱা’ ধ্বনিৰে কংগ্ৰেছে প্রতিবাদ সাব্যস্ত কৰে। লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নির্দয়ভাবে লাঠি চালনা কৰে, য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে।
এই কমিছনত অকল ব্ৰিটিছ সংসদৰ সদস্যকহে অন্তৰ্ভুক্ত কৰা হৈছিল। মণ্টেগো চেমচফৰ্ড সংস্কাৰ (১৯১৯) কিমানদূৰ কৃতকার্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই ১৯২৭ চনত গঠিত হোৱা এই কমিছনৰ প্ৰধান উদ্দেশ্য আছিল। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবোৰে ভাৰতীয় প্রতিনিধি নথকা বাবে ইয়াক গ্ৰহণ কৰা নাছিল আৰু ‘স্বেতকায়সকলৰ কমিছন' বুলি অভিহিত কৰিছিল। এই কমিছনৰ প্ৰতিবাদস্বৰূপে ১৯২৮ চনৰ ৩ ফেব্ৰুৱাৰিত বংগদেশত এক হৰতাল আৰম্ভ হৈছিল। ছাইমন কলিকতাত গৈ উপস্থিত হোৱাত বিভিন্ন প্রতিবাদৰ সন্মুখীন হৈছিল।
২০) ছাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল ?
উত্তৰ : ১৯২৮ চনত ।
২১) কি ধ্বনিৰে কংগ্ৰেছে ছাইমন কমিছনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে ?
উত্তৰ: ‘ছাইমন ঘূৰি যোৱা’ ধ্বনিৰে ।
২২ ) কোনটো দিনত গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হয়?
উত্তৰ: ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হয়।
২৩) কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়?
উত্তৰ: ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়।
২৪) আইন অমান্য আন্দোলনৰ প্রধান কাৰণ কি আছিল ?
উত্তৰ: ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন।
২৫) কোনখন কমিছনক ‘স্বেতকায়সকলৰ কমিছন' বুলি অভিহিত কৰিছিল ?
উত্তৰ: ছাইমন কমিছনক ।
২৬) কোনখন অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব ?
উত্তৰ : ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব।
২৭) ছাইমন কমিছনৰ প্ৰধান উদ্দেশ্য কি আছিল ?
উত্তৰ: মণ্টেগো চেমচফৰ্ড সংস্কাৰ (১৯১৯) কিমানদূৰ কৃতকার্য হৈছিল তাক অনুসন্ধান কৰাটোৱেই ১৯২৭ চনত গঠিত হোৱা এই কমিছনৰ প্ৰধান উদ্দেশ্য আছিল।
২৮) মহত্মা গান্ধীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ প্ৰেৰণ কৰা দাবীসমূহ কি কি ?
উত্তৰ : ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে গান্ধীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে। এই দাবীসমূহ আছিল—
ক) মাদক দ্রব্যৰ প্ৰচলন বন্ধ;
খ) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি;
গ) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা;
ঘ) লোণ কৰ বন্ধ কৰা;
ঙ) সৈন্য বাহিনীৰ ব্যয় কমোৱা;
চ) প্রশাসনীয় ব্যয় সংকোচন কৰা;
ছ) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ;
জ) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা;
ঝ) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি
ঞ) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া
ট) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা।
২৯) দাণ্ডি যাত্রা বুলিলে কি বুজা ?
উত্তৰ: আইন অমান্য আন্দোলন ১৯৩০ চনত গান্ধীৰ ‘লোণ সত্যাগ্রহ'ৰ জৰিয়তে আৰম্ভ হৈছিল । ১৯৩০ চনৰ ১২ মাৰ্চত এই যাত্ৰাৰ আৰম্ভণি হৈছিল।সেইদিনা গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। একেৰাহে ২৫ দিন যাত্ৰা কৰি প্ৰায় ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰাৰ পিছত তেওঁলোক ১৯৩০ চনৰ ৬ এপ্রিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতেই লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্রস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ইয়াকে দাণ্ডি যাত্রা বুলি জনা যায় ।
৩০) সীমান্ত গান্ধী নামেৰে পৰিচিত ব্যক্তি গৰাকী কোন ?
উত্তৰ: খান আব্দুল গফুৰ খান ।
৩১) কংগ্ৰেছে কিয় প্ৰথমখন ঘূৰণীয়া মেজমেল বর্জন কৰিছিল ?
উত্তৰ : আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বর্জন কৰিছিল।
0 Comments
Comment