আন্তর্জাতিক সংস্থা—ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

আন্তর্জাতিক সংস্থা—ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

 

প্ৰশ্ন: প্রথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ: ১৯১৪ চনত ।


প্ৰশ্ন: 'জাতি সংঘ' কেতিয়া গঠন হৈছিল?

উত্তৰ: ১৯১৯ চনত ।


প্ৰশ্ন:  দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:১৯৩৯ চনত।


প্ৰশ্ন: ‘ৰাষ্ট্ৰসংঘ’কেতিয়া গঠন হৈছিল?

উত্তৰ:১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ।


প্ৰশ্ন: ছানফ্রান্সিস্কো সন্মিলনত সৰ্বমুঠ কিমান ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰিছিল ?

উত্তৰ:  ৫১খন ৰাষ্ট্ৰই ।


 প্ৰশ্ন:  ‘ৰাষ্ট্ৰসংঘ দিৱস' কোন তাৰিখে পালন কৰা হয় ?

উত্তৰ:২৪ অক্টোবৰ তাৰিখে ।


 প্ৰশ্ন:বৰ্তমান ৰাষ্ট্ৰসংঘ কিমান খন সদস্য ৰাষ্ট্ৰৰে গঠিত ?

উত্তৰ:১৯৩খন ।


 প্ৰশ্ন:ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰধান উদ্দেস্য কি?

উত্তৰ: আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা প্রতিষ্ঠা কৰা ।


প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কত অৱস্থিত ?

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত ।


প্ৰশ্ন:  ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যসমূহ লিখা ।

 উত্তৰ: ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যসমূহ হৈছে -

১। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

২। সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

৩।আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।

৪।উল্লিখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কার্য সম্পাদন কৰা।


প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমান টা অনুচ্ছেদ আছে?

উত্তৰ:  ১১১ টা ।


 প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ লিখা ।

উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ এনেধৰণৰ --


 ১) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ'ব।

  ২। ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন  কৰিব লাগিব।

৩। আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।

৪। আন্তর্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য 'ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব। 

৫।চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।

৬। ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।



প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ অংগ সমূহৰ বিষয়ে চমুকে লিখা ।

উত্তৰ:

ৰাষ্ট্ৰসংঘৰ ছটা প্রধান অংগ হ'ল – (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্যাসৰক্ষী পৰিষদ, (৫) আন্তর্জাতিক  ন্যায়ালয় আৰু (৬ সচিবালয়।

(১) সাধাৰণ সভা (General Assembly) : সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই পাঁচজনকৈ প্রতিনিধি পঠাব পাৰে। কিন্তু প্রত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্রদান কৰিব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰেকত এবাৰকৈ বহে। আকাৰত বৃহৎ হোৱা বাবে কেইবাখনো কমিটীৰ জৰিয়তে সাধাৰণ সভাই কাৰ্যসমূহ পৰিচালনা কৰে।

(২) নিৰাপত্তা পৰিষদ (Security Council) : ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱেই হ'ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল— আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্ৰয়োগৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো' দিলে সিদ্ধান্ত গ্রহণ নহয়।

(৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ (Economic and Social Council) ঃ ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত এই পৰিষদৰ সদস্য সংখ্যা আছিল ওঠৰজন। ১৯৬৫ চনত ইয়াৰ সদস্য সংখ্যা ২৭জনলৈ বৃদ্ধি কৰা হয় আৰু ১৯৭৩ চনত এই সংখ্যা ৫৪জনলৈ বৃদ্ধি কৰা হয়। তিনি বছৰীয়া কাৰ্যকালৰ বাবে ইয়াৰ সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদ মতে গঠিত হোৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। ওপৰোক্ত বিষয়বিলাক চোৱা-চিতা কৰি পৰিষদে সাধাৰণ সভালৈ প্রতিবেদন আৰু পৰামৰ্শ পঠাব পাৰে।

 (৪) ন্যাসৰক্ষী পৰিষদ (Trusteeship Council) : ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন হৈছিল। ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত। (ক) ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ, (খ) ন্যাস অঞ্চল্‌ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু (গ) সাধাৰণ সভাই তিনি বছৰৰ বাবে নির্বাচিত কৰি দিয়া সদস্যসকল ৷

