প্ৰশ্ন: ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল?
উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ।
প্ৰশ্ন: এখন স্বাধীন আৰু গণতান্ত্রিক ৰাষ্ট্ৰৰ বাবে অতিকৈ প্ৰয়োজনীয় কি ?
উত্তৰ:এখন সংবিধান ।
প্ৰশ্ন: 'সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক। ' ---- বহলাই লিখা ।
উত্তৰ:'সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক। 'এখন সংবিধান নহ'লে যেনেকৈ এখন প্রকৃত গণতান্ত্রিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও অর্থহীন।
প্ৰশ্ন: ১৯৪৫ চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত ক্ষমতালৈ আহিছিল?
উত্তৰ:শ্রমিক দল ক্ষমতালৈ আহিছিল ।
প্ৰশ্ন: ‘কেবিনেট মিছন কিয় ভাৰতবৰ্ষলৈ আহিছিল?
উত্তৰ: ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন’ ভাৰতবৰ্ষলৈ আহিছিল।
প্ৰশ্ন: ‘কেবিনেট মিছন কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল?
উত্তৰ:১৯৪৬ চনৰ মাৰ্চ মাহত ।
প্ৰশ্ন: ‘কেবিনেট মিছন' ইংলেণ্ডৰ কিমান জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট?
উত্তৰ:তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট ।
প্ৰশ্ন: ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো লিখা ।
উত্তৰ:
“আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্রকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সম-মর্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাব বৃদ্ধি কৰিবলৈ --আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলো।”
*১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্রস্তাবনাত 'সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ' আৰু 'ঐক্য' শব্দকেইটা নাছিল। ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ ৪২তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্ৰস্তাৱনাত সংযোগ কৰা হয়।
প্ৰশ্ন: সংবিধানৰ খচৰা কমিটিৰ সদস্যসকলৰ নাম লিখা ।
উত্তৰ:সংবিধানৰ খচৰা কমিটিৰ সদস্যসকল হৈছে --
ক) ড° বি আৰ আম্বেদকাৰ (সভাপতি)
খ) এন গোপালস্বামী আয়েংগাৰ
গ) আলাদি কৃষ্ণস্বামী আয়াৰ
ঘ) কে এম মুন্সি
ঙ)চৈয়দ মহম্মদ চাদুল্লা
চ)এন মাধৱ ৰাও
ছ) ডি পি খৈটান
প্ৰশ্ন:‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্রিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা ।
বা
ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
উত্তৰ :ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল- 'সার্বভৌম' (Sovereign), 'সমাজবাদী' (Socialist), 'ধৰ্মনিৰপেক্ষ' (Secular), 'গণতান্ত্রিক' (Democratic) আৰু 'প্রজাতন্ত্র' (Republic)। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্রতিফলিত হৈছে ।
ক)সার্বভৌম (Sovereign) : ভাৰতবৰ্ষ এখন সার্বভৌম ৰাষ্ট্ৰ। সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
খ) সমাজবাদী (Socialist) : ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাঁকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্রতিষ্ঠা হ’ব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহ'ব।
গ) ধৰ্মনিৰপেক্ষ (Secular) : ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ’ব৷ ইয়াত চৰকাৰী ধর্মবুলি কোনো ধর্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধর্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্রহ প্ৰদৰ্শন নকৰিব। উল্লেখ্য যে এই শব্দটো প্ৰস্তাৱনাত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট হৈছে।
ঘ)গণতান্ত্রিক (Democratic) : ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।
ঙ)গণৰাজ্য (Republic) : ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ’ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্রমিক নহ’ব অথবা কোনোবাই বাছনি কৰা ব্যক্তি নহ'ব।
ইয়াৰ উপৰি প্ৰস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনগণই দেশখনত ন্যায় (justice), স্বাধীনতা (liberty ), সমতা (equality) আৰু ভাতৃত্ববোধ (fraternity) প্রতিষ্ঠা কৰিব। ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ উল্লেখেৰে সংবিধান প্রণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে।
প্ৰশ্ন: সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল?
উত্তৰ: ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ।
প্ৰশ্ন: কেতিয়া নেহৰুৱে উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল ?
উত্তৰ: ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ।
প্ৰশ্ন: সংবিধান সভাই উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱখিনি কেতিয়া গ্ৰহণ কৰে ?
