পটভূমি:
কেন্দ্ৰই বিদ্যুৎ খণ্ডৰ উন্নতিৰ ক্ষেত্ৰত অসম চৰকাৰক সকলো প্ৰয়োজনীয় সমৰ্থন আগবঢ়াবঃ প্ৰহ্লাদ যোশী।
এনএলচি ইণ্ডিয়া লিমিটেড (এনএলচিআইএল) আৰু এপিডিচিএলয়ে অসমত ১০০০ মেগাৱাট নৱীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপন কৰিব।
এনএলচি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (এপিডিচিএল) মাজত সেউজ শক্তিৰ উৎসৰ সৈতে পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনীয় শক্তিৰে নাগৰিকসকলক সৱলীকৃত কৰাৰ বাবে বুজাবুজিচুক্তি স্বাক্ষৰিত কৰা হয়।
সবিশেষ:
কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এনএলচি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আজি গুৱাহাটীত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। সেউজ শক্তিৰ উৎস ব্যৱহাৰ কৰি পৰিস্থিতি তন্ত্ৰ বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক প্ৰয়োজনীয় শক্তিৰে সৱলীকৃত কৰাৰ লক্ষ্যৰে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। অসমত মুঠ ১০০০ মেগাৱাট সৌৰ শক্তি উৎপাদন কৰা হ'ব।
এনএলচি ইণ্ডিয়া লিমিটেডৰ হৈ এই বুজাবুজি চুক্তিত এনএলচি ইণ্ডিয়া লিমিটেডৰ (এনএলচিআইএল) সঞ্চালক (পৰিকল্পনা আৰু প্ৰকল্প) শ্ৰী কে মোহন ৰেড্ডিয়ে স্বাক্ষৰ কৰে আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (এপিডিচিএল) হৈ এপিডিচিএলৰ পৰিচালন সঞ্চালক শ্ৰী ৰাকেশ কুমাৰে স্বাক্ষৰ বহন কৰে।
চুক্তিখনৰ লক্ষ্য :
১) সেউজ শক্তিৰ উৎসৰ সৈতে পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাৰ সময়ত নাগৰিকসকলক প্ৰয়োজনীয় শক্তিৰে সৱলীকৃত কৰা আৰু স্বচ্ছ শক্তিৰ উৎপাদন বৃদ্ধি কৰা। যুটীয়া উদ্যোগ কোম্পানীটোৱে জলবিদ্যুৎ প্ৰকল্পকে ধৰি সকলো নৱীকৰণযোগ্য শক্তি উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰিব। কোম্পানীটোৱে এই প্ৰকল্পবোৰৰ পৰা উৎপাদিত বিদ্যুৎ এপিডিচিএল আৰু ৰাজ্যৰ ভিতৰত বা বাহিৰৰ অন্যান্য গ্ৰাহকসকলক যোগান ধৰিব।
ইয়াৰ সুবিধাসমূহ:
১) প্ৰহ্লাদ যোশীয়ে কয় যে এই পদক্ষেপে ৰাজ্যখনৰ শক্তি খণ্ডক উৎসাহিত কৰিব। বৰ্তমান দ্ৰুত বৈদ্যুতিকীকৰণৰ ফলত দেশ আৰু ৰাজ্যসমূহতো বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে। ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল আৰু সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী অৰ্থনীতি বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ইয়াৰ বিকাশৰ আকাংক্ষা পূৰণ কৰিবলৈ অধিক শক্তি উৎপাদন কৰিব লাগিব যাতে ই বাধাহীনভাৱে দ্ৰুতগতিত আগবাঢ়িব পাৰে।
২) এই প্ৰকল্প টোৰ যোগেদি আশা কৰা হৈছে যে নিৰ্মাণ পৰ্যায়ত ৰাজ্যখনত প্ৰায় ১০০০ ৰ পৰা ২০০০ জন লোকৰ নিযুক্তি সৃষ্টি হ'ব।
৩)মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে এনএলচিআইএল আৰু এপিডিচিএলৰ মাজত যুটীয়া উদ্যোগে ৰাজ্যখনত ১০০০ মেগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰিবলৈ সক্ষম হ'ব।
0 Comments
Comment