(৫) আন্তর্জাতিক ন্যায়ালয় (International Court of Justice) : ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ’ল— আন্তর্জাতিক ন্যায়ালয়। মুঠ ১৫জন ন্যায়াধীশৰ দ্বাৰা গঠিত এই ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। এই আদালতে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য।


( ৬)সচিবালয়(Secretariat) : সচিবালয় হ’ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই সচিবপ্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত। এই সচিবালয়েই ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিবপ্ৰধানক নিয়োগ কৰে। সচিবপ্ৰধানজন নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। সচিবপ্ৰধানৰ কাৰ্যকাল ৫ বছৰ। তেওঁ পুনৰ নিৰ্বাচিত হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্রধানজন আছিল নৰ'ৱেৰ ট্ৰাইভহাল্ডান লী। বৰ্তমানৰ সচিবপ্ৰধানগৰাকী হ’ল দক্ষিণ কোৰিয়াৰ বেন-কি-মুন। 


প্ৰশ্ন: ILO ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সংঘ।


প্ৰশ্ন: WHO ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: বিশ্ব স্বাস্থ্য সংস্থা।


প্ৰশ্ন: UNDP ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ: ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি।


প্ৰশ্ন: UNHRC ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 


প্ৰশ্ন: UNICEFৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ:ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (United Nations International Children's Emergency Fund


প্ৰশ্ন:  UNESCOৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ: ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন (United Nations Educational, Scientific and Cultural Organization )


প্ৰশ্ন:  IMFৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ:আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি (International Monetary Fund )


প্ৰশ্ন:  FAOৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ:খাদ্য আৰু কৃষি সংগঠন (Food and Agriculture Organisation)


প্ৰশ্ন:  বিশ্ব শান্তি প্ৰতিস্থাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভুমিকা সম্পৰ্কে লিখা ।

উত্তৰ: বিশ্বৰ জনগণৰ মনৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়াৰ লক্ষ্যৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হৈছিল।  ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱাৰ পৰা বৰ্তমান সময়লৈকে, এই সুদীর্ঘ কালছোৱাত সমস্যাজৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো ধৰণৰ সমস্যাকে বুজাবুজি আৰু আলোচনাৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই লৈ অহা ভূমিকা নিশ্চয়কৈ আশাপ্রদ আৰু ইতিবাচক।

 বিশ্ব শান্তি প্ৰতিস্থাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভুমিকা :

১)নিৰস্ত্ৰীকৰণ :নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই  লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ । ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ (Disarmament Commission) গঠন কৰে।

২) বিভিন্ন চুক্তিসমুহৰ জৰিয়তে :

 ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ১৯৬৩ চনৰ ‘আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (Partial Nuclear Test Ban Treaty), ১৯৬৭ চনত ‘বহিঃ মহাকাশ চুক্তি' (Outer Space Treaty), ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি' (Nuclear Nonproliferation Treaty), ১৯৭১ চনত ‘সমুদ্রতলি নিয়ন্ত্রণ চুক্তি' (Seabed Control Treaty), ১৯৭২ চনত ‘ছল্ট-১’ চুক্তি (SALT-I, Strategic Arms Limitation Treaty), ১৯৭৯ চনত ‘ছল্ট-২’ চুক্তি (SALT-II), ১৯৯৩ চনত পাৰমানবিক অস্ত্র নিয়ন্ত্রণ চুক্তি (Nuclear Arms Control Treaty), ১৯৯১ আৰু ১৯৯৩ চনত START-1 আৰু START-2 (Strategic Arms Reduction Treaty), ১৯৯৬ চনত ১৫৮খন ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Comprahensive Test Ban Treaty, CTBT)কে ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি স্বাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ বিশ্বলৈ শান্তিৰ বাতাবৰণ অনাত বিশেষ বৰঙণি যোগাইছে। 

৩) প্ৰতিৰোধমূলক কূটনীতি :

২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতি’ (Preventive Diplomacy)ৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটোও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

অৱশ্যে বহু ক্ষেত্রত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী স্থিতি আৰু কোনো কোনো ক্ষেত্রত ৰাষ্ট্ৰসংঘৰ অনুমোদন অবিহনে আমেৰিকাই লোৱা সামৰিক কাৰ্যপন্থাই ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণি আনিছে যাদিও যোৱা সুদীর্ঘ কাল ধৰি বিশ্বযুদ্ধৰ লেখীয়া বৃহৎ যুদ্ধৰ পাৰিৱেশক পাৰাহত কৰি ৰাখিব পৰা কাৰ্যই ৰাষ্ট্ৰসংঘৰ সফলতাক সূচাইছে।