উত্তৰ:১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে ।
প্ৰশ্ন: নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা।
উত্তৰ:নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পর্কিত প্রস্তাব মূল বিষয়সমূহ এনেধৰণৰ-----
ক) সংবিধান সভাই ভাৰতবৰ্ষক ‘স্বাধীন, সার্বভৌম, প্রজাতন্ত্র (Independent Sovereign Republic) হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ (পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়)।
খ) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভুখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ (Union of states) গঠিত হ'ব।
গ)ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা হ'ব।
ঘ) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।
ঙ)দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব।
চ)আন্তর্জাতিক সু-সম্পর্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযোগিতা আগবঢ়াব।
ছ)জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।
জ)সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মর্যাদা লাভ কৰিব।
নেহৰুৰ উপৰোক্ত উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱসমূহক মূল আধাৰ কৰি লৈ আৰু দেশৰ হেজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিক গুৰুত্ব দি সংবিধান প্রণেতাসকলে সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল।
প্ৰশ্ন: যুক্তৰাষ্ট্ৰ শব্দটো কি শব্দৰ পৰা আহিছে ?
উত্তৰ:লেটিন শব্দ ‘Foedus’শব্দৰ পৰা আহিছে ।যাৰ অৰ্থ হৈছে ‘চুক্তি’ অথবা ‘সন্ধি'।
প্ৰশ্ন:যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?
উত্তৰ:যুক্তৰাষ্ট্ৰ হ’ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। ইয়াত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে।
প্ৰশ্ন: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট সমুহ লিখা ।
উত্তৰ : ক) দুখলপীয়া চৰকাৰ ( কেন্দ্ৰ আৰু ৰাজ্য)
খ) ক্ষমতাৰ ভাগ - বিতৰণ ।
প্ৰশ্ন: সংবিধানৰ পাতনি কি?
উত্তৰ:প্ৰস্তাৱনা ।
ৰ্প্ৰশ্ন: সংবিধানৰ আত্মা (soul), বিবেক (conscience), দুৱাৰদলি (threshold) আৰু চাবিকাঠি (keys) বুলি কাক কোৱা হয় ?
উত্তৰ: প্রস্তাৱনাক ।
প্ৰশ্ন: প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে' বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে কি স্পষ্ট কৰিছে ?
উত্তৰ: প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে' বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।
প্ৰশ্ন: সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল ?
উত্তৰ:১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে ।
প্ৰশ্ন: সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?
উত্তৰ: ড° সচ্ছিদানন্দ সিন্হাই ।
প্ৰশ্ন: সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?
উত্তৰ: ড° ৰাজেন্দ্ৰ প্ৰসাদ ।
প্ৰশ্ন: সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত এই সভাৰ মুঠ কিমান খন বৈঠক বহিছিল ?
উত্তৰ: ১১ খন ।
প্ৰশ্ন: সংবিধান সভাই কেতিয়া এখন খচৰা কমিটি (Drafting Committee) গঠন কৰিছিল?
উত্তৰ:১৯৪৭ চনৰ ২৯ আগষ্টত ।
প্ৰশ্ন: সংবিধান সভাৰ খচৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল ?
উত্তৰ:ড° বি আৰ আম্বেদকাৰ ।
প্ৰশ্ন: ভাৰতীয় সংবিধানখন কেতিয়া গ্ৃহীত কৰা হৈছিল?
উত্তৰ: ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ।
প্ৰশ্ন: ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী বা বলৱৎ হৈছিল?
উত্তৰ:১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ।
প্ৰশ্ন:১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কিহৰ ভিত্তিত চলিছিল?
উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি।
প্ৰশ্ন: পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কত হৈছিল?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰত।
প্ৰশ্ন: ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়?
উত্তৰ: আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কোৱা হয়।
প্ৰশ্ন: আমাৰ সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কাৰ সংবিধানখন অনুসৰণ কৰিছিল?
উত্তৰ: কানাডা যুক্তৰাষ্ট্ৰৰ ।
প্ৰশ্ন: কি কাৰণে আমেৰিকাৰ সংবিধানখন অনুকৰণ নকৰি সংবিধানৰ ৰচকসকলে কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল ?
