মহাভাৰতৰ সাধু

মহাভাৰতৰ সাধু

 


                            মহাভাৰতৰ সাধু






এই প্ৰবন্ধটোত মহাভাৰতৰ সাধু এটা লিখিবলৈ প্ৰয়াস কৰা হৈছে। বিশেষকৈ কণ কণ ছাত্ৰ - ছাত্ৰী সকলক উদ্দেশ্য কৰি লিখা হৈছে।


একসময়ত আমাৰ ভাৰতবৰ্ষত কৌৰৱ আৰু পাণ্ডৱ সকল বসবাস কৰি আছিল । পাণ্ডুৰ মৃত্যুৰ পিছত পাণ্ডৱ সকল কৌৰৱ সকলৰ লগত থাকিয়েই ডাঙৰ দীঘল হৈছিল। পাণ্ডুৰ মৃত্যুৰ পিছত ধৃতৰাষ্ট্ৰ ৰাজ সিংহাসনত বহিছিল। কিন্তু ৰজা ধৃতৰাষ্ট্ৰ এজন শাৰীৰিক আৰু মানসিকভাবে এজন অন্ধ ব্যক্তি আছিল । তেওঁৰ নিজৰ পুত্ৰৰ প্ৰতি থকা অত্যধিক মোহে তেওঁক মানসিকভাবে দুৰ্বল কৰি তুলিছিল। তেওঁ প্ৰিয় পুত্ৰ  দুৰ্যোধনৰ প্ৰতি অধিক চিন্তিত আছিল।  ইয়াৰ উপৰিও কুৰু বংশত দুৰ্যোধনৰ মামা  সকুনিৰ হস্তক্ষেপ আছিল অতি গুৰুত্বপূৰ্ণ।


এটা সময়ত কৌৰৱ আৰু পাণ্ডৱ সকল ডাঙৰ হৈ ৰাজ্যভাৰ লব পৰা হৈছিল। পৰম্পৰা অনুসৰি পাণ্ডৱৰ যুধিষ্ঠিৰ ৰজা হোৱাৰ যোগ্য আছিল , কাৰণ তেওঁ জেষ্ঠ ভাতৃ আছিল। কিন্তু ইয়াত দুৰ্যোধনৰ হস্তক্ষেপ আছিল। আৰু ঘটনা  অনুক্ৰমে পাণ্ডৱ সকলক ইন্দ্ৰপ্ৰস্থ নামৰ এখন সৰু ঠাইত থাকিবলৈ দিছিল। কিন্তু পাণ্ডৱসকলে সেই সৰু ইন্দ্ৰপ্ৰস্থ নগৰী খন শ্ৰী কৃষ্ণ আৰু বলৰাম ৰ সহায়ত অতি আটক - ধুনীয়াকৈ সজাই পৰাই তুলিছিল । 


এবাৰ ইন্দ্ৰপ্ৰস্থ নগৰীৰ ৰজা যুধিষ্ঠীৰ য়ে যজ্ঞ পতাৰ আয়োজন কৰিলে । তেওঁ যজ্ঞৰ কাৰণে বিভিন্ন দেশৰ ৰজা মহাৰজা সকলক নিমন্ত্ৰণ জনালে। লগতে কৌৰৱ সকলকো নিমন্ত্ৰণ জনালে। সেই অনুক্ৰমে দুৰ্যোধন  তেওঁৰ মিত্ৰ কৰ্ণক লৈ যজ্ঞ লৈ গল। তাত গৈ পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ নগৰী খন দেখি দুৰ্যোধন অতি মোহিত হল আৰু ইন্দ্ৰপ্ৰস্থ খন নিজৰ কৰি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে । তেঁও তেওঁৰ মোমায়েক সকুনিক সমস্ত কথা বিবৰি কলে। আৰু সকুনিয়েও ভাগিন দুৰ্যোধনক সমৰ্থন কৰি ইন্দ্ৰপ্ৰস্থ নিজৰ ফলীয়া কৰাত মন মেলিলে। 