মুঠতে ৰাষ্ট্ৰসংঘক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব সদস্য ৰাষ্ট্ৰসমূহৰ। এই ৰাষ্ট্ৰসমূহৰ সদিচ্ছা, সহযোগিতা আৰু আনুগত্যইহে ৰাষ্ট্ৰসংঘক বলিষ্ঠ কৰিব পাৰিব আৰু বিশ্ব শান্তিৰ দিশটোও আশাব্যঞ্জক হ'ব।


 প্ৰশ্ন:  ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্রতিষ্ঠা হৈছিল?

উত্তৰ:১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে ।


 প্ৰশ্ন:   ৰাষ্ট্ৰসংঘৰ  জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা কিমান আছিল ?

উত্তৰ: ১৮জন।


 প্ৰশ্ন:  মানৱ অধিকাৰ আয়োগ গঠনত ৰাষ্ট্ৰসংঘৰ ভুমিকা লিখা ।

উত্তৰ:  ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে প্রতিষ্ঠা হৈছিল। বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈকে এই স্থায়ী সংগঠনটোৰ জন্ম হৈছিল।  ৰাষ্ট্ৰসংঘৰ  জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা আছিল ১৮জন। ১৯৬২ চনত আয়োগৰ সদস্য সংখ্যা ২১জনলৈ বৃদ্ধি কৰা হয়। পুনৰ ১৯৯০ চনত ইয়াৰ সদস্য সংখ্যা ৫৩জন কৰা হয়। মানৱ অধিকাৰ আয়োগৰ সদস্যসকল তিনি বছৰৰ বাবে নিৰ্বাচিত হয়। সংখ্যাগৰিষ্ঠৰ মতৰ ওপৰত ভিত্তি কৰি আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। আয়োগে মানৱ অধিকাৰ উলংঘা সম্পর্কীয় অভিযোগ গ্রহণ কৰে আৰু তেনে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰপৰা প্ৰতিবেদন বিচাৰে।


প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্র কেতিয়া গ্রহণ  কৰিছিল?

উত্তৰ:১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ।


প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ কোনটো অংগই মানৱ অধিকাৰ ঘোষণাপত্রখন গ্রহণ  কৰিছিল?

উত্তৰ:ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ।


প্ৰশ্ন:  মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ: ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।


প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্রত কিমানটা অনুচ্ছেদ আছে?

উত্তৰ: ৩০ টা ।


প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্রত কিমানটা প্ৰস্তাৱনা  আছে?

উত্তৰ: ১ টা ।


 প্ৰশ্ন:  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে কিমান খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে?

উত্তৰ :৪৮ খন ।


প্ৰশ্ন: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্রৰ মূল উদ্দেশ্য দুটা কি কি ?

 উত্তৰ:ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ ঘোষণাপত্রৰ মূল উদ্দেশ্য দুটা হৈছে -

১) প্ৰথম, বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে । 

) দ্বিতীয়, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। 


প্ৰশ্ন: ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰ: ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে।


প্ৰশ্ন: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য সমূহক কোনে নিযুক্তি দিয়ে?

উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।


প্ৰশ্ন: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য সমূহক কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে?

উত্তৰ: ৫ বছৰৰ বাবে ।


প্ৰশ্ন: জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: লণ্ডনত।


প্ৰশ্ন: এমনেষ্টি ইন্টাৰেছনেলৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: লণ্ডনত।


প্ৰশ্ন: উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: ব্ৰুছেলছত । 


প্ৰশ্ন: আন্ত:ৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি অভিকৰণৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ : সংযুক্ত আৰৱ এমিৰেটছ।


প্ৰশ্ন: এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগমৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: ছিংগাপুৰ।


প্ৰশ্ন: দক্ষিণ - পূব এছীয় জাতিসমূহৰ সংস্থাৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: জাকাৰ্টা ত।


প্ৰশ্ন: আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: ডুবাই ত।


প্ৰশ্ন: আন্ত:ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচনৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: জুৰিক ত।


প্ৰশ্ন: আন্ত:ৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: লৌচেন, চুইাৰলেণ্ড ।



প্ৰশ্ন: দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ: কাঠমাণ্ডু ত।








Post a Comment

0 Comments