উত্তৰ: আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি। য'ত অংগৰাজ্যবিলাকক অধিক স্বতন্ত্রতা দিয়াৰ লগতে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। আমাৰ সংবিধান প্রণেতাসকলে এটা কথা বুজি পাইছিল যে নতুনকৈ জন্ম পোৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্রতা দিয়া হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব। সেইবাবেই তেওঁলোকে আমেৰিকাৰ সংবিধানৰ পৰিৱৰ্তে কানাডাৰ সংবিধানত থকা ‘ঢিলা যুক্তৰাষ্ট্ৰ' (Loose federation) ব্যৱস্থাৰ অনুকৰণত ভাৰতবৰ্ষত এক ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিল। আচলতে আমেৰিকাৰ আৰ্হিত আমাৰ দেশত প্ৰকৃত যুক্তৰাষ্ট্ৰৰ প্ৰৱৰ্তন নকৰাৰ বাবেই সংবিধানৰ কোনো ঠাইতে যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই। তাৰ পৰিৱৰ্তে সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ' (Union of States) বুলি ঘোষণা কৰা হৈছে।
প্ৰশ্ন: সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক কিয় ‘অর্ধযুক্তৰাষ্ট্ৰ' (Quasi federal), 'ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰ' (Peculiar federation), ‘কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ’ (Centralised federation), ‘গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্রিক’ (Federal in form but unitary in spirit) বুলি অভিহিত কৰিছে?
উত্তৰ:ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট থকা সত্ত্বেও আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে। সেইবাবেই সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক ‘অর্ধযুক্তৰাষ্ট্ৰ' (Quasi federal), 'ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰ' (Peculiar federation), ‘কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ’ (Centralised federation), ‘গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্রিক’ (Federal in form but unitary in spirit) বুলি অভিহিত কৰিছে।
প্ৰশ্ন: আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যোৱাৰ অধিকাৰ আছেনে?
উত্তৰ: নাই।
প্ৰশ্ন: অন্য যুক্তৰাষ্ট্ৰত থকাৰ দৰে আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা আছেনে?
উত্তৰ: নাই।
প্ৰশ্ন: ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰত থকা এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য সমুহ লিখা ।
উত্তৰ: ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰত থকা এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য সমুহ হৈছে _
ক) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। যদিও সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে তথাপি সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্রীভূত হৈ থাকে।
খ) অংগৰাজ্যবিলাকত থকা ৰাজ্যপালসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই। ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে।
গ) আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত ‘দ্বৈত নাগৰিকত্ব’ (Dual citizenship)ৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ’ব নোৱাৰে।
প্ৰশ্ন: ভাৰতবৰ্ষত ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো কি আছিল?
উত্তৰ:ভাৰতবৰ্ষত ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো আছিল— দেশৰ সাৰ্বভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা।
প্ৰশ্ন: ‘ছাৰকাৰিয়া আয়োগ’ (Sarkaria Commission) কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৮৩ চনত ।
প্ৰশ্ন: ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰক কিয় ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ' (Cooperative federation) বুলি কোৱা হয়?
উত্তৰ:ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ’ল ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ' (Cooperative federation)।
প্ৰশ্ন: সংসদীয় গণতন্ত্র কি?
উত্তৰ: সংসদীয় গণতন্ত্র হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্রতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। জনপ্রতিনিধিৰে গঠিত এনে সন্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ (congress) আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ (parliament) বোলা হয়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত। লোকসভা আৰু ৰাজ্যসভা নামৰ এই দুখন সদনৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিজনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্রাধান্য দি পৰিচালিত হোৱা গণতান্ত্রিক ব্যৱস্থাকে সহজ অৰ্থত সংসদীয় গণতন্ত্র বুলিব পাৰি।
প্ৰশ্ন: কোনখন আইনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল?
উত্তৰ: ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে।
প্ৰশ্ন: ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পার্থক্যকেইটা কি কি ?
উত্তৰ: ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পার্থক্যকেইটা হৈছে --
ক) প্রথম, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্র গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধান (ৰাষ্ট্ৰপতি)জন জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি।
খ) দ্বিতীয়, ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লৰ্ডছতকৈ বহু পৃথক।
গ) তৃতীয়, ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অত্যন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়।
0 Comments
Comment