অসমৰ বিষয়ে সাধাৰণ আভাষ থকাটো সকলো অসমীয়াৰ বাবেই গৌৰবৰ বিষয়। ইয়াৰ উপৰিও প্ৰায়ভাগ প্ৰতিযোগিতা মূলক পৰীক্ষাত অসমৰ বিষয়ে সোধা হয়। তাৰেই উদ্দেশ্য কৰি এই পোষ্টটো বনোৱা হৈছে। আশাকৰোঁ ইয়াৰ পৰা সকলোৱে অসমৰ বিষয়ে কিছু কথা শিকিব পাৰিব।
১) অসমৰ মাটিকালি কিমান?
উত্তৰ: ৭৮,৪৩৮ বৰ্গ কিঃমিঃ।
২) ভাৰতৰ কিমান শতাংশ মাটিকালি অসমে আগুৰি আছে?
উত্তৰ: ২.৩৯ শতাংশ।
৩) আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাই অসমক কিমান আগুৰি আছে?
উত্তৰ: ৩২০০ কিঃমিঃ।
৪) Indian Village Community গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ: লৰ্ড বেডেন পাৱেল।
৫) অসম ৰাষ্ট্ৰখন কেতিয়া গঠন হৈছিল?
উত্তৰ: ২৬ জানুৱাৰী,১৯৫০ চনত।
৬) অসমৰ ৰাজধানী কি?
উত্তৰ: দিছপুৰ।
৭) অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ৩,১২,০৫,৫৭৬ জন।
৮) অসমত কিমান খন জিলা আছে ?
উত্তৰ: ৩৫ খন।
৯) শৰাইঘাট দলঙ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ৭ জুন,১৯৬৩ ।
১০) শৰাইঘাট দলঙৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: ১.২৯ কিলোমিটাৰ।
১১) কলিয়া ভোমোৰা দলঙ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ১৪ এপ্ৰিল,১৯৮৭ ।
১২) কলিয়া ভোমোৰা দলঙৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: ৩.০৫ কিলোমিটাৰ।
১৩) নৰনাৰায়ণ সেতু কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ১৫ এপ্ৰিল, ১৯৯৮ ।
১৪) নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: ২.৩০ কিলোমিটাৰ।
১৫) নতুন শৰাইঘাট দলঙ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ২৯ জানুৱাৰী,২০১৭ ।
১৬) নতুন শৰাইঘাট দলঙৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: ১.৫০ কিলোমিটাৰ।
১৭) বগীবিল দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ২৫ ডিচেম্বৰ,২০১৮ ।
১৮) বগীবিল দলং ৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: ৪.৯৪ কিলোমিটাৰ।
১৯) মানস নদীৰ উপনদীৰ নাম কি?
উত্তৰ: আই।
২০) কপিলী নদীৰ এটা উপনদীৰ নাম কোৱা?
উত্তৰ: বৰাপানি।
0 Comments
Comment