প্ৰশ্ন ) বিনিময় প্ৰথা কি?
উত্তৰ: সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হল বিনিময় প্ৰথা ।
প্ৰশ্ন) বিনিময় প্ৰথাৰ অসুবিধাসমূহ লিখা ।
উত্তৰ: বিনিময় প্ৰথাৰ অসুবিধাসমূহ হৈছে -
১) সংগতিবিহীন অভাৱ হৈছে বিনিময় প্ৰথাৰ এটা প্ৰধান অসুবিধা ।
২) হিচাপ - নিকাচৰ উমৈহতীয়া এককৰ অভাৱ ।
৩) বিভাজনীয়তাৰ অসুবিধা ।
৪) মূল্যৰ ভাণ্ডাৰৰ অভাৱ ।
প্ৰশ্ন: মুদ্রা কি?
উত্তৰ:ইংৰাজ অর্থনীতিবিদ জিয়ফ্রী ক্রাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ'ল মুদ্রা। মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা আইনৰ দ্বাৰাও সমর্থিত হয়।
প্ৰশ্ন: মুদ্ৰাৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰ: মুদ্ৰাৰ বৈশিষ্ট্য কেইটা তলত ব্যাখ্যা কৰা হ'ল --
১। মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব নহ'লে মুদ্রা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
২)মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্রী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।
৩)মুদ্রা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্রা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব।
৪)মুদ্রা সমজাতীয় বা পূর্ণ সাদৃশ্যযুক্ত হ’ব লাগিব। উদাহৰণস্বৰূপে, যদি এখন ১০০ -টকীয়া নোটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু আন এখন ১০০ টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ তেনেহ'লে সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব। গতিকে সকলোবোৰ ১০০ টকীয়া নোট সকলো পিনৰপৰা একে হ’ব লাগিব। বাকীবোৰ মুদ্ৰাৰ ক্ষেত্ৰতো এই একেটা কথাই খাটিব ।
৫) মুদ্ৰাৰ তাৰল্য (liquidity) গুণ থাকিব লাগিব। মুদ্রা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়।
৬) মুদ্রা হস্তান্তৰযোগ্য হ'ব লাগিব।বেপাৰ-বাণিজ্যৰ পৰিসৰ দিনে দিনে বৃদ্ধি হৈ আহিছে। মুদ্ৰা হস্তান্তৰযোগ্য নহ'লে ইমান বৃহৎ পৰিসৰৰ বেপাৰ-বাণিজ্য সম্পাদন কৰাটো অসম্ভৱ হ'ব।
৭। মুদ্রা বিভাজনীয়। অধিক মূল্যৰ মুদ্ৰা কম মূল্যৰ মুদ্ৰাৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰি। বিনিময় প্রথাত সামগ্রীবোৰ বিভাজনীয় নোহোৱাত বিনিময় ক্ষেত্ৰত অসুবিধাই দেখা দিছিল। মুদ্রা ব্যৱস্থাত এই অসুবিধাটো আঁতৰি গৈছে।
৮)মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ মূল্য দ্ৰুততিত হ্রাস পালে মুদ্ৰাৰ গ্রহণযোগ্যতা লোপ পাব। সেইদৰে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব নোৱাৰিব।
প্ৰশ্ন: মুদ্ৰাৰ তাৰল্য গুণ কি?
উত্তৰ: যিকোনো মুদ্রা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি ক'ব লাগিব।
প্ৰশ্ন: আভ্যন্তৰীণ বেংকীকৰণ (Core banking) বুলি কাক কোৱা হয়?
উত্তৰ:বর্তমান মুদ্রা আৰু বেংকিং ব্যৱস্থাই এনে এটা পর্যায়ও উপনীত হৈছে য'ত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈয়ে লেনদেন সম্পাদিত হৈছে। বেংকৰ হিচাপৰ বহীত যোগ-বিয়োগ হৈছে। ক্রেতাৰ হিচাপৰ ঘৰত লেনদেনটোৰ মুল্য বিয়োগ কৰা হৈছে আৰু বিক্ৰেতাৰ হিচাপৰ ঘৰত সেই মূল্য যোগ দিয়া হৈছে। ইয়াকে আভ্যন্তৰীণ বেংকীকৰণ (Core banking) বুলি কোৱা হয়।
প্ৰশ্ন: মুদ্ৰাৰ কাৰ্যাৱলী সমুহ কি কি ?
