বিদ্যাধন মহাধন

বিদ্যাধন মহাধন

 

           বিদ্যাধন মহাধন 



বিদ্যাধন মহাধন কবিতাটি কবি ধনাই বৰাদেৱৰ এক অতুলনীয় ৰচনা। এই কবিতাটিৰ যোগেদি তেওঁ বিদ্যা শিক্ষাৰ মহত্ব সম্পৰ্কে বুজাব বিচাৰিছে।





জানা, ল’ৰা কি কাৰণ,

বিদ্যাধন মহাধন?

অন্যধন চোৰে পায়,

অগনিত পুৰি যায়।

ভাই আৰু ভগিণীয়ে,

অংশ কৰি অংশ নিয়ে।


যদি দান কৰা যায়,

ক্ৰমে ক্ৰমে শেষ পায়।

কিন্তু এই বিদ্যা-ধন,

কৰি ল’লে উপাৰ্জন।

চোৰৰ বিফল যত্ন,

চুৰ কৰে হেন ৰত্ন।

ভাই-ভাগী থাকিলেও,

তাৰ অংশী নাই কেও।

অগ্নিলৈ নাথাকে ভয়,

দিলে তাৰ নাই ক্ষয়।

সততে লগত থাকে

দিব পাৰি যাকে তাকে।

যত দান কৰা যায়,

ততোধিক বৃদ্ধি পায়।

বোলে, ল’ৰা ই কাৰণ,

বিদ্যাধন মহাধন।

এতেকে বাক্য ধৰা,

যত্নে বিদ্যা শিক্ষা কৰা।




কবিঃ- ধনাই বৰা

Post a Comment

0 Comments