অমৰ বাণী
১) বিশ্বাসযোগ্য বাতৰিৰ অবিহনে অচিৰেই হওঁক বা পলমকৈ স্বাধীনতাৰ ভেটি হেৰুৱাব লাগিব।
-------- হেৰৰ্ল্ড জে, লাস্কি
২) প্রেমিক প্রেমিকাই কেতিয়াও পৰস্পৰৰ সম্পৰ্কত ক্লান্ত নহয়, কাৰণ তেওঁলোকে অনৰ্গল নিজৰ কথা কোৱাৰ সুযোগ পায়।
---------- লা ৰোশফুকু
৩) প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্ত প্ৰেমৰ বেদনা চিৰস্থায়ী।
--------- ৰবীন্দ্ৰনাথ
৪) বিশ্বৰ বাবে প্ৰয়োজন খাদ্য, আশ্রয়, মৰম-স্নেহ আৰু প্ৰাৰ্থনা, শান্তি আৰু ঐক্যৰ বান্ধোন।
--------- মাদাৰ টেৰেছা
৫) আনৰ মুখত প্ৰেমৰ কথা নুশুনিলে বেচিভাগ লোকেই কোনো দিনে প্ৰেমত নপৰিলেহেঁতেন।
-------- -লা ৰোশফুকু
৬) তোমাৰ যদি এখন বাগিছা আৰু এটা পুথিভঁড়াল আছে তেতিয়া হলে তোমাৰ প্ৰয়োজনীয় সকলোৱেই আছে।
---------- চিচাৰ
৭) যেতিয়াই কোনো এজন মানুহক অতি মাত্ৰাত প্ৰশংসা কৰা হয়,তেতিয়াই তেওঁ এটা উপাস্য বিগ্ৰহত পৰিণত হয়। মানৱ জাতিৰ ভৱিষ্যতৰ কাৰণে ই অতিশয় ক্ষতিকাৰক।
----------- ফ্ৰন্সিস্ক' ফেৰব
৮) এনেকুৱা এজনী ছোৱালী পোৱাটো কঠিন নহয়, যাৰ কোনো প্রেমিক নাই; কিন্তু এনেকুৱা ছোৱালী বিচাৰি পোৱাটো কঠিন যাৰ মাত্ৰ এজনেই প্রেমিক।
---------- লা ৰোশফুকু
৯) পৰোপকাৰেই পূণ্য আৰু পৰৰ ওপৰত অত্যাচাৰেই পাপ।
----------- বেদব্যাস
১০) এজন মানুহৰ স্বাৰ্থখিনিৰ বাবে আন এজনক যন্ত্ৰ হিচাপে প্ৰয়োগ কৰাটো মৰ্য্যাদাৰ প্ৰতি কৰা এটা মহাপাপ।
-----------ইমানুৱেল কাণ্ট
১১) দেশৰ প্ৰগতিৰ বাবে ভগ্ন হৃদয়ৰ লোকসকলে কোনো বিষয়তে কোনো অৱদান আগবঢ়াব নোৱাৰে।
--------- চন্দ্ৰশেখৰ।
১২) শেষ বিচাৰৰ দিনটোলৈ অপেক্ষা নকৰিবা। প্রত্যেক দিনে তোমাৰ বিচাৰ চলিব লাগিছে।
--------- আলবেয়াৰ ক্যেমু
১৩) সমাজৰ অৰ্দ্ধাংশক ৰান্ধনি ঘৰত আবদ্ধ ৰাখি কোনো দেশেই প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে।
----------- লেনিন
১৪) জনসমুদ্ৰৰ স্রোততেই শান্তভাবে প্রতিভাৰ বিকাশ হয়।
------------ গ্যেটে
১৫) যেতিয়া ভাল আৰু বেয়াৰ প্ৰতিযোগিতা হয় তেতিয়া বিশ্বৰ নীতি অনুসৰি ভালটোৱে জয়লাভ কৰে।
------------ টলষ্টয়
১৬) কিতাপ পঢ়াৰ প্ৰতি অনুৰাগ হলেই যে প্রকৃত শিক্ষাৰ বাট মুকলি হ’ল এনে নহয়, বৰঞ্চ ই জ্ঞান অৰ্জনৰ বাটত সময়ে সময়ে প্রতিবন্ধকহে হয়।
---------- এভাৰবেৰী
-
১৭) নিজৰ দৃষ্টিকোণৰপৰা প্ৰতিজন মানুহেই বিপ্লৱী। -
--------- জর্জ বার্ণডশ্ব
১৮) সকলো কাম কৰাৰ সময়ত শেষত ফল কি হব সেইটো বিবেচনা কৰিহে কামটো কৰিবা৷
--------- – লা ফাউন্টেইন
১৯) আনৰ বিভাজন আমি বিচাৰো, কিন্তু আমি নিজে ভাগ ভাগ হ’বলৈ নিবিচাৰো।
---------- লা ৰোশফুকু
২০) মানুহৰ প্ৰিয় হোৱাতকৈ বিশ্বাসৰ পাত্ৰ হোৱাটো বেছি গুৰুত্বপূৰ্ণ।
------------ জর্জ মেকড’নাল্ড
২১) তৰলমনা লোকেহে ভাগ্যক বিশ্বাস কৰে।
---------- এমাৰ্চন
২২) প্রথমে নিজৰ ওপৰত শ্ৰদ্ধা-বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব পাৰিবা।
---------- স্বামী বিবেকানন্দ
২৩) নিজৰ শক্তিৰ ওপৰত বিশ্বাস থাকিলে অন্য একোৱে হেয় কৰিব নোৱাৰে। আমাৰ সদায় এটা ভুল ধাৰণা আছে যে নিজতকৈ আনৰ শক্তি বেছি বুলি ভাবো।
----------নু-ফিল্ড
২৪) আকাশত উৰি ফুৰা চৰাইৰ গতি – বিধিও জনা যায়। কিন্তু ভাব গোপন কৰি ফুৰা বিষয়াসকলৰ গতি-বিধি বুজা টান ।
---------- কৌটিল্য
২৫) বিপ্লৱ ভোজমেলৰ দৰে ভদ্ৰ আৰু চিলাই কামৰ দৰে চিকুণ নহয় ৷
----------- মাও জে দং
২৬) অন্যায় আৰু অবিচাৰৰ সৰব প্ৰতিবাদ জনেৱাটোৱেই হ’ল এজন বিপ্লৱীৰ উল্লেখযোগ্য বৈশিষ্ট্য।
---------- চেওৱেভাৰা
0 Comments
Comment