উত্তৰ: মুদ্ৰাই প্ৰধানকৈ চাৰিটা কাৰ্য সম্পাদন কৰে। এই চাৰিটা কাৰ্য ইংৰাজীত এইদৰে উল্লেখ কৰা হৈছে : ‘Money is a matter of functions four- a medium, a measure, a standard and a store.'
১। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। বিনিময় প্রথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ ক্ৰয় কৰিব। বিনিময় প্রথাৰ এটা লেনদেন মুদ্ৰা ব্যৱস্থাত দুটা লেনদেনলৈ পৰিৱৰ্তিত হ’ল। মুদ্ৰা হৈ পৰিল বিনিময়ৰ মাধ্যম। যি মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কার্য সম্পাদন কৰিব নোৱাৰে সি মুদ্ৰা হ'ব নোৱাৰে।
২। মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে। সকলো আর্থিক সামগ্ৰীৰ মূল্য আছে। মুক্ত সামগ্ৰীৰহে মূল্য নাথাকে। আমি সেৱন কৰা বতাহ, সূৰ্যৰ ৰশ্মি, নৈৰ পানী ইত্যাদিৰ বাবে মূল্য দিব নালাগে। যিবোৰ সামগ্ৰীৰ বজাৰত বেচা-কিনা হয় সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ'ল সামগ্ৰীটোৰ দাম। মুদ্রা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলো আর্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।
৩) মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে। কিছুমান সামগ্রী আৰু পৰিসম্পদ (assets) বেচা-কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয়। ঋণৰ ক্ষেত্ৰতো ঋণ লওঁতাই ঋণদাতাক ঋণ পৰিশোধ কৰোতে সময় লয়। এনেবোৰ ক্ষেত্ৰত ধন আদায় প্রক্রিয়াটো তৎকালীন নহয়, প্রক্রিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।
৪) মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। সামগ্ৰী সঞ্চয় কৰি ৰাখিব নোৱাৰে। সামগ্ৰীবোৰ সোনকালে নষ্ট হৈ যায়। বিনিময় প্রথাত সেয়ে সঞ্চয়ৰ ভাণ্ডাৰ নাছিল। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্রয়োজন অনুসৰি সামগ্ৰী ক্রয় কৰোতে ব্যৱহাৰ কৰিব পাৰি। এই অৰ্থত মুদ্রা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক'ব পাৰি।
অৱশ্যে বিশেষ একোটা পৰিস্থিতিত মুদ্ৰাৰ মূল্যৰ স্থিৰতা সম্পূৰ্ণকৈ হেৰাই গ'লে (উদাহৰণস্বৰূপে অভাৱনীয়ভাৱে অবিৰাম সা-সামগ্ৰীৰ মূল্য বৃদ্ধি হ’লে) মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব নোৱাৰিব। তেনে পৰিস্থিতিত সাধাৰণতে সোণ বা ভূমি বা অন্যান্য পৰিসম্পদহে সঞ্চয়ৰ ভাণ্ডাৰ হৈ পৰিব।
মুদ্ৰাৰ প্ৰথম দুটা কার্যক মুখ্য (primary) আৰু বাকী দুটা কার্যক গৌণ (secondary) কার্য বুলি কোৱা হয়। এই চাৰিটা কাৰ্যৰ উপৰি মুদ্ৰাৰ কেতবোৰ উপ - নিমিত্ত (contingent) কার্যও আছে। যেনে দেশ একোখনৰ জাতীয় আয় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা অর্থনৈতিক বৈষম্য মুদ্ৰাৰ সহায়ত হ্ৰাস কৰিব পাৰি; চহকী শ্ৰেণীটোৰপৰা অধিক কৰ-কাতল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৰ কল্যাণৰ হকে ব্যৱহাৰ কৰিব পাৰে।
প্ৰশ্ন:বহুল অর্থত মুদ্রা কেই প্ৰকাৰৰ ?