এদিনাখন সকুনিয়ে ভাবি উলিয়ালে যে কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশা খেলৰ আয়োজন কৰা হওঁক। তাত কৌৰৱৰ ৰজা ধৃতৰাষ্ট্ৰয়ো অনুমতি দিলে । সকুনীৰ ছল - কপটত পৰি সেই পাশা খেলত পাণ্ডৱ সকলে নিজৰ সমস্ত ৰাজ্য ধন হেৰুৱাই বনবাস খাটিব লগীয়া হৈছিল।



এদিনাখনৰ কথা । পাণ্ডৱ সকল বনবাস খাটি আছে। এনেতে এদিন দুৰ্বাসা ঋষি কৌৰৱ সকলৰ ঘৰত গল। দুৰ্যোধনে দুৰ্বাসা ঋষি আৰু লগৰীয়া সকলক অতি তৃপ্তিৰ ভোজন কৰালে। আৰু দুৰ্বাসা ঋষিৰ বিদাই ৰ সময়ত এবাৰ তেওঁ দুৰ্বাসাক কৌৰৱৰ ওচৰলৈ যাবলৈও অনুৰোধ কৰিলে । আচলতে দুৰ্যোধনে ভাবিলে যে বনবাসী পাণ্ডৱ সকলে দুৰ্বাসাক একো ভোজন দিব নোৱাৰিব আৰু দুৰ্বাসা ই শাপ দি পাণ্ডৱক ভষ্ম কৰিব।


 দুৰ্যোধনৰ কথামতে দুৰ্বাসা মুনিয়েও পাণ্ডৱৰ আশ্ৰমলৈ গল। আৰু মুনিয়ে যুধিষ্ঠিৰক তেওঁৰ ঘৰত ভোজন কৰিব বুলি কৈ সৰোবৰত গা  ধুবলৈ গল। তেতিয়া পাণ্ডৱ সকলৰ হাহাকাৰ লাগিল । কাৰণ তেওঁলোকে সেই সময়ত খুজি অনা চাউল অলপ আছিল তাকে ৰান্ধি বাঢ়ি খাই উঠিল। আৰু দুৰ্বাসা আৰু তেওঁৰ লগৰীয়া সকলক ৰান্ধি দিবৰ কাৰণে অলপো চাউল নাছিল । এতিয়া দুৰ্বাসাৰ শাপত ভষ্ম যাব লাগিব বুলি তেওঁলোকৰ চিন্তা লাগিল । 



এনে সময়তে শ্ৰী কৃষ্ণ তেওঁলোকৰ ওচৰলৈ আহিল আৰু শ্ৰী কৃষ্ণয়ো দ্ৰৌপদীক খোৱা বস্তু খুঁজিলে। দ্ৰৌপদীয়ে কলে যে ৰান্ধি বাঢ়ি খাই বাচন বৰ্তন ধুই থলো , এতিয়া দিবলৈকে একো নাই ঘৰত । পঞ্চালীয়ে আৰু কলে যে দুৰ্বাসাতকৈ তোমাক একো দিব নাপাই হে অতি লজ্জিত হলো। এনেতে কৃষ্ণই কলে যে থালীৰ কাষত কিবা অলপ শাক লাগি আছে , মোক তাকে দিয়া । কৃষ্ণৰ কথা মতে পাঞ্চালীয়েও থালীৰ কাষত লাগি থকা শাক কন কৃষ্ণৰ হাতত দিলে । কৃষ্ণই অতি তৃপ্তিৰে সেই শাক কণ খালে । তাৰ লগে লগে দুৰ্বাসা মুনি আৰু তেওঁৰ লগৰীয়া কেইগৰাকীৰো ভোক আঁতৰিল। 


অৰ্থাৎ যদি ভগৱান সন্তুষ্ট হয় তেন্তে সমস্ত জগত সন্তুষ্ট থাকে। 


মূল কথা: বিপদ সকলোৰে ওচৰলৈ আহে , কিন্তু বিপদৰ সময়ত হৰি ভক্তিৰ স্মৰণে মানুহক সেই বিপদৰ পৰা কিছু পৰিমাণে হলেও ৰক্ষা কৰে। এই কথাটো পাণ্ডৱ সকলৰ পৰাই জানিব পাৰি।



Post a Comment

0 Comments