উত্তৰ:বহুল অর্থত মুদ্রা দুই প্ৰকাৰৰ -- হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা ।
প্ৰশ্ন: হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা ৰ মাজত পাৰ্থক্য কি ?
উত্তৰ: ক) হিচাপনিকাচৰ মুদ্ৰা এটা ধাৰণাহে; প্রকৃত মুদ্রাও হিচাপ-নিকাচৰ মুদ্ৰা।
খ) হিচাপ-নিকাচৰ মুদ্ৰাৰ ধাৰণাটোৰ পৰিৱৰ্তন নহয়; প্রকৃত মুদ্ৰাৰ ৰূপান্তৰ হয়। আজি যি প্রকৃত মুদ্রা ভবিষ্যতেও সি প্রকৃত মুদ্রা হৈ নাথাকে।
প্ৰশ্ন: মুদ্ৰাৰ শ্ৰেণবিভাজন সম্পৰ্কে লিখা ।
উত্তৰ:প্ৰকৃত মুদ্ৰা বিভিন্ন প্ৰকাৰৰ হব পাৰে। সেইসমূহ হৈছে তলত দিয়া ধৰণৰ:
(১) সামগ্রী মুদ্রা :বিনিময় প্রথাত সামগ্ৰীয়েই আছিল বিনিময়ৰ মাধ্যম। ঃ সামগ্ৰীয়েই আছিল হিচাপ-নিকাচৰ মুদ্ৰা আৰু লগতে প্রকৃত মুদ্রাও।
(২) জন্তু মুদ্রা ঃ জন্তু একোটা (বিশেষকৈ ছাগলী) বিনিময়ৰ মাধ্যম হ'লে জন্তু মুদ্ৰাৰ সৃষ্টি হয়।
(৩) ধাতুগত মুদ্রা : সোণ বা ৰূপৰ গ্রহণযোগ্যতা আছে। এই দুয়োবিধ ধাতু বেলেগে বেলেগে বা একেলগে বিনিময়ৰ মাধ্যম হলে ধাতুগত মুদ্ৰাৰ প্ৰচলন হয়।
(৪) কাগজী মুদ্রা ঃ 'কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে। বিনিময়ৰ মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ ব্যৱহাৰ হৈছে। পূৰ্বৰ কাগজী মুদ্রা সম মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হৈছিল। উদাহৰণস্বৰূপে ১০০ টকাৰ কাগজী মুদ্রা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্রাক প্রতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি) বা পৰিৱৰ্তনীয় কাগজী মুদ্রা বোলা হৈছিল। বৰ্তমানৰ কাগজী মুদ্ৰা হ’ল অ-প্রতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্রা। এই মুদ্রা পূৰ্বৰ দৰে সোণ বা ৰূপলৈ ৰূপান্তৰ নহয়।
(৫) বিহিত মুদ্রা ঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্রা। এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হ'ব ।
(৬) অবিহিত মুদ্রা ঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় অর্থাৎ যি মুদ্রা গ্রহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰাই হ’ব অবিহিত মুদ্রা। (যেনে চেক মুদ্রা)। (৭) আদেশী মুদ্রা : চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্রা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেই মুদ্রাই হ’ব আদেশী মুদ্রা। কাগজী বা ধাতু মুদ্রা আদেশী মুদ্ৰাৰে উদাহৰণ। চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা এই মুদ্রা সমর্থিত।
(৮) প্রতীক মুদ্রা ঃ যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তর্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্রাই হ’ব প্রতীক মুদ্রা।
(৯) চেক মুদ্ৰা: প্ৰকৃততে চেক মুদ্ৰা নহয়; মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাথোন। চেক একোখনৰ সাধাৰণ গ্রহণযোগ্যতা নাথাকে।
(১০) মান মুদ্রা ঃ মান মুদ্ৰা হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য সম্পর্কিত। ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল টকাটো। এক পইচা হ’ব টকাটোৰ ১০০ ভাগৰ এভাগ।
(১১) তপত মুদ্রা ঃ গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা-কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰপৰা মূলধনৰ বৰ্হিগমন হয়। মূলধনৰ বৰ্হিগমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে।
(১২) সংকুচিত মুদ্রা ঃ কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰিলে ঋণ লওতাই কম ঋণ ল’ব আৰু মুদ্ৰাৰ যোগান কমি যাব। সংকুচিত মুদ্ৰাৰ এইদৰেই সৃষ্টি হ'ব।
(১৩) সুলভ মুদ্রা ঃ কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ লওতাই অধিক ঋণ ল’ব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি হ’ব। এইদৰেই সুলভ মুদ্ৰাৰ সৃষ্টি হ'ব।
(১৪) ক’লা মুদ্রা : ক’লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ’ল অর্থনৈতিক অপৰাধ। যেনে আয়কৰ ফাঁকি দিয়াটো অৰ্থনৈতিক অপৰাধ। এই অপৰাধে ক’লা মুদ্ৰাৰ সৃষ্টি কৰিব।
(১৫) উচ্চ ক্ষমতাসম্পন্ন মুদ্রা : দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্রীয় বেংকে প্রত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোৱেই হ'ল উচ্চ ক্ষমতাসম্পন্ন মুদ্রা। এই মুদ্রা নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম-বেচি কৰিব পাৰে।
প্ৰশ্ন: মুদ্ৰাৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ: এটা অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাৰ ভূমিকা অতি
(১) মুদ্রাই বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে। মুদ্রা ব্যৱস্থাত বিনিময় প্রথাৰ অসুবিধাবোৰ আঁতৰ হ’ল। মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে।
(২) যি ব্যৱস্থাত বজাৰৰ চাহিদা আৰু যোগানে উৎপাদন প্রক্রিয়াটো নিয়ন্ত্ৰণ কৰে, অথচ চৰকাৰী নীতি-নিৰ্দেশনাই নকৰে সেই ব্যৱস্থাটোৱেই হ'ল বজাৰকেন্দ্রিক অর্থনীতি। বজাৰকেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্যৱস্থা হ'ল এক প্রধান বৈশিষ্ট্য। দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল। অর্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময় মূল্য।
(৩) যি ব্যৱস্থাত চৰকাৰী সিদ্ধান্তইহে উৎপাদন প্রক্রিয়া নিৰ্ধাৰণ কৰে, বজাৰে নকৰে সেই ব্যৱস্থাতো সম্পদৰাজিৰ মূল্য মুদ্ৰাৰ মাধ্যমতহে প্ৰকাশ কৰা হয়। মুদ্রা অবিহনে যিকোনো আর্থিক ব্যৱস্থাই অচল হৈ পৰিব।
প্ৰশ্ন: মুদ্ৰাৰ অসুবিধাসমূহ কি কি?
উত্তৰ:মুদ্রাই কেতবোৰ অসুবিধাৰো সৃষ্টি নকৰাকৈ থকা নাই। মুদ্ৰাৰ অসুবিধাসমূহ হৈছে -
(১) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হ’লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্রী কিনিবলৈ ক্রমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। বিশেষকৈ সীমিত আয়ৰ লোকসকল আৰ্থিকভাৱে জুৰুলা হয়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ’লে অর্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধি হ’লে উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্ৰাস হ'লে নিবনুৱাৰ সৃষ্টি হয়।
(২) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে। মুদ্ৰা সর্বস্ব অর্থনীতিত মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্য সৃষ্টি কৰে৷
৩)মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুৰ্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্যুক্তি কৰা নহ'ব।
(৪) মুদ্ৰাৰপৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্রা অর্থনৈতিক অপৰাধ (যেনে আয়কৰ ফাঁকি)ৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয়।
প্ৰশ্ন: বেংক কি?
উত্তৰ:বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে।
প্ৰশ্ন: মন্তে কাক বোলে?
উত্তৰ: ইটালীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহত ধনৰাশি সংগ্ৰহ কৰিবলৈ নিয়োগ কৰা আয়ুক্তসকলক মন্তে বুলি কোৱা হৈছিল।
প্ৰশ্ন: ভাৰতৰ প্ৰথম বেংক টোৰ নাম কি?
উত্তৰ: বেংক অব হিন্দুস্তান।
প্ৰশ্ন: ভাৰতৰ প্ৰথম বেংক টো কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: ১৭৭০ চনত।
প্ৰশ্ন: অসমৰ প্ৰথম বেংক টোৰ নাম কি?
উত্তৰ: গুৱাহাটী বেংক।
প্ৰশ্ন: অসমৰ প্ৰথম বেংক টো কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯২৬ চনত ।
প্ৰশ্ন: দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক কি?
উত্তৰ:কেন্দ্ৰীয় বেংক ।
প্ৰশ্ন:সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক টোৰ নাম কি?
উত্তৰ: ছুইডেনৰ ৰিক্স বেংক ।
প্ৰশ্ন: ছুইডেনৰ ৰিক্স বেংক কেতিয়া স্থ্যাপন কৰা হৈছিল?
উত্তৰ:১৬৫৬ চনত।
প্ৰশ্ন: ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক টোৰ নাম কি?
উত্তৰ: ভাৰতীয় ৰিজাৰ্ভ বেংক ।
প্ৰশ্ন: ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন হৈছিল?
উত্তৰ:১৯৩৫ চনত।
প্ৰশ্ন: কেন্দ্রীয় বেংকৰ প্ৰধান কাৰ্যকেইটা লিখা।
উত্তৰ:কেন্দ্রীয় বেংকে কেইবাটাও কার্য সম্পাদন কৰিব লাগে। তাৰে প্ৰধান কাৰ্যকেইটা তলত ব্যাখ্যা কৰা হ'ল:
১। কেন্দ্রীয় বেংকে কাগজী মুদ্রা ছপা কৰে। কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই।
২)কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে। এই মুদ্রা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ।
৩) কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। কেন্দ্ৰীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু। আর্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল।
৪)কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোতা। কেন্দ্ৰীয় বেংকে নতুন মুদ্রা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়। কেন্দ্রীয় বেংক চৰকাৰৰ পৰামৰ্শদাতাও৷ চৰকাৰৰ আয় নীতি, ৰাজহ নীতি, বাণিজ্য নীতি আদিৰ বিষয়ে কেন্দ্রীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায়। কেন্দ্রীয় বেংকে চৰকাৰৰ প্ৰতিনিধি (Agent) হিচাপে সকলো চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ ৰাখে।
৫) কেন্দ্রীয় বেংক দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক।
৬) কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। যেতিয়া ঋণ লওতা বেংকে ঋণ দিওতা বেংকক ঋণ পৰিশোধ কৰে তেতিয়া ঋণ লওতা বেংকৰ হিচাপৰপৰা ঋণৰ পৰিমাণ বিয়োগ কৰা হয় আৰু ঠিক সেই পৰিমাণটো ঋণ দিওতা বেংকৰ হিচাপত যোগ দিয়া হয়। কেন্দ্রীয় বেংকৰ জৰিয়তে এই লেনদেন প্রক্রিয়া সম্পাদন কৰা হয়।
৭) কেন্দ্রীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। আৰ্থ-সামাজিক উন্নয়নৰ বাবে অগ্রাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিব লাগে। উদাহৰণস্বৰূপে অগ্ৰাধিকাৰ লাভ কৰা কৃষি খণ্ড যাতে প্রয়োজনীয় সম্পদৰ অভাৱত অসুবিধাত নপৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেন্দ্রীয় - বেংকে। ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানত (deposit)ৰ ৪০ শতাংশ হ'ব লাগে।
৮) কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে দেশৰ আৰ্থিক পৰিস্থিতিৰ সময়ে সময়ে খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা, ছাত্ৰ-ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা, কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা ইত্যাদি।
প্ৰশ্ন: অৰ্থনীতিত কেতিয়া বাজেট ঘাটিয়ে দেখা দিয়ে?
উত্তৰ:বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হ'লে বাজেট ঘাটিয়ে দেখা দিয়ে।
প্ৰ্শ্ন: বাণিজ্যিক বেংক কাক বোলে?
যিবিলাক বেংকে কেন্দ্রীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যেক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ-বাণিজ্য আদিত জড়িত কার্য সম্পন্ন কৰে, তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বোলা হয়।
প্ৰ্শ্ন: সঞ্চয় কেই প্ৰকাৰৰ ? কি কি ?
উত্তৰ: সঞ্চয় তিনি প্রকাৰৰ ।
(ক) চলিত আমানত (Current deposit)
(খ) স্থিৰ আমানত বা কাল আমানত (Fixed deposits) আৰু
(গ) সঞ্চয় আমানত ( Savings deposits)।
প্ৰশ্ন: বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি কি ?
উত্তৰ: বাণিজ্যিক বেংকৰ কাৰ্যসমূহ হৈছে -
ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে।
খ) বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে।
গ) বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে।
ঘ) অন্যান্য কার্যাৱলীৰ ভিতৰত আছে আমানতকাৰীৰ মূল্যৱান অলংকাৰ-পাতি, গুৰুত্বপূৰ্ণ নথি-পত্ৰ ইত্যাদিৰ সংৰক্ষক হিচাপে কার্য সম্পাদন কৰা, আমানতকাৰীৰ সা-সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কাৰ্য পালন কৰা ইত্যাদি।
প্ৰশ্ন: ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক (Industrial Development Bank of India বা IDBI কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:১৯৬৪ চনত ।
প্ৰশ্ন: ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক (Industrial Development Bank of India বা IDBI ৰ মূল কাৰ্যসমূহ কি কি ?
উত্তৰ:ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক (Industrial Development Bank of India বা IDBI ৰ মূল কাৰ্যসমূহ হ’ল -
ক) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা।
খ) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰ এই বেংকটোৱে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আর্থিক সাহায্য আগবঢ়ায়। বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায়। যেনে বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায়।
গ) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।
ঘ) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।
প্ৰশ্ন: আঞ্চলিক গ্রাম্য বেংক (Regional Rural Bank) মূল কাৰ্যসমূহ কি কি ?
উত্তৰ: ১৯৭৫ চনত প্ৰথমতে ৫টা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল—
(ক) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু
(খ) গ্ৰাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।
প্ৰশ্ন: ভাৰতবৰ্ষত বর্তমান (২০১৪ চন) কিমান টা আঞ্চলিক গ্রাম্য বৈংক কাৰ্যকৰী হৈ আছে?
উত্তৰ: ৫৭টা ।
প্ৰশ্ন: কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (National Bank for Agriculture and Rural Development,NABARD) কেতিয়া স্থাপন কৰা হয়?
উত্তৰ:১৯৮২ চনত ।
প্ৰশ্ন: নাবার্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ কি কি ?
উত্তৰ: নাবার্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হ’ল -
খ) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে।
গ) সকলোবোৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবার্ডে সমন্বয় ৰক্ষা কৰে।
প্ৰশ্ন: ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (Small Industries Development Bank of India SIDBI) কেতিয়াৰ পৰা কাৰ্যকৰী হৈ উঠে?
উত্তৰ: ১৯৯০ চনৰপৰা ।
প্ৰশ্ন:ছিদ্বিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:লক্ষ্ণৌত ।
প্ৰশ্ন: ছিদ্বিৰ মুখ্য কাৰ্যাৱলী সমূহ কি কি ?
উত্তৰ: ছিদ্বিৰ মুখ্য কাৰ্যাৱলী হ'ল :
ক) ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা;
খ)ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া;
গ)অৰ্ধ-নগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধ-নগৰ এলেকাৰপৰা চহৰলৈ জনসংখ্যাৰ বহির্গমণ ৰোধ কৰা আৰু
ঘ) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থসাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়োৱা।
0 Comments
Comment